চিঠি

ক) অতি চমুপ্ৰশ্নাৱলীঃ

১। শীলভদ্ৰ প্ৰকৃত নামটো কি?

উত্তৰঃ শীলভদ্ৰ প্ৰকৃত নাম হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী।

২। শীলভদ্ৰই কোনখন গ্ৰন্থ বাবে সাহিত্য অকাডেমি বটাঁ লাভ কৰিছিল?

উত্তৰঃ শীলভদ্ৰই 'মধুপুৰ বহুদূৰ' গ্ৰন্থ বাবে সাহিত্য অকাডেমি বটাঁ লাভ কৰে। 

৩। চিঠি গল্পটো শীলভদ্ৰ কোনখন গ্ৰন্থ পৰা লোৱা হৈছে?

উত্তৰঃ চিঠি গল্পটো শীলভদ্ৰ চিঠি আৰু অন্যান্য গল্প গ্ৰন্থ পৰা লোৱা হৈছে।

৪। শীলভদ্ৰ কোন গৰাকী প্ৰথিতযশা সাহিত্যিকৰ ছদ্মনাম?

উত্তৰঃ শীলভদ্ৰ ৰেৱতীমোহন দত্ত  চৌধুৰী প্ৰথিতযশা সাহিত্যিকৰ ছদ্মনাম। 

৫।  এসময়ত মানুহৰ যোগাযোগৰ মূল মাধ্যম কি বুলি গণ্য কৰা হৈছিল?

উত্তৰঃ এসময়ত মানুহৰ যোগাযোগৰ মূল মাধ্যম  চিঠিক গণ্য কৰা হৈছিল।

৬। শীলভদ্ৰ অসমীয়া কোন যুগৰ এগৰাকী সুনিপুণ চুটিগল্প লেখক?

উত্তৰঃ শীলভদ্ৰ অসমীয়া ৰামধেনু যুগৰ এগৰাকী সুনিপুন চুটিগল্প লেখক।

৭। শীলভদ্ৰই কি সাহিত্য় ৰচনাৰে সাহিত্যিক জীৱন আৰম্ভ কৰে?

উত্তৰঃ শীলভদ্ৰই উপন্যাস ৰচনাৰে সাহিত্যিক জীৱন আৰম্ভ কৰে।

৮। শীলভদ্ৰই সাহিত্যিক জীৱন আৰম্ভ কৰা প্ৰথম গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ শীলভদ্ৰই সাহিত্যিক জীৱন আৰম্ভ কৰা প্ৰথম গ্ৰন্থখনৰ নাম হৈছে মধুপুৰ আৰু তৰংগিনী।

৯। ১৯৭৫ চনত প্ৰকাশ হোৱা শীলভদ্ৰৰ প্ৰথম গল্প সংকলনটোৰ নাম কি?

উত্তৰঃ ১৯৭৫ চনত প্ৰকাশ হোৱা শীলভদ্ৰ প্ৰথম গল্প সংকলনটোৰ নাম হৈছে বাস্তৱ।

১০। চিঠি গল্পটোত গল্পকাৰে কোনগৰাকী বিশ্ববৰেণ্য ব্যক্তিৰ নাম উল্লেখ কৰিছে?

উত্তৰঃ চিঠি গল্পটোত গল্পকাৰে বিশ্ববৰেণ্য ব্যক্তিৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ নাম উল্লেখ কৰিছে।

১১। শীলভদ্ৰই অসম প্ৰকাশন পৰিষদ বটাঁ লাভ কৰা উপন্যাসখনৰ নাম কি?

উত্তৰঃ শীলভদ্ৰই অসম প্ৰকাশন পৰিষদ বটাঁ লাভ কৰা উপন্যাস খনৰ নাম হৈছে অনুসন্ধান।

১২। শীলভদ্ৰই কি গ্ৰন্থৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বটাঁ লাভ কৰে?

উত্তৰঃ শীলভদ্ৰই দায়িত্ব আৰু অন্যান্য গ্ৰন্থৰ বাবে ভাৰতীয় ভাষা পৰিষদ বটাঁ লাভ কৰে।

১৩। সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে শীলভদ্ৰই কি বটাঁ লাভ কৰিছিল?

উত্তৰঃ সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে শীলভদ্ৰই অসম উপত্যকা সাহিত্য বটাঁ লাভ কৰিছিল। 

১৪। ভূদেৱ চৌধুৰীয়ে বাল্যবন্ধু প্ৰশান্তৰ লগত কেতিয়াৰ পৰা একেলগে পঢ়িছিল?

উত্তৰঃ ভূদেৱ চৌধুৰীয়ে বাল্যবন্ধু প্ৰশান্তৰ লগত তৃতীয় শ্ৰেণঈ পৰা একেলগে পঢ়িছিল।

১৫। ভূদেৱ চৌধুৰীয়ে কালৈ চিঠি লিখিছিল?

উত্তৰঃ ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ চিঠি লিখিছিল।

১৬। চিঠিৰ মূল্য কি?

উত্তৰঃ চিঠি মূল্য হৈছে চিঠি।

খ) চমু প্ৰশ্নাৱলীঃ 

১। শীলভদ্ৰই ৰচনা কৰা দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা?

উত্তৰঃ শীলভদ্ৰই ৰচনা কৰা দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম হৈছে- অনুসন্ধান আৰু মধুপুৰ বহুদূৰ।

২। শীলভদ্ৰই ৰচনা কৰা অনুবাদ গ্ৰন্থ দুখন কি কি?

উত্তৰঃ শীলভদ্ৰই ৰচনা কৰা অনুবাদ গ্ৰন্থ দুখন হৈছে- ৰিপভান উইংকল আৰু কেইটামান গল্প, ৰূপান্তৰ।

৩। চুটিগল্পৰ বৈশিষ্ট্য সম্পৰ্কে চমুকৈ লিখা?

উত্তৰঃ চুটিগল্প বৈশিষ্ট্য হল ক) আৰম্ভণি আকস্মিক, খ) সামৰণি নাটকীয়, গ) ভাৱৰ একমুখীতা, ঘ)জীৱনৰ পূৰ্ণচিত্ৰৰ পৰিৱৰ্তে কোনো নিদিৰ্ষ্ট দিশৰ উপস্থাপন, ঙ) কম চৰিত্ৰ সমাৱেশ, ছ) কম পৰিসৰ।



Author_ Geetanjali bora



Post ID : DABP005754