কোন কোন আহিছা আইক পূজিবলৈ


কোন কোন আহিছা আইক পূজিবলৈ

আই পূজাৰ বেলি হ'ল ! (সমনীয়া অ')

সাজু হ'বৰে হ'ল ডেকা লৰা ! সাজু হ'বৰে হ'ল,

সাজু বহবৰে হ'ল অ' সাজু হ'বৰে হ'ল।

পৰ কিয় বাৰু ? পদানত কিয় তোৰ শিৱ অৱনত

কিয় পাহৰিলি বিজয়ী বাহুৰ বল,

তোৰ অস্ত্ৰ কোনিনো গ'ল ?

অস্ত্ৰ বিচাৰি ল' তই অস্ত্ৰ বিচাৰি ল' ।

এন্ধাৰত তই থাকিবি কিয়নো

জগত পোহৰ হ'ল।

জগতত সৌৱা জ্ঞান বিয়পিছে

তোৰ দুৱাৰ বন্ধ ৰ'ল-

দুৱাৰ মুকলি কৰ অসমীয়া

তোৰ জ্যোতিস্নান কৰিবৰ হ'ল

নাহিবি নুচুবি বুলি কিয় তই

আপোনাক কৰিবি পৰ অ' 

আলাই- আথানি হোৱা ভায়েকৰ

সাৱটি ল'বৰে হ'ল

দিখিছনে সৌ মাতৃ জননী, তেনেয়ে নিছলা হ'ল

অ' অসমীয়া ! অ' অসমীয়া !  

অ' অসমীয়া ! অ' অসমীয়া অ'।।

তোৰ তপ্ত ৰুধিৰ ঢালি আয়েৰক

শক্তি দিবৰে হ'ল।

আইৰ পূজাৰ বেলি হ'ল (সমনীয়া অ')।।



Post ID : DABP002509