Back To Book Content


তৃতীয় অধ্য়ায়

সমতা

১) পিতৃতান্ত্ৰিক ধাৰণাই কি বুজায়?

উত্তৰঃ পুৰুষৰ আধিপত্য়ক বুজায়।


২) সমতাৰ অৰ্থ কি?

উত্তৰঃ ৰাষ্ট্ৰৰ প্ৰতিজন নাগৰিকে নিজৰ যোগ্য়তা অনুসৰি ৰাষ্ট্ৰৰ পৰা সমান সা-সুবিধা লাভ কৰা।


৩) সমাজিক সমতা থকা বুলি কেতিয়া ক'ব পাৰি?

উত্তৰঃ সমাজত থকা বিভিন্ন জাতি-উপজাতিৰ মাজত বৈষম্য় নাথাকিলে সামাজিক সমতা থকা বুলি ক'ব পাৰি।


৪) প্ৰাকৃতিক সমতা বুলিলে কি বুজা?

উত্তৰঃ মানুহে সৃষ্টি কৰা বৈষম্য় নথকাটোকে প্ৰাকৃতিক সমতা বুলি কোৱা হয়।


৫) সমতা শব্দটোৰ প্ৰকৃত তাৎপৰ্য কি?

উত্তৰঃ সকলোৰে বাবে সমান সুযোগ-সুবিধাৰ পথ খোলা ৰাখি সমভাবে সকলোৰে ব্য়ক্তিত্ব বিকাশৰ পথৰ অন্তৰায়বোৰ দূৰ কৰা।


৬) আধুনিক ৰাজনীতি বিজ্ঞানৰ অধ্য়য়নত কোনে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে?

উত্তৰঃ প্ৰাকৃতিক অসমতা আৰু সামাজিক অসমতাই।


৭) সকলো সমতাৰ মূল ভেঁটি কি?

উত্তৰঃ অৰ্থনৈতিক সমতা।


৮) নাগৰিকসকলৰ মাজত কি সমতা নাথাকিলে অন্য় সমতাবিলাকৰ তাৎপৰ্য কমি যায়?

উত্তৰঃ অৰ্থনৈতিক সমতা নাথাকিলে।


৯) কিহৰ দ্বাৰা পুৰুষ আৰু মহিলাৰ মাজত অসমতা আহি পৰে?

উত্তৰঃ জৈৱিক আৰুু লিংগভিত্তিক পাৰ্থক্য়ৰদ্বাৰা।


১০) কাৰ্লমাৰ্ক্সৰ তত্ত্ব মতে পৃথিৱীখন কেনেকুৱা?

উত্তৰঃ গতিশীল।


১১) কাৰ্লমাৰ্ক্সৰ মতে সমাজ ব্যৱস্থাৰ নিয়ন্ত্ৰক কি?

উত্তৰঃ ধন উপাৰ্জনৰ নীতি।


১২) এৰিষ্ট'টলৰ মতে- ৰাষ্ট্ৰ কি?

উত্তৰঃ এৰিষ্ট'টলৰ মতে- ৰাষ্ট্ৰ হৈছে নৈতিক নীতি।


১৩) সমাজবাদ কি?

উত্তৰঃ সমাজবাদ হ'ল এটা ৰাজনৈতিক ধাৰণা।


১৪) সমাজবাদৰ মূল লক্ষ্য় কি?

উত্তৰঃ সমাজৰ পৰা সকলো প্ৰকাৰৰ অসমতাক প্ৰতিহত কৰি ৰাষ্ট্ৰীয় সম্পদৰাজিক ন্য়ায়সংগতভাৱে বিতৰণ কৰা।


১৫) সামাজিক সমতা প্ৰতিষ্ঠা কৰিবলৈ হ'লে কি থাকিব নালাগে?

উত্তৰঃ জাতিৰ ভিত্তিত বা জন্মৰ ভিত্তিত মানুহৰ মাজত ডাঙৰ-সৰু থাকিব নালাগে।


১৬) সংবিধানত সন্নিৱিষ্ট কৰা মৌলিক অধিকাৰে কিহৰ বাট মুকলি কৰিছে?

উত্তৰঃ সমতা প্ৰতিষ্ঠাৰ বাট মুকলি কৰিছে।


১৭) অৰ্থনৈতিক সমতাই কি নুবুজায়?

উত্তৰঃ সকলো নাগৰিকৰে সমান সম্পত্তি থকাক নুবুজায়।


১৮) সমাজত অসমতাৰ মূল কাৰণ কি?

উত্তৰঃ অৰ্থনৈতিক।


১৯) বৰ্তমান সময়ত সমাজবাদ কি?

উত্তৰঃ এটা সাৰ্বজনীন মতবাদ হিচাপে স্বীকৃত ধাৰণা।


২০) ৰাম মনোহৰ লোহিয়া কোন আছিল?

উত্তৰঃ এজন বিশিষ্ট সমাজবাদী চিন্তাবিদ আছিল।


২১) কাৰ্লমাৰ্ক্সৰ সমাজবাদৰ ব্যাখ্যাই কাক অনুপ্ৰাণিত কৰিছে?

উত্তৰঃ পৃথিৱীৰ সকলো দেশৰ জনসাধাৰণক। 


২২) স্বাধীনতা আৰু সমতাক কিহৰ ভেঁটি আখ্য়া দিব পাৰি?

উত্তৰঃ স্বাধীনতা আৰু সমতাক গণতন্ত্ৰৰ ভেঁটি আখ্য়া দিব পাৰি।


২৩) সমতাৰ ধাৰণাটো কি?

উত্তৰঃ এটা গুৰুত্বপূৰ্ণ গণতান্ত্ৰিক আদৰ্শ।


২৪) বৰ্তমান সময়ত সমাজবাদ কি?

উত্তৰঃ এটা সাৰ্বজনীন মতবাদ হিচাপে স্বীকৃত ধাৰণা।


২৫) সমাজবাদী দলৰ নেতাসকলৰ মাজত অন্য়তম কোন আছিল?

উত্তৰঃ ৰাম মনোহৰ লোহিয়া।


২৬) পৰস্পৰ বিৰোধী সমতা দুটাৰ নাম লিখা।

উত্তৰঃ সামাজিক সমতা আৰু প্ৰাকৃতিক সমতা।


২৭) ৰাজনৈতিক সমতাৰ এটা প্ৰধান ভেঁটি কি?

উত্তৰঃ অৰ্থনৈতিক সমতা।


২৮) ব্য়াপক অৰ্থত উদাৰতাবাদ কি?

উত্তৰঃ বুদ্ধিগত, নীতিগত, সামাজিক, অৰ্থনৈতিক সম্পকৰ বিকাশৰ সাধনৰ প্ৰচেষ্টা।


২৯) যোগাত্মক পদক্ষেপসমূহ দেখাত কেনেকুৱা?

উত্তৰঃ বৈষম্য়মূলক।


৩০) ৰাম মনোহৰ লোহিয়াই ভাৰতৰ সমাজত কেই প্ৰকাৰৰ অসমতাৰ প্ৰচলন থকাৰ কথা কৈছিল?

উত্তৰঃ পাঁচ প্ৰকাৰৰ।


৩১)  ৰাজনীতি বিজ্ঞানত সমতা শব্দটোৱে কি বুজায়?

উত্তৰঃ ৰাষ্ট্ৰৰ ভিতৰত বসবাস কৰা প্ৰতিজন নাগৰিকে সমান সা-সুবিধা আৰু সুযোগ লাভ কৰা ব্যৱস্থাকো বুজায়।


৩২) ১৯৭৫ চনৰ বছৰটোক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই কি উদ্দেশ্য়ে আন্তৰ্জাতিক নাৰীবৰ্ষ হিচাপে ষোঘণা কৰিছিল?

উত্তৰঃ নাৰীৰ মৰ্যাদা আৰু সম অধিকাৰক সমৃদ্ধ কৰা উদ্দেশ্য়ে।


৩৩) কিহৰ ভিত্তিত পুৰুষ আৰু মহিলাৰ মাজত কাৰ্যবিভাজনৰ সৃষ্টি কৰা হৈছে?

উত্তৰঃ লিংগভেদৰ ভিত্তিত।


৩৪) পুৰুষ আৰু নাৰীৰ মাজৰ সামাজিক অসমতা কি?

উত্তৰঃ ন্যায়সংগত।


৩৫) ৰাষ্ট্ৰই নাগৰিকক প্ৰদান কৰা সুবিধাসমূহ কি হোৱা উচিত?

উত্তৰঃ সমানুপাতিক হোৱা উচিত।


৩৬) কেতিয়াৰ পৰা সমতাই ধাৰণাই ৰাজনৈতিক চিন্তাবিদসকলৰ চিন্তাধাৰাত গুৰুত্বপূুৰ্ণ স্থান লাভ কৰিছিল?

উত্তৰঃ অতি প্ৰাচীনকালৰ পৰাই।


৩৭) অধ্য়াপক লয়েডৰ মতে সমতাৰ অৰ্থ কি?

উত্তৰঃ সকলো মানুহকে সমান বুলি গণ্য় কৰি সকলোকে সমান সুযোগ-সুবিধা দিব লাগি।


৩৮) মানৱসৃষ্ট অসমতাটোৰ নাম লিখা।

উত্তৰঃ সামাজিক অসমতা।


৩৯) গণতান্ত্ৰিক ৰাজনৈতিক সমাজত কি সূচায়?

উত্তৰঃ ৰাষ্ট্ৰৰ সকলো নাগৰিকক কিছুমান অধিকাৰ দিয়াটো সূচায়।


৪০)  চমু অৰ্থত নাৰীবাদক কি বুলিব পাৰি?

উত্তৰঃ পুৰুষ আৰু মহিলাৰ মাজত সম অধিকাৰৰ বাবে কৰা এটা ৰাজনৈতিক আন্দোলন বা মতবাদ বুলিব পাৰি।


৪১) কাৰ্লমাৰ্ক্সৰ মতে ইতিহাস অধ্য়য়ন কৰিলে কি দেখা যায়?

উত্তৰঃ কাৰ্লমাৰ্ক্সৰ মতে ইতিহাস অধ্য়য়ন কৰিলে কি দেখা যায় যে প্ৰত্য়েক যুগতে সমাজত শ্ৰেণী বৈষম্য় বা অসমতা আছিল।


৪২) সমাজবাদীসকলে ৰাষ্ট্ৰক কি হিচাপে গণ্য কৰে?

উত্তৰঃ ব্যক্তিৰ জীৱনৰ সৰ্বাংগীন একমাত্ৰ নিৰ্ভৰযোগ্য় আনুষ্ঠানিক ব্যৱস্থা হিচাপে গণ্য় কৰে।


৪৩) ৰামমনোহৰ লোহিয়াই কাৰ আদৰ্শত বাৰুকৈ প্ৰভাৱিত হৈছিল?

উত্তৰঃ মহাত্মা গান্ধীৰ আদৰ্শত বাৰুকৈ প্ৰভাৱিত হৈছিল।


৪৪) কাৰ্লমাৰ্ক্সৰ সমাজবাদ কিহৰ ভিত্তিত গঠিত?

উত্তৰঃ অৰ্থনৈতিক যুক্তিৰ ভিত্তিত গঠিত।


৪৫) প্ৰাকৃতিক অসমতা কাক বোলে?

উত্তৰঃ মানুহৰ কিছুমান জন্মগত বৈশিষ্ট্য় থাকে যিবোৰক প্ৰাকৃতিক অসমতা বোলা হয়।


৪৬) সমাজিক সমতা প্ৰতিষ্ঠা কৰিবলৈ হ'লে কি কৰিব লাগে?

উত্তৰঃ জাতিৰ ভিত্তিত বা জন্মৰ ভিত্তিত মানুহৰ মাজত ডাঙৰ-সৰু, উচ্চ-নীচৰ ভাব থাকিব নালাগে।


৪৭) ৰাষ্ট্ৰতত্ত্বৰ বিকাশত কোনে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে?

উত্তৰঃ উদাৰতাবাদে।


৪৮) উদাৰতাবাদীসকলে বিশ্বাস কৰা মতে প্ৰতিযোগিতা কি?

উত্তৰঃ চৰকাৰী পদবী লাভৰ আটাইতকৈ সক্ৰিয় আৰু ন্য়ায়সংগত উপায়।


৪৯) সমতাৰ কল্পনাক কেই ধৰণে প্ৰকাশ কৰিব পাৰি?

উত্তৰঃ সকৰাত্মক আৰু নকৰাত্মক এই দুই ধৰণে প্ৰকাশ কৰিব পাৰি।


৫০) নাগৰিক সমতাই কি বুজায়?

উত্তৰঃ ৰাষ্ট্ৰৰ সকলো মানুহৰ সমান অধিকাৰক বুজায়।


Author: Chinmay Kakati


Post Id: DABP003835