আগলি বাঁহৰে


আগলি বাঁহৰে, লাহৰী গগনা

বাজি উঠিল কিয়?

আগলি কলৰে এখিলানো পাত

কঁপি উঠিল কিয়?

মুকুতিৰ উৰুলি শুনি।                                            


অহঙ্কাৰী ৰজাৰ নগৰী

কঙ্কাল হ'ল কিয়?

বন্দীশালৰ শিকলিবোৰ

ছিগি পৰিল কিয়?

মুকুতিৰ উৰুলি শুনি


ৰাজ কাৰেঙৰ ৰঙা চকু নেওচি আহিল কোন?

ডেকা বৰুৱাগে এইজন, মোৰেই কেঁচা সোণ

বজ্ৰকঠোৰ ৰাজনীতিক নেওচি ওলাল কোন?

ৰূপহী ৰাজকুঁৱৰী মোৰ আকাশৰে জোন।


মনৰ বৰনামঘৰৰে বৰখুঁটা পুতিলোঁ

সমপ্ৰেমৰ সোণ-ৰূপৰ পাট মেৰিয়ালোঁ।

 আওপুৰণি নীতি-নিয়ম আমিয়ে ভাঙিলোঁ

 মন সীমাক বাধা দিয়া ধন গছকিলোঁ।


নীৰসজনক জীপাল কৰা বৰদৈচিলা আমি

বিচাৰৰে তুলাচনীৰ বিচাৰকো আমি

শতিকাৰে এলান্ধুৰে সাৰোঁ-পোচোঁ আমি

সমতাৰে ৰহণ সানি নিকা কৰোঁ আমি


মুকলি আকাশ

মুকলি উশাহ

আমি দুটি আজি যেন

মুকলি প্ৰকাশ

দুটি দেহৰ দুটি মানুহ

একেটি মাথোন হিয়া

সমুখতে বাট আমাৰ

মৰম সেন্দুৰীয়া।।

Type Susmita Kakati 



Post Id: DABP003126