Chapter 3

 প্ৰিয়তমাৰ চিঠি 


১। হেমচন্দ্ৰ গোস্বামীৰ জন্ম কিমান চনৰ ক'ত  হৈছিল ?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামীৰ জন্ম ১৮৭২ চনৰ গোলাঘাট মহকুমাৰ অন্তৰ্গত গৌৰাংগ সত্ৰত হৈছিল । 


২। কোন আছিল অসমীয়া ভাষা উন্নতি সাধিনী সভা'ৰ  অন্য়তম প্ৰতিষ্ঠাতা ?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামী আছিল অসমীয়া ভাষা উন্নতি সাধিনী সভা'ৰ অন্য়তম প্ৰতিষ্ঠাতা ।


৩। চোঁ-ঘৰ শব্দৰ অৰ্থ কি ?

উত্তৰঃ  চোঁ-ঘৰ শব্দৰ অৰ্থ হ'ল সাজ ঘৰ । 


৪। অ.ভা.উ.সা. সভাৰ মুখপত্ৰ জোনাকীৰ প্ৰকাশত কোনে কোনে আগভাগ লৈছিল ?

উত্তৰঃচন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীয়ে আগভাগ লৈছিল ।


৫। কাঁচলি শব্দৰ অৰ্থ কি ?

উত্তৰঃ কাঁচলি শব্দৰ অৰ্থ হ'ল কোমল ৰ'দৰ চেৰেঙা ।


৬। চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী এই তিনিগৰাকী কবি সাহিত্য়িকক কি বুলি কোৱা হয় ?

উত্তৰঃ জোনাকীৰ ত্ৰিমূৰ্তি বুলি এই তিনি গৰাকী কবিক কোৱা হয় ।


৭। কুকুৰাঠেঙ্গীয়া  শব্দৰ অৰ্থ কি ?

উত্তৰঃ কুকুৰাঠেঙ্গীয়া শব্দৰ অৰ্থ হ'ল কোমল পাতৰ এবিধ বনৰীয়া সৰু গছ ( বেয়া সৰু আখৰ বুজাবলৈ ) ।


৮। কি নামৰ প্ৰেমৰ কবিতাৰে হেমচন্দ্ৰ গোস্বামী কবিতা জগতত পৰিচিত হয় ?

উত্তৰঃ 'জোনাকী'ত প্ৰকাশিত 'কাকো আৰু হিয়া নিবিলাওঁ' নামৰ প্ৰেমৰ কবিতাৰে হেমচন্দ্ৰ গোস্বামী কবিতা জগতত পৰিচিত হয় ।


৯। কোন অসমীয়া সাহিত্য়ত প্ৰথম ছনেট ৰচোঁতা ?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামী অসমীয়া সাহিত্য়ত প্ৰথম ছনেচ ৰচোঁতা । 


১০। কিমান চনত গুৱাহাটীৰ নিজ ঘৰত হেমচন্দ্ৰ গোস্বামীৰ পৰলোকপ্ৰাপ্তি ঘটে ?

উত্তৰঃ ১৯২৮ চনত ।


১১। হেমচন্দ্ৰ গোস্বামী সাহিত্য় সভাৰ ( তেজপুৰ অধিৱেশন -১৯২০ ) কিমান গৰাকী সভাপতি আছিল ।

 উত্তৰঃ চতুৰ্থগৰাকী সভাপতি আছিল ।


১২। পুৰণি পুথি সম্পাদনাৰ ক্ষেত্ৰত কাৰ নাম স্মৰণ কৰিবলগীয়া ?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামীৰ নামত স্মৰণ কৰিবলগীয়া ।


১৩। প্ৰিয়তমাৰ চিঠি কবিতাটো কোনে ৰচনা কৰিছিল ?

উত্তৰঃ প্ৰিয়তমান চিঠি কবিতাটো হেমচন্দ্ৰ গোস্বামীয়ে ৰচনা কৰিছিল ।


১৪। কি কুঁহিপাত ৰ'দত লেৰেলে ?

উত্তৰঃ বসন্তৰ কুঁহিপাত । 


১৫। কাৰ বুকুত কাঁচলি উদঙ্গাই ?

উত্তৰঃ সৌন্দৰ্য্য়ৰ বুকুত ।


১৬। গোলাঘাটৰ মহকুমাত অন্তৰ্গত এখন সত্ৰৰ নাম কি ?

উত্তৰঃ গৌৰাংগ সত্ৰ । 


১৭। গৌৰাংগ সত্ৰত জন্ম হোৱা এজন কবিৰ নাম কি ?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামী ।


১৮। কাৰ দ্বাৰা ৰচিত কেইটিমান কবিতা 'ফুলৰ চাকি' কবিতা পুথিখনিত সন্নিৱিষ্ট হৈছে ?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত ।


১৯। অসমৰ সাহ্য়িত সভাৰ ১৯২০ চনত হোৱা চতুৰ্থগৰাকী সভাপতি জনৰ নাম কি ?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামী ।


২০। হৃদয়ত হেঁপাহৰে কি তৰা জ্বলে ?

উত্তৰঃ হৃদয়ত হেঁপাহৰ ভোটাতৰা জ্বলে ।


Type By Chandana Bora



Post ID : DABP003670