তৃতীয় অধ্য়ায়ঃ

অৱবাহ তন্ত্ৰ


১) পৃথিৱীৰ এখন বৃহৎ নদীৰ অববাহিকাৰ নাম লিখা।

উত্তৰঃ সিন্ধু।


২) জলচ্ছেদৰ আকাৰ অনুসৰি ভাৰতবৰ্ষৰ নদী অৱবাহিকাসমূহক কেই ভাগত ভগাব পাৰি?

উত্তৰঃ তিনি ভাগত ভগাব পাৰি।


৩) ভাৰতৰ দুখন ব্য়তিক্ৰম ধৰ্মী নদীৰ নাম লিখা।

উত্তৰঃ নৰ্মদা আৰু তাপ্তী নদী।


৪) সিন্ধুৰ এখন প্ৰধান উপনৈৰ নাম লিখা।

উত্তৰঃ ৰবি।


৫) গংগাৰ পশ্চিমফালৰ এখন প্ৰধান আৰু দীৰ্ঘতম উপনৈৰনাম লিখা।

উত্তৰঃ যমুনা।


৬) ঘাগ্ৰা নদীখন কোনটো হিমবাহৰ পৰা ওলাইছে?

উত্তৰঃ ঘাগ্ৰা নদীখন 'মাপচাচুংগ' হিমবাহৰ পৰা ওলাইছে।


৭) কুশী নদীখনৰ উৎস ক'ত অৱস্থিত?

উত্তৰঃ মাউন্ট এবাৰেষ্টৰ উত্তৰফালে তিব্বতত অৱস্থিত।


৮) সোণ উপনৈখন ক'ৰ পৰা উৎপত্তি হৈছে?

উত্তৰঃ অমৰকন্টক মালভূমিৰ পৰা উৎপত্তি হৈছে।


৯) গছৰ ঠাল-ঠেঙুলি সদৃশ অৱবাহ প্ৰণালীক কি বুলি কোৱা হয়?

উত্তৰঃ বৃক্ষাকাৰ অৱবাহ প্ৰণালী বুলি কোৱা হয়।


১০) ভাৰতৰ নদী অৱবাহ তন্ত্ৰবোৰ কিহেৰে গঠিত?

উত্তৰঃ ভালেমান সৰু-বৰ নদীৰে গঠিত।


১১) হিমালয় অঞ্চলৰ নদ-নদীবোৰ ক'ত সৃষ্টি হৈছে?

উত্তৰঃ এক ঐতিহাসিক ভূতাত্বিক প্ৰক্ৰিয়াৰ পটভূমিত সৃষ্টি হৈছে।


১২) হিমালয়ৰ পৰা বৈ আহি সিন্ধু নদীত পৰা দুখন উপনৈৰ নাম লিখা।

উত্তৰঃ ছিয়ক আৰু গিলগিট।


১৩) গণ্ডক নদীখন কেনেকৈ সৃষ্টি হৈছে?

উত্তৰঃ গণ্ডক নদীখন কালীগণ্ডক আৰু ত্ৰিশূল গংগা নামৰ দুখন নৈ লগ লাগি সৃষ্টি হৈছে।


১৪) এসময়ত দামোদৰ নদীখন কি নামেৰে জনাজাত আছিল?

উত্তৰঃ বংগৰ দুখ।


১৫) দাক্ষিণাত্য় মালভূমিৰ দ্বিতীয় প্ৰধান নদী কি?

উত্তৰঃ কৃষ্ণা।


১৬) গোৱাৰ দুখন প্ৰধান নদীৰ নাম লিখা।

উত্তৰঃ গোৱাৰ দুখন প্ৰধান নদী হৈছে- মানদবি আৰু জুবাৰী।


১৭) গোদাবৰী নদীৰ নিম্ন অংশত কি হয়?

উত্তৰঃ গোদাবৰী নদীৰ নিম্ন অংশত প্ৰবল বানপানী হয়।


১৮) ব্ৰহ্মপুত্ৰক কিয় যমুনা নামেৰে জনা যায়?

উত্তৰঃ বাংলাদেশৰ তিস্তা নদীখনে ব্ৰহ্মপুত্ৰত লগ লগাৰ বাবে ব্ৰহ্মপুত্ৰক যমুনা নামেৰে জনা যায়।


১৯) দক্ষিণ ভাৰতৰ প্ৰধান নদীবোৰৰ নাম লিখা।

উত্তৰঃ মহানদী, গোদাবৰী, কৃষ্ণা আৰু কাবেৰী।


২০) মহানদী ক'ৰ পৰা উৎপত্তি হৈছে?

উত্তৰঃ ছটিছগড়ৰ ৰাইপুৰ জিলাৰ চিহাৱাৰ ওচৰৰ পৰা মহানদী উৎপত্তি হৈছে।


২১) দক্ষিণ ভাৰতৰ আটাইতকৈ বৃহৎ নদী কোনখন?

উত্তৰঃ গোদাবৰী।


২২) নাসিক জিলাৰ ত্ৰিমবাক পৰ্বতৰ কিমান উচ্চতাৰ পৰা বৈতৰণী নদীখন ওলাইছে?

উত্তৰঃ ৬৭০ মিটাৰ উচ্চতাৰ পৰা।


২৩) গুজৰাটৰ দুখন বিখ্য়াত নদীৰ নাম লিখা।

উত্তৰঃ চবৰমতী আৰু মাহী।


২৪) কেৰেলাৰ দীৰ্ঘতম নদীখনৰ নাম লিখা।

উত্তৰঃ ভাৰাথাপূজা। 


২৫) কৰ্ণাটকৰ এখন উল্লেখযোগ্য় নদীৰ নাম লিখা।

উত্তৰঃ স্বৰৱতী।


২৬) দক্ষিণৰ গংগা বুলি কোনখন নদীক কোৱা হয়?

উত্তৰঃ গোদাবৰী নদীক দক্ষিণৰ গংগা বুলি কোৱা হয়।


২৭) গোদাবৰী নদীৰ চাৰিখন উপনৈৰ নাম লিখা।

উত্তৰঃ পেনগংগা, ইন্দ্ৰৱতী, প্ৰাণহিতা আৰু মঞ্জৰা।


২৮) গংগা নদীতন্ত্ৰৰ লগত জড়িত দাক্ষিণাত্য় মালভূমিৰ উত্তৰৰ নদীকেইখনমানৰ নাম লিখা।

উত্তৰঃ চম্বল, সিন্ধ, বেটৱা, কেন, সোণ আদি। 


২৯) ভাৰথাজা নদীক  নামেৰে জনা যায়?

উত্তৰঃ ভাৰথাজা নদীক পন্নানি নামেৰে জনা যায়।


৩০) উৎপত্তিৰ স্থান আৰু বৈশিষ্ট্য়ৰ ভিত্তিত ভাৰতৰ নদীবিলাকক কেই ভাগত ভগাব পাৰি?

উত্তৰঃ দুটা ভাগত ভগাব পাৰি।


৩১) ৰাম গংগা কি?.

উত্তৰঃ ৰাম গংগা হৈাছে গাৰোৱাৰ পৰ্বতৰ পৰা ওলোৱা এখন তুলনামূলকভাৱে সৰু নদী।


৩২) ব্ৰহ্মপুত্ৰ কিহৰ কাৰণে জনাজাত?

উত্তৰঃ ব্ৰহ্মপুত্ৰ ইয়াৰ প্ৰবল বানপানী, সুঁতি সলনি আৰু পাৰ খননৰ বাবে জনাজাত।


৩৩) আৰব সাগৰলৈ যোৱা নদীবোৰৰ গতিপথ কেনেকুৱা?

উত্তৰঃ আৰব সাগৰলৈ যোৱা নদীবোৰৰ গতিপথ ছুটি।


৩৪) গোদাবৰী নদীৰ সৰ্বাধিক গড় জলপ্ৰবাহ কিমান?

উত্তৰঃ ৩,২০০ কিউচেক।


৩৫) কেৰেলাৰ দ্বিতীয় বৃহৎ নদী পেৰিয়াৰ অৱবাহিকা কিমান?

উত্তৰঃ ৫,২৪৩ বৰ্গ কিঃ মিঃ।


৩৬) মহানদীৰ দৈৰ্ঘ্য় কিমান?

উত্তৰঃ মহানদীৰ দৈৰ্ঘ্য় ৮৫১ কিঃমিঃ।


৩৭) ধাধৰ নদীখন ক'ৰ পৰা ওলাইছে?

উত্তৰঃ ধাধৰ নদীখন পঞ্চমহল জিলাৰ ঘান্টাৰ গাৱৰ ওচৰৰ পৰা ওলাইছে।


৩৮) বিকীৰ্ণ অৱবাহ প্ৰণালী কাক বোলে?

উত্তৰঃ যেতিয়া কোনো নদী পৰ্বতৰ ওপৰত উৎপত্তি হৈ চাৰিওদিশে প্ৰবাহিত হয় তেতিয়া তেনে অৱবাহ প্ৰণালীক বিকীৰ্ণ অৱবাহ বোলে।


৩৯) সিন্ধু নদীৰ মুঠ মাটিকালি কিমান?

উত্তৰঃ ১১,৬৫,০০ বৰ্গ কিঃমিঃ।


৪০) 'বিহাৰৰ দুখ' বুলি কোনখন নদী জনাজাত?

উত্তৰঃ 'বিহাৰৰ' দুখ বুলি কুশী নদীখন জনাজাত।


Author: Chinmay Kakati