লোক-সাহিত্য়

প্ৰথম খণ্ড

১) কাৰ ওপৰত নিৰ্ভৰ কৰি লোক সাহিত্য় জীয়াই আছে?

উত্তৰঃ মানুহৰ স্মৃতিৰ ওপৰত।


২) জন-সাহিত্য় বা মৌখিক সাহিত্য় বুলি কাক জনা যায়?

উত্তৰঃ লোক সাহিত্য়ক।


৩) মণিকোঁৱৰৰ গীত কিহৰ ওপৰত ৰচিত?

উত্তৰঃ কিংবদন্তি বা জনশ্ৰুতিৰ ওপৰত ৰচিত।


৪) ফকৰা বা ভকতীয়া ফকৰা কাক বোলে?

উত্তৰঃ যিবিলাক যোজনা একোটা পাৰসামৰ্থিক অৰ্থবাহক তাকেই ফকৰা বা ভকতীয়া ফকৰা বোলে।


৫) ধাইনামক কি নামেৰে জানিব পৰা যায়?

উত্তৰঃ ধেমালী নাম বা নিচুকণি গীত।


৬) প্ৰৱচন বা প্ৰবাদ-বাক্য় কি?

উত্তৰঃ প্ৰবচন বা প্ৰবাদ-বাক্য় হৈছে জনসাধাৰণৰ দীৰ্ঘ অভিজ্ঞতাৰ সংক্ষিপ্ততম অভিব্যক্তি।


৭) বিষয়-বস্তু আৰু ৰচনা-ৰীতিৰ ফালৰপৰা অসমীয়া লোক-সাহিত্য়ক কেই ভাগত ভগাব পাৰি?

উত্তৰঃ তিনি ভাগত ভগাব পাৰি।


৮) বিষয়বস্তুৰ ফালৰ পৰা মালিকা কেই শ্ৰেণীত ভগাব পাৰি?

উত্তৰঃ তিনি শ্ৰেণীত ভগাব পাৰি।


৯) সাঁথৰ কি?

উত্তৰঃ সাঁথৰ হৈছে কোনো বস্তুৰ প্ৰকৃত নাম সহজে ক'ব নোৱাৰাকৈ দিয়া আওপকীয়া বৰ্ণনা।


১০) শকুন্তলা কাব্য়খনৰ ৰচক কোন?

উত্তৰঃ কবিৰাজ চক্ৰৱৰ্তী।


১১) অসমীয়া সাহিত্য়ৰ এক অমূল্য় সম্পদ কি?

উত্তৰঃ লোকগীত।


১২) যোজনাক আৰু কি নামেৰে জানিব পৰা যায়?

উত্তৰঃ পতন্তৰ।


১৩) হাইদাং গীত কি?

উত্তৰঃ হাইদাং গীত হৈছে কছাৰীসকলৰ মাজত প্ৰচলিত অনিয়মিত অসমীয়া ভক্তিমূলক গীত।


১৪) গৰখীয়া গীত কাক বোলে?

উত্তৰঃ গৰখীয়াসকলে গৰু ৰাখোঁতে বা গৰু উমলোঁতে গোৱা গীতক গৰখীয়া গীত বোলে।


১৫)  জিকিৰ কি?

উত্তৰঃ জিকিৰ হৈছে আজান পীৰৰ নামত প্ৰচলিত ভক্তিমূলক গীত।


১৬) অসমীয়া সাহিত্য়ৰ যোগবিভাগ পোন-প্ৰথমে কোনে কৰিছিল?

উত্তৰঃ পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে।


১৭) আনুষ্ঠানমূলক গীতৰ ভিতৰত কি কি পৰে?

উত্তৰঃ বিহুগীত, বিয়ানাম, ভেঁকুলী-বিয়াৰ নাম, আইনাম আদি পৰে।


১৮) লোক সাহিত্য়ৰ স্থিতিৰ বাহন কি?

উত্তৰঃ স্মৃতি।


১৯) জনা গাভৰুৰ গীতটোত কিহৰ আভাস পোৱা যায়?

উত্তৰঃ অসমৰ সংস্কৃতি আৰু আহোম ৰাজত্বৰ এটি আভাস পোৱা যায়।


২০) লিখিত সাহিত্য়ৰ স্থিতিৰ বাহন কি?

উত্তৰঃ লিপি।


Author: Chinmay Kakati


Post Id: DABP003233