আকাশ বিশাল
আকাশ বিশাল সাগৰ বিশাল
তাতোকৈ বিশাল মাতৃ-হৃদয়
পশু-পক্ষী বা নৰ-নাৰীৰ
মাতৃৰ স্নেহমায়া চিৰ মধুময়।।
মাতৃৰ প্ৰতি ধনী-দুখীয়াৰ
মায়া-মমতা একেটাই
মাথোঁ ভিন্ন ৰূপে স্নেহ প্ৰকাশে
হৈ নিস্বাৰ্থ সদায়।।
মাতৃযদি সন্তানহীনা হয়
জীৱন পূৰ্ণ নহয়
ধৰাৰ স্বৰ্ণহীৰা মণি-মৰকত
মাটিৰ চপৰাহে হয়।।
কোনো সন্তানৰ দৰিদ্ৰ মাতৃয়ে
গোপনে চকুলো সৰায়
ৰক্ষা কৰাৰ সংগ্ৰামত
কলিজাৰো শোণিত বোৱায়।
যি মাতৃয়ে আপোন সন্তানৰ
কিছু স্বীকৃতি নেপায়
তেনে সন্তানে জীৱন মৰুত
শান্তি সিন্ধু হেৰুৱায়।।
Type Susmita Kakati
Post Id: DABP003064