প্ৰাকৃতিক বিপৰ্যয় আৰু দুৰ্যোগ

সপ্তম অধ্য়ায়

১) প্ৰাকৃতিক বিপৰ্যয় কি?

উত্তৰঃ প্ৰাকৃতিক বিপৰ্যয় হ'ল, প্ৰাকৃতিক পৰিৱেশত উদ্ভৱ হ'ব পৰা সম্ভাব্য় বিপদ যিয়ে মানুহৰ জীৱন আৰু সম্পত্তি বা উভয়কে ক্ষতিগ্ৰস্ত কৰিব পাৰে।


২) কাৰ ওপৰত সাগৰীয় ঢৌৰ গতি নিৰ্ভৰ কৰে?

উত্তৰঃ পানীৰ গভীৰতাৰ ওপৰত সাগৰীয় ঢৌৰ গতি নিৰ্ভৰ কৰে।


৩) সকলোবোৰ প্ৰাকৃতিক দুৰ্যোগৰ ভিতৰত আটাইতকৈ বিধ্বংসী প্ৰাকৃতিক দুৰ্যোগ কোনটো?

উত্তৰঃ ভূমিকম্প। 


৪) ধুমুহাই কিহৰ কাৰণে গতিশক্তিৰ সৃষ্টি কৰে?

উত্তৰঃ ধুমুহাই গতি-শক্তিৰ সৃষ্টি কৰে উচ্চ চাপ-নতিৰ কাৰণে আৰু পৃষ্ঠ বতাহৰ তীব্ৰ গতিৰ কাৰণে।


৫) ক্ৰান্তীয় ধুমুহাবোৰৰ প্ৰধান বৈশিষ্ট্য় কি?

উ্ত্তৰঃ চাপৰ উচ্চ ঢাল।


৬) মোটামুটিভাৱে, প্ৰকৃতিক দুৰ্যোগবোৰক কেইটা ভাগত শ্ৰেণীবিভাগ কৰা হয়?

উত্তৰঃ চাৰিটা ভাগত শ্ৰেণীবিভাগ কৰা হয়।


৭) ছুনামীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ জোখ কেনেকৈ অনুমান কৰিব পাৰি?

উত্তৰঃ ইণ্ডোনেচিয়াৰ বাণ্ডা ধনুৰ ধ্বংসলীলা দৃশ্য়মান কৰি।


৮) ক্ৰান্তীয় ধুমুহা বা হাৰিকান কেনেকুৱা?

উত্তৰঃ একোটা উচ্চ ক্ষমতাসম্পন্ন ইঞ্জিনৰ দৰে।


৯) বানপানী কাক বোলে?

উত্তৰঃ বাৰিষাৰ বতৰত নদীৰ বাঢ়নি পানীয়ে নদীৰ উপকূলৰ দুয়োটা পাৰ বুৰাই পেলায় আৰু লগতে খেতি-পথাৰ, ঘৰ-বাৰী আদি তল নিয়া অৱস্থাকে বানপানী বোলে।


১০) ৰাষ্ট্ৰীয় বান আয়োগে ভাৰতৰ কিমান মাটি বানপানী আক্ৰান্ত বুলি চিনাক্ত কৰিছে?

উত্তৰঃ ৪০ নিযুত হেক্টৰ মাটি বানপানী আক্ৰান্ত বুলি চিনাক্ত কৰিছে।


১১) খৰাং বতৰ বুলিলে কি বুজা?

উত্তৰঃ যেতিয়া কোনো অঞ্চলত দীৰ্ঘ সময় ধৰি বৰষুণ কম হয় আৰু লগতে ঠাই আৰু সময়ভেদে বৰষুণৰ বিতৰণ অসমান হয় তেতিয়া তাক খৰাং বতৰ বোলা হয়। 


১২) ভাৰতবৰ্ষৰ জলবায়ুৰ দুটা বিশেষত্ব লিখা।

উত্তৰঃ খৰাংবতৰ আৰু বানপানী।


১৩) ভূমিস্খলন নোহোৱা ঠাইসমূহৰ নাম লিখা।

উত্তৰঃ ৰাজস্থান, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ, অসম আৰু দক্ষিণৰ ৰাজ্য়বোৰত ভূমিস্খলন নহয়।


১৪) ২০০৫ চনৰ দুৰ্য্যোগ পৰিচালনা আইনমতে দুৰ্য্যোগ মানে কি?

উত্তৰঃ প্ৰলয়, দুৰ্ঘটনা, বিপদ বা মাৰাত্মক ঘটনা।


১৫) কাৰ ফলত ভূমিস্খলন হয়?

উত্তৰঃ ভূমিকম্পৰ ফলত ভূমিস্খলন হয়।


১৬) ছুনামীক ধৰা পেলোৱাটো কঠিন কিয়?

উত্তৰঃ গভীৰ সাগৰত ছুনামী তৰংগ দৈৰ্ঘ্য় অতি বেছি আৰু ঢৌ-উচ্চতা কম।


১৭) ছুনামী কাক বোলে?

উত্তৰঃ সাগৰৰ তলিত হোৱা ভূমিকম্প আৰু আগ্নেয়গিৰিৰ ফলত সাগৰত অতি উচ্চ ঢৌৰ সৃষ্টি হয় আৰু এনে মাৰাত্মক ঢৌক ছুনামী বোলে।


১৮) আগতীয়াকৈ জানিব নোৱাৰা প্ৰাকৃতিক দুৰ্যোগ এটাৰ নাম লিখা।

উত্তৰঃ ভূমিকম্প।


১৯) ভূমিস্খলন কমাবলৈ হ'লে কি ব্য়ৱস্থা লোৱাটো আৱশ্য়কীয়?

উত্তৰঃ ঠাই প্ৰযোজ্য় ব্যৱস্থা লোৱাটো আৱশ্য়কীয়।


২০) ভূমিস্খলন সদায় কিহৰ কাৰণে নিয়ন্ত্ৰিত হয়?

উত্তৰঃ ভূমিস্খলন সদায় স্থানীয় কাৰকৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।


২১) পৰিৱেশ আৰু সমাজৰ বিভিন্ন কথাৰ ওপৰত খৰাং বতৰৰ প্ৰভাৱ কেনেকুৱা?

উত্তৰঃ অতি তীব্ৰতৰ।


২২) দূষিত পানী খোৱাৰ ফলত হোৱা দুবিধ ৰোগৰ নাম লিখা।

উত্তৰঃ কলেৰা আৰু গেষ্ট্ৰো-এন্টাৰিটিছ্।


২৩) ভূমিস্খলনৰ প্ৰভাৱ কেনেকৈ আৰু ক'ত পৰে?

উত্তৰঃ ভূমিস্খলনৰ প্ৰভাৱ স্থানীয়ভাৱে আৰু কম ঠাইৰ ওপৰত পৰে।


২৪) ২০০৪ চনৰ ২৬ ডিচেম্বৰৰ ছুনামীত কিমান জীৱন ধ্বংস হৈছিল?

উত্তৰঃ ৩০০,০০০ হাজাৰ জীৱন ধ্বংস হৈছিল।


২৫) ভূমিকম্পৰ ধাৰণা কাৰ লগত সংযোজিত হৈ পৰে?

উত্তৰঃ ভয়, বিপদ আদিৰ লগত।


২৬) বানপানী হোৱা ৰাজ্য়কেইখনৰ নাম লিখা।

উত্তৰঃ অসম, পশ্চিমবংগ আৰু বিহাৰ।


২৭) বানপানীয়ে প্ৰত্য়েক বছৰে পলস পেলায় কি কৰে?

উত্তৰঃ খেতি পথাৰবোৰ উৰ্বৰা কৰি তোলে।


২৮) মাজে মাজে তামিলনাডুত নবেম্বৰ-জানুৱাৰীৰ সময়ছোৱাত পিছ-গমন মৌচুমী ফলত কি হয়?

উত্তৰঃ পিছ-গমন মৌচুমী ফলত বানপানী হয়।


২৯) মাটিৰ পানী খৰ বুলি কাক জনা যায়?

উত্তৰঃ কৃষি খৰক মাটিৰ পানী খৰ বুলি জনা যায়।


৩০) ধুমুহাৰ দ্বাৰা হ'ব পৰা ক্ষতিৰ পৰিমাণ কমোৱা দুটা ব্য়ৱস্থাৰ নাম লিখা।

উত্তৰঃ ধুমুহা আশ্ৰয়স্থল সজোৱা, মথাউৰি সজোৱা।


৩১) খৰাং বতৰৰ প্ৰৱলতা অনুযায়ী ভাৰতক কি কি অঞ্চলত ভাগ কৰা হৈছে?

উত্তৰঃ অতি বেছি খৰাং অঞ্চল, বেছি খৰাং অঞ্চল, মধ্য়মীয়া ধৰণৰ খৰাং অঞ্চলত ভাগ কৰা হৈছে।


৩২) কেইটা স্তৰত দুৰ্য্য়োগক প্ৰশমিত আৰু পৰিচালনা কৰিব পৰা যায়?

উত্তৰঃ তিনিটা স্তৰত দুৰ্য্যোগক প্ৰশমিত আৰু পৰিচালনা কৰিব পৰা যায়।


৩৩) ভাৰতত ২০০৪ চনৰ ২৬ ডিচেম্বৰত হোৱা ছুনামীৰ পিছত ভাৰতবৰ্ষই কি পদ্ধতিত অংশ গ্ৰহণ কৰিছে?

উত্তৰঃ আন্তৰ্জাতিক ছুনামী আগতীয়া সঙ্কেট পদ্ধতিত অংশ গ্ৰহণ কৰিছে।


৩৪) ধুমুহা-বানপানীত কাৰ কাৰ মাজত আন্তঃক্ৰিয়াৰ সৃষ্টি হয়?

উত্তৰঃ ধুমুহা-বানপানীত বতাহ, সাগৰ আৰু মাটিৰ মাজত আন্তঃক্ৰিয়াৰ সৃষ্টি হয়।


৩৫) বহুসময় জুৰি একেৰাহে ধাৰাসাৰ বৃষ্টি হ'লে কি হয়?

উত্তৰঃ বানপানী হয়।


৩৬) উপকূলীয় অঞ্চলত কিহৰ ফলত ধুমুহা-বানপানী হয়?

উত্তৰঃ বৃহৎ ধুমুহাৰ ফলত।


৩৭) ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ প্ৰকৃত স্বৰূপটোক লৈ কাৰ মাজত মতভেদ আছে?

উত্তৰঃ বিজ্ঞানীসকলৰ মাজত মতভেদ আছে।


৩৮) বানপানীৰ সৃষ্টি হ'ব পৰা দুটা কাৰণ লিখা।

উত্তৰঃ বৰফ গলা আৰু পানীৰ বৈা যাব পৰা সুবিধা নথকা।


৩৯) সঘনে হোৱা বানপানীয়ে খেতি পথাৰ আৰু মানুহক বসতি প্ৰধান অঞ্চলৰ ক'ত প্ৰভাৱ পেলায়?

উত্তৰঃ জাতীয় অৰ্থনীতিৰ আৰু সমাজৰ ওপৰত।


৪০) ভূমিস্খলনৰ দ্বাৰা সৃষ্ট দুৰ্য্যোগ কি দুৰ্য্য়োগতকৈ বহু নিম্ন পৰ্য্যায়ৰ?

উত্তৰঃ ভূমিকম্প, আগ্নেয়গিৰি, ছুনামী আদিৰ ফলত হোৱা দুৰ্য্যোগতকৈ বহু নিম্ন পৰ্য্যায়ৰ।


৪১) খৰাং অঞ্চলত মানুহক কিহৰ বিষয়ে ভালকৈ প্ৰশিক্ষণ দিব লাগে?

উত্তৰঃ খৰাং বতৰত কৰিব পৰা শস্য়বোৰৰ খেতি ভালকৈ কৰিবলৈ প্ৰশিক্ষণ দিব লাগে।


Author: Chinmay Kakati



Post Id: DABP003839