তেজ দিলাঁ, প্ৰাণ দিলাঁ
তেজ দিলাঁ, প্ৰাণ দিলাঁ
ত্যাগ দিলাঁ ডেকা বন্ধু
পুনু আহিবা, আহি যুঁজিবা
যুঁজি জিকিবাই ডেকা বন্ধু।।
বেলি উঠিব জোন থাকিব
আশা-ৰশ্মিৰ ৰেখা জ্বলিব
তোমাৰেই গুণ গান
পুনু শুনিবাই ডেকা বন্ধু।।
সৌৱা সমদল, ভাঙে হিলদল
সমৰোল, কোলাহল
ৰক্তিম উজ্জ্বল।
লুইত থাকিব, পণ থাকিব
গণ-তৰণীও নিতে চলিব
সমূহৰ কালিৰ বাবে,
আজিক দিলা বন্ধু।।
Type Susmita Kakati
Post Id: DABP003125