আজি, গানৰ শৰাই পাতিলোঁ


   আজি গানৰ শৰাই পাতিলোঁ


প্ৰাণৰ শৰাই পাতিলোঁ


বিশ্বথাপনাত বিশ্বথাপনাত


মোৰ পূজালৈ মাতিলোঁ, মোৰ পূজালৈ মাতিলোঁ


বিশ্ব জনতাক বিশ্ব জনতাক


থাপনাত মই থাপিলোঁ


শুদ্ধ স্বত্ব সুন্দৰতাক ...


আজি গানৰ শৰাই পাতিলোঁ

 

আজি সোণৰ শৰাই পাতিলোঁ


ৰূপৰ শৰাই পাতিলোঁ


দুখৰ শৰাই


চকুপানীৰ মুকুতাৰেই ভৰাই


পাতিলোঁ অ’ পাতিলোঁ ।


তোকো মাতিলোঁ


তাকো মাতিলোঁ।।


মাতিলোঁ।।


জনতাকো মোৰ পূজালৈ


মাতিলোঁ মাতিলোঁ


আজি গানৰ শৰাই পাতিলোঁ ।


 


মোৰ বেদনাত


হীৰা মাণিক যদি কিবা ফুলে


মোৰ সাধনাত নৱলোকৰ ৰামধেনুখন


যদিহে জ্বলে


সংস্কৃতি মোৰ জাতিষ্কাৰ


যদি ফুলে ফলে


অৰ্ঘা-কোষা পূৰ্ণ কৰি বিশ্ব তীৰ্থ জ্বলে


মাতিলোঁ মই মাতিলোঁ


তোকো মাতিলোঁ


তাকো মাতিলোঁ।।


মাতিলোঁ।।


জনতাকো মোৰ পূজালৈ মাতিলোঁ


মাতিলোঁ আজি


আজি গানৰ শৰাই পাতিলোঁ ।।


নিমন্ত্ৰণৰ আমন্ত্ৰণৰ


মন্ত্ৰ বোধনৰ


উদ্বোধনৰ


চিৰ সুন্দৰৰ।।


জনতাকো মোৰ পূজালৈ মাতিলোঁ


মাতিলোঁ আজি


আজি গানৰ শৰাই পাতিলোঁ ।।


Post ID : DABP002502