ৰাজনৈতিক তত্ত্বঃ এক চমু পৰিচয়
প্ৰথম অধ্য়ায়  

১) সাম্প্ৰতিক সময়ৰ গণতান্ত্ৰিক ৰাজনীতিৰ মূল চালিকা শক্তি কি?
উত্তৰঃ অধিকাৰৰ হকে বৃহত্তৰ সমাজত গঢ়ি উঠা জনচেতনা আৰু আন্দোলনসমূহ।


২) ৰাজনীতি বিজ্ঞানৰ অধ্য়য়নৰ মূল বিষয়-বস্তু কি?
উত্তৰঃ ৰাজনীতি বিজ্ঞানৰ মূল বিষয়-বস্তু ৰাষ্ট্ৰ।


৩) ৰাজনীতি বিজ্ঞান এটি কেনেকুৱা বিষয়?
উত্তৰঃ গতিশীল বিষয়।


৪)কোনে অৰ্থনীতিক ৰাজনীতি বিজ্ঞানৰ অংশ বুলি বিবেচনা কৰিছিল?
উত্তৰঃ এৰিষ্ট'টলে অৰ্থনীতিক ৰাজনীতি বিজ্ঞানৰ অংশ বুলি বিবেচনা কৰিছিল।


৫) মানুহ আৰু জীৱজগতৰ অন্য়ান্য় প্ৰাণীৰ মাজত থকা প্ৰথম পাৰ্থক্য়টো কি?
উত্তৰঃ মানুহ যুক্তিশীল প্ৰাণী।


৬) ৰাজনীতি বিজ্ঞানে সমাজশাস্ত্ৰৰ পৰা কি সংগ্ৰহ কৰে?
উত্তৰঃ ৰাজনীতি বিজ্ঞানে সমাজশাস্ত্ৰৰ পৰা নানা উপাদান আৰু উদাহৰণ সংগ্ৰহ কৰে।


৭) এডাম স্মিথৰ মতানুসাৰে অৰ্থনীতিৰ মুখ্য় উদ্দেশ্য় কি?
উত্তৰঃ জণগণ আৰু ৰাষ্ট্ৰক ধনবান কৰি তোলা।


৮) ৰাজনীতি বিজ্ঞানক সমাজশাস্ত্ৰৰ পৰা পৃথক কৰা কিয় সহজ নহয়?
উত্তৰঃ কাৰণ কোনো ব্যৱস্থাক ইয়াৰ পৰিবেশৰ পৰা পৃথক কৰিব নোৱাৰি।


৯) নীতিশাস্ত্ৰৰ বিধানসমূহ কিহৰ দ্বাৰা আইনত ৰূপান্তৰিত হয়?
উত্তৰঃ নীতিশাস্ত্ৰৰ বিধানসমূহ ৰাষ্ট্ৰৰ দ্বাৰা আইনত ৰূপান্তৰিত হয়।


১০) নাগৰিকত্ব লাভৰ এটা গুৰুত্বপূৰ্ণ অবলম্বন কি?
উত্তৰঃ জন্ম পঞ্জীয়ন।


১১) কিহৰ আধাৰত মানুহে সংগঠিত জীৱন গঢ়ি তুলিছে?
উত্তৰঃ যুক্তি আৰু ভাষাৰ আধাৰত মানুহে সংগঠিত জীৱন গঢ়ি উঠিছে।


১২) সমাজ জীৱনৰ প্ৰাথমিক অনুষ্ঠান কি?
উত্তৰঃ পৰিয়াল।


১৩) অৰ্থনৈতিক জীৱন ব্য়ৱস্থাৰ বাবে কি গঢ়ি উঠিছে?
উত্তৰঃ বেংক ব্য়ৱস্থা।


১৪) ৰাজনীতিৰ এৰাব নোৱাৰা অংগ কি?
উত্তৰঃ নিৰ্বাচন, ভোটদান, নিৰ্বাচনী বিতৰ্ক আদি।


১৫) ৰাষ্ট্ৰৰ এটা অপৰিহাৰ্য অংগ কি?
উত্তৰঃ চৰকাৰ।


১৬) ৰাজনৈতিক ব্য়ৱস্থা বহুতো পৰিমাণে কাৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰঃ সমাজিক পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰে।


১৭) গণতন্ত্ৰ কাৰ ওপৰত প্ৰতিষ্ঠিত?
উত্তৰঃ জনমতৰ ওপৰত গণতন্ত্ৰ প্ৰতিষ্ঠিত।


১৮)  জনমতৰ সম্য়ক ধাৰণা পাবৰ কাৰণে কিহৰ প্ৰয়োজন?
উত্তৰঃ মনস্তত্ত্বৰ পৰ্যালোচনাৰ প্ৰয়োজন।


১৯) ৰাষ্ট্ৰৰ আইনৰ দ্বাৰা দুৰ্নীতি অৱসান ঘটাই কি কৰা হয়?
উত্তৰঃ সুনীতি প্ৰতিষ্ঠা কৰা হয়।


২০) ৰাজনীতি বিজ্ঞান আৰু সমাজ শাস্ত্ৰৰ মাজত কেনেকুৱা সম্পৰ্ক আছে?
উত্তৰঃ ঘনিষ্ঠ সম্পৰ্ক আছে।


২১) ৰাজনীতি বিজ্ঞানক নীতিশাস্ত্ৰৰ কৱলৰ পৰা কোনে মুক্ত কৰিছে?
উত্তৰঃ মেকিয়াভেলীয়ে।


২২) "ৰাজনীতি বিজ্ঞানৰ ভিত্তি মনোবিজ্ঞানৰ মাজতেই নিহিত আছে"- কথাষাৰপ কোনে কৈছিল?
উত্তৰঃ লৰ্ড ব্ৰাইচে।


২৩) ৰাজনৈতিক নীতি আৰু সিদ্ধান্তৰ দ্বাৰা প্ৰত্য়েকজন ব্যক্তিৰ জীৱন কি হয়?
উত্তৰঃ প্ৰভাৱান্বিত আৰু নিয়ন্ত্ৰিত হয়।


২৪) সংগঠিত জীৱন পৰিচালনাৰ বাবে মানুহ কি কৰে?
উত্তৰঃ বিভিন্ন ধৰণৰ প্ৰতিষ্ঠান গঢ়ি উঠে।


২৫) কাৰ জৰিয়তে ৰাষ্ট্ৰৰ ইচ্ছা-অনিচ্ছা বাস্তৱত ৰূপায়িত হয়?
উত্তৰঃ চৰকাৰৰ জৰিয়তে ৰাষ্ট্ৰৰ ইচ্ছা-অনিচ্ছা বাস্তৱত ৰূপায়িত হয়।


২৬) বৰ্তমান সময়ত সামাজিক আন্দোলন কিহৰ অন্যতম আলোচ্য বিষয়?
উত্তৰঃ ৰাজনীতি বিজ্ঞানৰ।


২৭) বিভিন্ন সমাজতত্ত্ববিদে সামাজিক দৃষ্টিকোণৰ পৰা কি কৰিছে?
উত্তৰঃ ৰাজনীতি বিজ্ঞানৰ বহুতো ধাৰণাক ব্যাখ্যা কৰিছে।


২৮) সমাজশাস্ত্ৰ সম্পৰ্কে কোনো ধাৰণা নেথাকিলে কি কৰিব নোৱাৰি?
উত্তৰঃ ৰাজনীতি বিজ্ঞানৰ প্ৰকৃত স্বৰূপ উপলদ্ধি কৰিব নোৱাৰি।


২৯) কি অবিহনে বুৰঞ্জীৰ অধ্য়য়ন সাৰ্থক হ'ব নোৱাৰে?
উত্তৰঃ ৰাজনৈতিক জ্ঞান অবিহনে।


৩০) অৰ্থনীতি কিহৰ ওপৰত নিৰ্ভৰশীল?
উত্তৰঃ অৰ্থনীতি ৰাজনীতিৰ ওপৰত নিৰ্ভৰশীল।


৩১) কিহৰ ভিত্তিত ৰাজনৈতিক তত্ত্বৰ সৃষ্টি হয়?
উত্তৰঃ অৰ্থনৈতিক মূল সূত্ৰৰ ভিত্তিত ৰাজনৈতিক তত্ত্বৰ সৃষ্টি হয়।


৩২) নীতিশাস্ত্ৰ আৰু ৰাজনীতি বিজ্ঞানৰ মাজত কি আছে?
উত্তৰঃ পাৰ্থক্য় আছে।


৩৩) নীতিশাস্ত্ৰৰ নিৰ্দেশ কেনেকুৱা?
উত্তৰঃ ন্য়ায়ভিত্তিক।


৩৪) কল্য়াণকামী ৰাষ্ট্ৰত ৰাজনীতি আৰু অৰ্থনীতিৰ মাজত কেনেকুৱা সম্পৰ্ক দেখা যায়?
উত্তৰঃ নিবিড় সম্পৰ্ক দেখা যায়।


৩৫) দেশৰ অৰ্থনৈতিক সমস্য়াদিৰ প্ৰকৃত সমাধানৰ বাবে কিহৰ দৰকাৰ?
উত্তৰঃ ৰাজনৈতিক দৃষ্টিভংগী থকা দৰকাৰ।


৩৬) বিভিন্ন ৰাজনৈতিক তত্ত্ব কিহৰ ভিত্তিত প্ৰতিষ্ঠিত হয়?
উত্তৰঃ বুৰঞ্জীৰ জ্ঞানৰ ভিত্তিত প্ৰতিষ্ঠিত হয়।


৩৭) বুৰঞ্জী কিহৰ দ্বাৰা প্ৰভাৱিত হয়?
উত্তৰঃ ৰাজনৈতিক ঘটনাৰ দ্বাৰা। 


৩৮) ৰাষ্ট্ৰ আৰু চৰকাৰৰ উপৰি ৰাজনীতি বিজ্ঞান অধ্য়য়নৰ অন্য় বিষয়-বস্তু কি? 
উত্তৰঃ চৰকাৰৰ নীতি প্ৰস্তুতি, আইন প্ৰণয়ন, ন্য়ায়পালিকাৰ সিদ্ধান্ত আদি।


৩৯) সমাজশাস্ত্ৰৰ এটা বিশেষ বিষয়ৰ নাম লিখা।
উত্তৰঃ ৰাজনীতি বিজ্ঞান।


৪০) আধুনিক ৰাজনীতি বিজ্ঞানৰ ওপৰত কিহৰ প্ৰভাৱ বৃদ্ধি পাইছে?
উত্তৰঃ সমাজশাস্ত্ৰৰ প্ৰভাৱ বৃদ্ধি পাইছে।


৪১) অৰ্থনীতি মূলতঃ কি?

উত্তৰঃ এটা বস্তুনিষ্ঠ বিজ্ঞান।


৪২) কেতিয়া অৰ্থনীতিক এটা শেষ বিষয় হিচাপে গণ্য় কৰা হয়?
উত্তৰঃ ঊনবিংশ শতাব্দীৰ শেষ ভাগত।


৪৩) ৰাজনীতি বিজ্ঞানে কি নিৰ্ধাৰণ  কৰে?
উত্তৰঃ ৰাজনৈতিক বিজ্ঞানে ৰাজনৈতিক জীৱনৰ গতি-প্ৰকৃতিক নিৰ্ধাৰণ কৰে।



৪৪) ৰাষ্ট্ৰৰ নিৰ্দেশ কিহৰ ভিত্তিত নিৰ্ধাৰিত হয়?
উত্তৰঃ ৰাষ্ট্ৰৰ নিৰ্দৈশ সুবিধা-অসুবিধাৰ ভিত্তিত নিৰ্ধাৰিত হয়।



৪৫) ভাৰতীয় সংবিধানে স্বীকৃতি দিয়া অধিকাৰসমূহৰ ভিতৰত অন্য়তম অধিকাৰটো কি?
উত্তৰঃ জীয়াই থকাৰ অধিকাৰ।



৪৬) আধুনিক অৰ্থনীতিৰ সিদ্ধান্তবিলাক কিহত প্ৰকাশিত হয়?
উত্তৰঃ সংখ্য়াতত্ত্বৰ বৈজ্ঞানিক ভাষাত প্ৰকাশিত হয়।



৪৭) অৰ্থবিজ্ঞানীসকলে কি পৰিচালনা কৰে?
উত্তৰঃ অৰ্থবিজ্ঞানীসকলে ৰাষ্ট্ৰৰ অৰ্থনৈতিক দিশটোক পৰিচালনা কৰে।



৪৮) চৰকাৰৰ স্থায়ীত্বৰ বাবে কি কৰা উচিত?
উত্তৰঃ জণগনৰ মনস্তত্ত্বৰ অনুধাৱন কৰা উচিত।



৪৯) ৰাজনীতি বিজ্ঞানে বুৰঞ্জীৰ আলোচনাত কি দান কৰে?
উত্তৰঃ পূৰ্ণতা দান কৰে।



৫০) ৰাজনীতি বিজ্ঞানৰ গৱেষণা অভিজ্ঞতাই কাক প্ৰভাৱিত কৰে?
উত্তৰঃ বুৰঞ্জীক প্ৰভাৱিত কৰে।



Author: Chinmay Kakati 



Post Id: DABP003911