প্ৰথম অধ্য়ায়ঃ

ভাৰতবৰ্ষঃ অৱস্থিতি


১) ভাৰত উপমহাদেশৰ অন্তৰ্গত পাঁচখন দেশৰ নাম লিখা।

উত্তৰঃ পাকিস্তান, নেপাল, ভূটান, বাংলাদেশ আৰু ভাৰতবৰ্ষ।


২) ভাৰতবৰ্ষই সমগ্ৰ পৃথিৱীৰ কিমান শতাংশ ঠাই আগুৰি আছে?

উত্তৰঃ ২.৪ শতাংশ।


৩) ভাৰতমহাসাগৰস্থিত সাৰ্বভৌম ৰাষ্ট্ৰ আৰু ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ দুখনৰ নাম লিখা।

উত্তৰঃ শ্ৰীলংকা আৰু মালদ্বীপ।


৪) ভাৰতীয় মান সময় গ্ৰিনউইচ মান সময়তকৈ কিমান সময় আগবঢ়া?

উত্তৰঃ ৫ ঘন্টা ৩০ মিনিট আগবঢ়া। 


৫) ভাৰতবৰ্ষৰ বৃহৎ আয়তনে দেশখনক কি হিচাবে গঢ়ি তুলিছে?

উত্তৰঃ প্ৰাকৃতিক লীলাভূমি হিচাবে গঢ়ি তুলিছে।


৬) ভাৰতবৰ্ষৰ মূল ভূ-ভাগৰ উপকুলীয় সীমাৰেখাৰ দৈৰ্ঘ্য় কিমান?

উত্তৰঃ ৬,১০০ কি.মি.।


৭) দাক্ষিণাত্য় উপদ্বীপীয় অঞ্চল ক'লৈ বিস্তৃত হৈ আছে?

উত্তৰঃ ভাৰত মহাসাগৰৰ ভিতৰলৈ বিস্তৃত হৈ আছে।


৮) হিমালয় আৰু ইয়াৰ ঠাল-ঠেঙুলীয়ে অতীতত কি হিচাপে চিহ্নিত হৈছিল?

উত্তৰঃ উত্তৰৰ সীমাৰ এক ভীষণ প্ৰাকৃতিক বাধা হিচাপে চিহ্নিত হৈছিল।


৯) ভাৰতবৰ্ষৰ পাৰ্শ্বৱৰ্ত্তী জলধাৰাৰ উপকূলৰ পৰা আন্তৰ্জাতিক সীমাৰেখাৰ দাবী কিমান?

উত্তৰঃ ১২ ন'টিকেল মাইল।


১০) কোনডাল দ্ৰাঘিমা ৰেখাক ভাৰতৰ মূখ্য় দ্ৰাঘিমা হিচাবে বিবেচনা কৰা হৈছে?

উত্তৰঃ ৮২॰৩০ পূৱ-দ্ৰাঘিমে ৰেখাক।


১১) শ্ৰীলংকাক ভাৰতৰ পৰা কোনে পৃথক কৰিছে?

উত্তৰঃ মান্নাৰ উপসাগৰ আৰু পক্-প্ৰণালীয়ে।


১২) প্ৰাকৃতিভাৱে বৈচিত্ৰ্য়ময় ভাৰতভূমি কিহৰ ভঁৰাল?

উত্তৰঃ বিভিন্ন সম্পদৰ ভঁৰাল।


১৩) পূৱ আৰু পশ্চিম প্ৰান্তৰ দ্ৰাঘিমাৰেখাৰ মানৰ অন্তৰ কিমান?

উত্তৰঃ প্ৰায় ৩০ ডিগ্ৰী।


১৪) ভাৰতৰ আঞ্চলিক স্বকীয়তা অক্ষুণ্ণ ৰখাত কোনটো পৰ্বতমালাৰ অৰিহণা অতিশয় গুৰুত্বপূৰ্ণ?

উত্তৰঃ হিমালয় পৰ্বতমালাৰ।


১৫) ভাৰতবৰ্ষৰ মূল ভূ-ভাগ কৰ পৰা ক'লৈ বিস্তৃত হৈ আছে?

উত্তৰঃ উত্তৰে কাশ্মীৰৰ পৰা দক্ষিণে কন্য়াকুমাৰী আৰু পূৱে অৰুণাচল প্ৰদেশৰ পৰা পশ্চিমে গুজৰাট পযন্ত।


১৬) অক্ষৰেখাৰ মানৰ পৰা কি বুজা যায়?

উত্তৰঃ ভাৰতবৰ্ষৰ দক্ষিণ অংশ উপক্ৰান্তীয় বা উষ্ম নাতিশীতোষ্ণ অঞ্চলত অৱস্থিত।



Type- Chinmay Kakati 

(Morigaon Assam)