তুমিয়ে মোৰ কল্পনাৰে
তুমিয়ে মোৰ কল্পনাৰে হৰিণীনয়না
তুমিয়ে মোৰ জীৱনৰে মধূৰ আলপনা
তোমাৰ বাবেই মোৰেই সূৰৰ কতনা মূৰ্চ্ছনা
তুমি জানা নে নেজানা?
তুমি জানা নে নেজানা?
জীৱন ৰণাঙ্গনত তুমি সাহসেৰে তীৰ্থভূমি
পৰাজয়ৰ নিৰশাতো তুমিয়ে সান্ত্বনা
তুমি জানা নে নেজানা?
তুমি জানা নে নেজানা?
জীৱন-বনৰ গভীৰতাত উৎস তুমি সেউজৰে
সেই সেউজৰ সুন্দৰতাও তোমাৰ হাঁহিয়ে
ভাৰতৰে পূৰ্ব্বাকাশৰ জেউতি তুমি ন-সুৰুযৰ
তোমাৰ পোহৰ অবিহনে বৃথা পৰিকল্পনা
তুমি জানা নে নেজানা?
তুমি জানা নে নেজানা?
Type Susmita Kakati
Post Id: DABP003065