জীৱনটো যদি অভিনয় হয়
জীৱনটো যদি অভিনয় হয়
যদি অভিনয়তে মৰম ৰয়
সেই মৰমৰ দাম কিমাননো?
আকাশ এখিলা যদি কাগজ হয়
আৰু জোনটো যদি অচল নহয়
সেই জোনাকৰ ৰহণ কিমাননো?
জীৱনটো যদি অভিনয় হয়
বুজিও নুবুজা হৈ আমি
ভূলকে ভাল বুলি বোটলোঁ কিয়?
বাহিৰে ৰংচং দেখি আমি
কোৱাভাতুৰীকে আদৰোঁ কিয়?
সেয়ে ক্ষণে ক্ষণে
কান্দো মনে মনে
নিচুকাব নিতৌ কোনেনো?
বহুৱা সাজি সাজি আমি
মিছা মৰমতে সাঁতোৰোঁ কিয়?
তুপত মৰুভূমিতে আমি
মিছা মৰীচিকা খেদোঁনো কিয়?
সেয়ে কতজনে
নিতে নিতে গণে
পৃথিৱীত সুখী কিমাননো?
Post Id: DABP003124