আমাৰে সখিয়া আকুল বিয়াকুলে


আমাৰে সখিয়া আকুল বিয়াকুলে

সপোনৰ হাঁহিটি চাই,।।

সপোনত কোঁৱৰে আহুদি আনিলে

মতলীয়া সখি খাই।।

দিঠকৰ বাতৰি সপোনত মিলিলে

আছিল সখী বাটে চাই।।

ফাগুনৰ বতাহে গাতে ছাটি মাৰে-

গাতে ছাটি মাৰি যায়।

আমাৰে সখিয়া আকুল বিয়াকুলে

সপোনৰ হাঁহিটি চাই,।।

হাঁহি চুমাৰ পৰশনৰ জুতি পাি সখীয়াৰ

গাতে উৱাদিহৈ নাই।।

সখিয়াৰে গাতে উৱাদিহে নাই।

আমাৰে সখিয়া আকুল বিয়াকুলে

সপোনৰ হাঁহিটি চাই,।।



Post ID : DABP002505