চেনাই মোৰ ঐ
চেনাই মোৰ ঐ
গুণ্গুণাই, গুণগুণাই, গুণগুনাই
আহিলি
চকু টিপ মাৰিলি
ৰাম্মাই্যায় মোৰ গা
মিঠা মিঠা গধূলি
মোকে কিয় জোকালি
আৰু নোজোকাওঁ বুলি
গা চুই শপতে খা।।
ৰৈ ৰৈ ৰৈ ৰৈ মাতে কুলি কেতেকী
ৰৈ ৰৈ ৰৈ ৰৈ মই নাচোঁ হৈ ৰচকী
সোণ তই ওলালিহি মিঠা ব'হাগত
খোপাতে কপৌফুল কঁপে উলাহত
অ' কপৌফুলৰ লগতে
মোৰে কলাফুলতে
মৰম মৰম লগাকৈ
টোবোৰে নাচিছে।।
অ' জান ঐ - চকু পিৰিক - পাৰাক
অ' জান ঐ - হাঁহ মিচিক-মাচাক
অ' জান ঐ - নিশাটো ইয়াতে থাক্
অ' জান ঐ - চেনেহ - মৌচাক
অ' জান ঐ - বুঢ়া লোকেও খেমিব পাপ।।
বৈ বৈ বৈ ৰঙা নৈ বৈয়েই আছে
কৈ কৈ কৈ তোৰে কথাত লতায়ো নাচে
সোণ তই পুৰিলি
গাভৰু মনক
কি সোৱাদ পাৱ পুৰি
আপোহ জনক
মনৰ পথাৰ মুকলি
ৰমকে জমক।।
মোৰে বাহুপাশতে
এই বিহুৰ নিশাতে
আকাশৰে তলতে
মৰমতে তই পমি যা।।
Type Susmita Kakati