নিমাতী কইনা
নিমাতী কইনা
নাহাঁহি মইনা !
ক'তে থৈ আহিলা
চেনেহৰ মইনা মাত ?।।
চেনেহৰ মইনা নুবুলি কইনা
চেনেহৰ মইনা মইনা মাত
দীপ্ লিপ্ কুঁৱৰী
কাকে আছা সুঁৱৰি
মাঁতো মাঁতো চকুযোৰে
কাকেইবা চায়
সোণৰ জাপি পিন্ধি
ফুলাম ছৈৰ নাৱতে
আহি ৰূপকোঁৱৰে
হাঁহিটি মাৰিবহি
বীণখনি বাই !
ৰূপৰে কুঁৱৰীৰ
মাত ফুটা নাই
আহা ৰূপকোঁৱৰ অ
আহা বেগাই।
Type by Dipawali Bora
Post Id:DABP002528