Back To Book Content


  থলুৱাসকলৰ স্থানান্তৰকৰণ

 বিষয়বস্তু ১০

১। চমু উত্তৰ লিখাঃ 

ক) হ'পিসকল কোন আছিল ?

উত্তৰঃ হ'পিসকল আছিল আদিম জনগোষ্ঠী লোক।


খ) 'নিউজিলেণ্ড' নামটো কোনে লিখিছিল ?

উত্তৰঃ 'নিউজিলেণ্ড' নামটো এজন তাচনে লিখিছিল।


গ) আমেৰিকাত সোণ কোন চনত পোৱা গৈছিল ?

উত্তৰঃ আমেৰিকাত সোণ ১৮৪০ চনত। 


ঘ) আমেৰিকাত ৰেড ইণ্ডিয়ানসকলৰ পুৰ্ণগঠন আইনখন কোন চনত প্ৰণয়ন কৰা হৈছিল ?

উত্তৰঃ আমেৰিকাত ৰেড ইণ্ডিয়ানসকলৰ আইনখন ১৮৬০ চনত প্ৰণয়ন কৰা হৈছিল। 


ঙ) ব্ৰিটিছসকলে ভাৰ্জিনিয়াত উপনিৱেশৰ ভেঁটি কেতিয়া স্থাপন কৰিছিল ?

উত্তৰঃ ব্ৰিটিছসকলে ভাৰ্জিনিয়াত উপনিৱেশ ভেঁটি ১৬৭০ চনত স্থাপন কৰিছিল। 


২। উত্তৰ লিখাঃ

ক) আমেৰিকাৰ নামটো কেতিয়া ব্য়ৱহাৰ কৰা হৈছিল ?

উত্তৰঃ আমেৰিকাৰ ভেচপুচিৰ দ্বাৰা পৰিৱেশিত ভ্ৰমণ কাহিনীটো প্ৰকাশ হোৱা পিছতে আমেৰিকাৰ নামটো প্ৰথমবাৰ বাবে ব্য়ৱহাৰ হৈছিল। 


খ) কিমান চনত ফৰাচীসকলে কুইবেকত উপনিৱেশ স্থাপন কৰিছিল ?

উত্তৰঃ ১৬০৮ চনত ফৰাচীসকলে কুইবেকত উপনিৱেশ স্থাপন কৰিছিল। 


গ) উপনিৱেশ মানে কি ?

উত্তৰঃ ১৮ শতিকাৰ পৰা মধ্য় আমেৰিকা, দক্ষিণ আমেৰিকা, উত্তৰ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত নতুনকৈ বহুত লোক অনুপ্ৰৱেশ ঘটিছিল। ইউৰোপীয় ন-বাসিন্দাসকলে এনে ধৰণে অধিকাৰ কৰা স্থানসমূহক উপনিৱেশ বোলা হয়। 


ঘ) 'জি' কি শব্দ আৰু ইয়াৰ অৰ্থ কি ?

উত্তৰঃ 'জি' ডাচ্ শব্দ আৰু ইয়াৰ অৰ্থ হ'ল সাগৰ।


৩। চমু টোকা লিখাঃ 

ক) সোণৰ বাবে হোৱা দৌৰ,

উত্তৰঃ সোণৰ বাবে হোৱা দৌৰঃ উত্তৰ আমেৰিকাত সোণ পোৱা যাব বুলি এটা ধাৰণা আছিল। ১৮৪০ খ্ৰীঃপূঃলৈ এই দেশত কালিফৰ্ণিয়াত সোণ আৱিষ্কাৰ হ'ল। সোণৰ বাবে আৰম্ভ হৈছিল খৰখেদা। হাজাৰ হাজাৰ ইউৰোপীয়লোকে সৌভাগ্য় গঢ়াৰ মানসেৰে আমেৰিকালৈ গৈছিল। চীনৰ পৰা বহুত লোকৰ আমদানি কৰি মহাদেশখনৰ ইমূৰৰ পৰা সিমূৰলৈ ৰে'লৰ আলিৰ কাম আগবাঢ়িল। ১৮৭০ ত যুক্তৰাষ্ট্ৰ আৰু ১৮৯৫ কানাডাৰ ৰেলআলিৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ল। 

    উত্তৰ আমেৰিকাৰ বিপ্লৱ প্ৰসাৰৰ ক্ষেত্ৰত সম্পূৰ্ণ সুকীয়া কেতবোৰ কাৰণ নিহিত হ'ল। আমেৰিকাই নিজ দেশৰ দূ-দূৰণিৰ ঠাইবোৰৰ মাজত যোগাযোগৰ বাবে পৰিৱেশ ব্য়ৱস্থা ক্ষিপ্ৰ কৰিবলৈ ৰেলআলি সম্প্ৰসাৰণৰ আঁচনি লৈছিল। তাৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰী নিজৰ দেশতে নিৰ্মাণ কৰা কথা ভাৱিছিল। ১৮৬০ চনত আৰ্থিকভাৱে অনুন্নত যুক্তৰাষ্ট্ৰ ১৮৯০ বিশ্বৰ সকলোতকৈ আগৰ ঔদ্য়োগিক শক্তি হিচাপে পৰিগণিত হৈছিল।


খ) উত্তৰ আমেৰিকা লোকসকল,

উত্তৰঃ ৩০,০০০ বছৰ পূৰ্বে এদল লোকে এছিয়াৰ পৰা বেৰিং প্ৰণালীৰ ওপৰত থকা এখন স্থল-দলং পাৰ হৈ বৰ্তমান আমেৰিকাৰ মহাদেশত প্ৰৱেশ কৰিছিল। এই লোকসকলে আছিল উত্তৰ আমেৰিকাৰ প্ৰাচীনতম বাসিন্দা। সেই লোকসকলে নৈ পাৰত সমতল ভূমিত একলগ হৈ বসবাস কৰিছিল। তেওঁলোকে মাছ-মাংস ভক্ষণ কৰিছিল লগতে তেওঁলোকে গোমধান আৰু শাক-পাচলি ৰুইছিল। তেওঁলোকে মাংসৰ খাব কাৰণে কেতিয়াবা বহুত দূৰলৈ যাব লগা হৈছিল। ১৭ শতিকাত তেওঁলোকে স্পনীয় পমুৱাসকলৰ পৰা ক্ৰয় কৰা ঘোঁৰাবোৰ চেকুৰাই অৰণ্য়ত প্ৰৱেশ কৰি চিকাৰ কৰিবলৈ শিকিলে।

    উত্তৰ আমেৰিকা লোকসকলে চিকাৰ কৰা, কৃষি-বাগিচা নিৰ্মাণ কৰা, মাছমৰা, খাদ্য় সংগ্ৰহ কৰা এইবোৰ কাম তেওঁলোকে কৰিছিল। তাৰে যিকোনো এটা ঠাইত তেওঁলোকে হাবি-বননি কাটি চহাই সেই ঠাইতে সকলোবোৰ মানুহ গোট হৈ বসবাস কৰিছিল। উত্তৰ আমেৰিকাৰ লোকৰ বহুতো কথিত ভাষা আছিল যদিও তেওঁলোকে সেইবোৰ ভাষাৰ ব্য়ৱহাৰ কৰা নাছিল। সেই লোকসকলৰ মতে সময় বৃত্তাকাৰে ঘূৰি থাকে। বস্ত্ৰ-শিল্পৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদান আছিল চালে চকুৰোৱা। শিক্ষিত লোকসকলৰ দৰে তেওঁলোকে পুথি পঢ়িব জনা নাছিল যদিও তেওঁলোকে সুন্দকৈ পৃথিৱীৰ ভূ-ভাগৰ গুণাগুণৰ আৰু বতৰ আগজাননী দিব পাৰিছিল। 


 ৪। আমেৰিকাৰ স্থানীয় মানুহবোৰৰ বিষয়ে আলোচনা কৰা ?

উত্তৰঃ ৩০,০০০ বছৰ পূৰ্বে এদল লোকে এছিয়াৰ পৰা বেৰিং প্ৰণালীৰ ওপৰত থকা এখন স্থল-দলং পাৰ হৈ বৰ্তমান আমেৰিকাৰ মহাদেশত প্ৰৱেশ কৰিছিল। এই লোকসকলে আছিল উত্তৰ আমেৰিকাৰ প্ৰাচীনতম বাসিন্দা। সেই লোকসকলে নৈ পাৰত সমতল ভূমিত একলগ হৈ বসবাস কৰিছিল। তেওঁলোকে মাছ-মাংস ভক্ষণ কৰিছিল লগতে তেওঁলোকে গোমধান আৰু শাক-পাচলি ৰুইছিল। তেওঁলোকে মাংসৰ খাব কাৰণে কেতিয়াবা বহুত দূৰলৈ যাব লগা হৈছিল। ১৭ শতিকাত তেওঁলোকে স্পনীয় পমুৱাসকলৰ পৰা ক্ৰয় কৰা ঘোঁৰাবোৰ চেকুৰাই অৰণ্য়ত প্ৰৱেশ কৰি চিকাৰ কৰিবলৈ শিকিলে। 

    এই লোকসকলে বহল ভাৱে খেতি নকৰা কাৰণে তেওঁলোকৰ কোনো বস্তু ৰাহি হোৱা নাছিল। আশ্ৰয় আৰু খাদ্য় আহৰণ কৰিয়ে তেওঁলোক সন্তুষ্ট আছিল। তেওঁলোকৰ মাজত বয়-বস্তু বেচা-কিনা নাছিল সেইবোৰ উপহাৰ বিনিময় নিয়মহে আছিল। উত্তৰ আমেৰিকা লোকৰ বহুতো কথিত ভাষা আছিল যদিও তেওঁলোকে সেইবোৰ ব্য়ৱহাৰ কৰা নাছিল। উত্তৰ আমেৰিকাৰ লোকসকল হস্তশিল্পটো অতি নিপুন আছিল। তেওঁলোকে শিক্ষিত লোকৰ দৰে পুথি পঢ়িব জনা নাছিল, তথাপিও তেওঁলোকে সৰসৰীয়াকৈ পৃথিৱীৰ ভূ-ভাগ গুণাগুণৰ বৰ্ণনা আৰু বতৰৰ আগজাননী দিব পাৰিছিল। তেওঁলোকে গছ-গছনি ৰোপণ কৰিছিল। আমেৰিকা লোকসকলে বহুতো ভাষাত কথা-বতৰা পাতিছিল। মাছমৰা, খাদ্য়-সংগ্ৰহ কৰা, চিকাৰ কৰা, কৃষি বাগিচা নিৰ্মাণ কৰা সেইবোৰ কৰিছিল। 



Post Id: DABP003921