প্ৰাচীন ভাৰতৰ ইতিহাস পুনৰ গঠন

 অধ্যায় ১

চমু প্ৰশ্ন উত্তৰঃ

১। পৌৰাণিক শাস্ত্ৰমতে দুষ্যন্তৰ পুত্ৰ ভৰতে তেওঁৰ ৰাজ্য প্ৰতিষ্ঠা কৰি সমগ্ৰ ভাৰতত কি সংস্কৃতি প্ৰচাৰ কৰিছিল?

উত্তৰঃ পৌৰাণিক শাস্ত্ৰমতে দুষ্যন্তৰ পুত্ৰ ভৰতে তেওঁৰ ৰাজ্য প্ৰতিষ্ঠা কৰি সমগ্ৰ ভাৰতত আৰ্য সংস্কৃতি প্ৰচাৰ কৰিছিল।


২। কোন লোকসকলে আমাৰ দেশৰ ক্ষেত্ৰত 'ইণ্ডিয়া' নামটো ব্যৱহাৰ কৰিছিল?

উত্তৰঃ গ্ৰীকসকলে আমাৰ দেশৰ ক্ষেত্ৰত 'ইণ্ডিয়া' নামটো ব্যৱহাৰ কৰিছিল।


৩। হিন্দুৰ সৈতে সংযুক্ত দেশখনক কি বুলি কোৱা হৈছিল?

উত্তৰঃ হিন্দুৰ সৈতে সংযুক্ত দেশসনক হিন্দ আৰু হিন্দুস্থান বোলা হৈছিল।


৪। ভাৰত মূলত কেইটা ভাগত বিভক্ত কৰিব পাৰি আৰু কি কি?

উত্তৰঃ ভাৰত মূলত চাৰিটা প্ৰধান ভাগত বিভক্ত । সেইকেইটা হৈছে - (ক) উত্তৰৰ পাহাৰীয়া ৰাজ্য (পুৰাণত পৰ্বতশ্ৰেয়ন আখ্যা দিয়া হৈছে), টেৰাই অঞ্চলৰ অটব্য অৰণ্যৰ পৰা হিমালয় আৰু উচ্চ অঞ্চল কাশীৰ কাংৰা, টেৰাই, কুমাওঁন, নেপাল, চিকিম আৰু ভূটানলৈ (খ) সিন্ধুৰ প্ৰচুৰ গম উৎপন্ন হোৱা উপত্যকাকে সামৰি আৰু ইয়াৰ উপনৈসমূহৰ উপত্যকাবোৰ, সিন্ধু আৰু সিন্ধুৰ বালিময় অঞ্চল, আৰু গঙ্গা, যমুনা আৰু ব্ৰহ্মপুত্ৰৰ সাৰুৱা অঞ্চলবোৰ (গ) গংগা সমভূমিৰ দক্ষিণলৈ বিস্তিত দাক্ষিণাত্য আৰু দক্ষিণ মধ্য ভাৰতৰ মালভূমি অঞ্চল আৰু (৪) দক্ষিণে ঘাটৰ পৰা সাগৰলৈ বিস্তিত দীঘল আৰু ঠেক সমুদ্ৰৰ সমতলভূমি আৰু কাঞ্চন আৰু মালবাৰৰ দৰে উন্নত বন্দৰ সমূহকে ধৰি গোদাবৰী, কৃষ্ণা আৰু কাৱেৰীৰ উৰ্বৰা ব-দ্বীপবোৰ।


৫। হিমালয়ৰ পৰা বৈ অহা নদী কেইখনৰ নাম কি কি?

উত্তৰঃ হিমালয়ৰ পৰা বৈ অহা নদী কেইখন হৈছে- সিন্ধু, পঞ্জাৱৰ পঞ্চনদ, গংগা আৰু যমুনা।


৬। গংগা নদীৰ দক্ষিণত অৱস্থিত ত্ৰিভুজাকৃতিৰ মালভূমি অঞ্চলক কোন পৰ্বতমালাই পৃথক কৰিছে?

উত্তৰঃ গংগা নদীৰ দক্ষিণত অৱস্থিত ত্ৰিভুজাকৃতিৰ মালভূমি অঞ্চলক বিন্ধ্যা আৰু সাতপুৰা পৰ্বতমালাই পৃথক কৰিছে।


৭। বিন্ধ্যাচলৰ পৰা কেপ অব কেমৰিণলৈ বিস্তিত অঞ্চলটোৰ প্ৰধান নদীবোৰৰ নাম কি কি?

উত্তৰঃ বিন্ধ্যাচলৰ পৰা কেপ অব কেমৰিণলৈ বিস্তিত অঞ্চলটোৰ প্ৰধান নদীবোৰ আছিল মহানদী, কৃষ্ণা, কাবেৰী আৰু তুঙ্গাভদ্ৰা।


৮। এচিয়া মহাদেশৰ দক্ষিণ দিশত থকা বিশাল উপদ্বীপটোৰ নাম কি?

উত্তৰঃ এচিয়া মহাদেশৰ দক্ষিণ দিশত থকা বিশাল উপদ্বীপটোৱেই হ'ল ভাৰত।


৯। হিমালয়ৰ পৰা সাগৰলৈ বিস্তিত এই বিশাল ভূখণ্ড হিন্দুসকলৰ মাজত প্ৰাচীন কালত ভাৰতবৰ্ষ কি বুলি জনাজাত আছিল?

উত্তৰঃ হিমালয় পৰা সাগৰলৈ বিস্তিত এই বিশাল ভূখণ্ড হিন্দুসকলৰ মাজত প্ৰাচীন কালত ভাৰতবৰ্ষ বা পৌৰাণিক ৰজা ভৰতৰ ৰাজ্য বুলি জনাজাত আছিল। 


১০। পৌৰাণিক প্ৰবাদমতে কোনে ভাৰত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আৰু সমগ্ৰ ভাৰতত আৰ্য ধৰ্ম প্ৰচাৰ কৰিছিল?

উত্তৰঃ পৌৰাণিক প্ৰবাদমতে দুষ্যন্তৰ পুত্ৰ ভৰতে ভাৰত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আৰু সমগ্ৰ ভাৰতত আৰ্য ধৰ্ম প্ৰচাৰ কৰিছিল।


১১।  সিন্ধু নৈৰ পাৰত বাস কৰা লোকসকলক পুৰাণত কি বুলি কৈছিল?

উত্তৰঃ সিন্ধু নৈৰ পাৰত বাস কৰা লোকসকলক পুৰাণত হিন্দু বুলি কোৱা হৈছিল।

১২। ১৮ খন পুৰাণৰ ভিতৰত ঐতিহাসিক ঘটনা সন্নিৱিষ্ট পুৰাণকেইখন নাম কি কি?

উত্তৰঃ ১৮ খন পুৰাণৰ ভিতৰত ঐতিহাসিক ঘটনা সন্নিৱিষ্ট পুৰাণবোৰ হ'ল - বিষ্ণু পুৰাণ, বায়ু পুৰাণ, মৎস পুৰাণ আৰু ভৱিষ্যত পুৰাণ।


১৩। ইতিহাস কাক বোলে?

উত্তৰঃ অতীত মানুহৰ বিভিন্ন দিশৰ কৰ্মৰ অভিজ্ঞতাবোৰ অনুসন্ধান কৰি শৃংখলাৱদ্ধ পদ্ধতিৰে লিপিৱদ্ধ কৰি ৰখাকে হিষ্টৰী বা ইতিহাস বুলি কোৱা হয়। 


১৪। বক্তা আৰু  ইতিহাসে ক'ত জন্ম লাভ কৰিছে?

উত্তৰঃ এথেন্সৰ সুস্থ গণতন্ত্ৰৰ বাবে তাত বক্তা আৰু ইতিহাসে জন্ম লাভ কৰিছিল।


১৫। ভাৰতীয়সকলৰ মনত ইতিহাস-বিৰোধী ধাৰণাৰ উৎপত্তি কি?

উত্তৰঃ ভাৰতীয়সকলৰ মনত ইতিহাস-বিৰোধী ধাৰণাৰ উৎপত্তিৰ মূলতে আছিল মানৱ জীৱন অসাৰ বুলি প্ৰচাৰ হোৱা দৰ্শন।


১৬। ঐতিহাসিক চেতনাবোধৰ এটা গুৰুত্বপূৰ্ণ কাৰণ লিখা।

উত্তৰঃ ঐতিহাসিক চেতনাবোধৰ এটা গুৰুত্বপূৰ্ণ কাৰণ হ'ল কাল নিৰ্ণয় বা কাল নিৰূপণৰ জ্ঞান বা চেতনাৰ অভাৱ। কাল নিৰূপণ জ্ঞানৰ দ্বাৰা অতীত ভাৰতৰ ইতিহাসৰ ঘটনাবোৰৰ শুদ্ধ সময় নিৰ্দ্ধাৰণ কৰিব পাৰি। ঐতিহাসিক জ্ঞান বা বিদ্যা হ'ল অতীতত সংঘটিত ঘটনাবোৰক সময়ক্ৰম অনুসৰি শৃংখলাৱদ্ধ কৰা। অতীত ঘটনাৰ জ্ঞান, ঘটনাৰ শুদ্ধ বা সঁচা জ্ঞান থাকিলেও ই ঐতিহাসিক নহ'ব পাৰে যদিহে তাৰ শুদ্ধ বা সঠিক সাৰ্বজনীনভাৱে গৃহীত কাল যেনে খৃষ্টিয়ান, ইছলামিক, বিক্ৰম, শক, গুপ্ত আদিৰ উল্লেখ নাথাকে।


১৭। অতীত ভাৰতৰ ইতিহাসৰ সমলবোৰ কি কি?

উত্তৰঃ অতীত ভাৰতৰ ইতিহাসৰ সমলবোৰ হৈছে- (ক) সাহিত্যিক সমল আৰু (খ) প্ৰত্নতাত্ত্বিক সমল।


১৮। ধৰ্মৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা সাহিত্যবোৰ কি কি?

উত্তৰঃ ধৰ্মৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা সাহিত্যবোৰ আছিল ব্ৰাহ্মণ সাহিত্য, বৌদ্ধ সাহিত্য আৰু জৈন সাহিত্য।


১৯। বেদ কেইখন আৰু কি কি?

উত্তৰঃ বেদ চাৰিখন - (ক) ঋকবেদ, (খ) যজুৰবেদ, (গ) অথৰ্ববেদ আৰু সামবেদ।


২০। বেদসমূহ কাৰ গ্ৰন্থ আছিল?

উত্তৰঃ বেদসমূহ আৰ্যসকলৰ আদিম গ্ৰন্থ আছিলে।


২১।  বেদাঙ্গৰ ভাগ কেইটা আৰু কি কি?

উত্তৰঃ বেদাঙ্গৰ ভাগ ছয়টা । যেনে- (ক) শিক্ষা, (খ) কল্প, (গ) ব্যাকৰণ, (ঘ) নিৰুক্ত, (ঙ) চন্দ্ৰ আৰু (চ) জ্যোতিষ।


২২। ৰামায়ণ আৰু মহাভাৰত মহাকাব্য দুখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ ৰামায়ণ মহাকাব্যখন বাল্মিকী আৰু মহাভাৰত মহাকাব্যখন বেদব্যাসে ৰচনা কৰিছিল।


২৩। সংস্কৃত ভাষাত ৰচনা কৰা অতীত ভাৰতৰ গুৰুত্বপূৰ্ণ সমল কি?

উত্তৰঃ সংস্কৃত ভাষাত ৰচনা কৰা অতীত ভাৰতৰ গুৰুত্বপূৰ্ণ সমল আছিল ১৮ খন পুৰাণ। এই পুৰাণবোৰৰ ভিতৰত ৫খন পুৰাণৰ ঐতিহাসিক গুৰুত্ব অপৰিসীম আৰু সেইবোৰ আছিল মৎস, ভাগৱত, বিষ্ণু, বায়ু আৰু ব্ৰহ্মাণ্ড পুৰাণ। আন পুৰাণবোৰ আছিল ব্ৰহ্মা, পদ্ম, শিৱ, নাৰদীয়, মাৰ্কণ্ডেয়, অগ্নি, ভবিষ্য ব্ৰহ্মাৱৈবৰ্ত, লিংগ, বৰাহ, স্কন্দ, কুৰ্ম আৰু গডুৰ পুৰাণ। পুৰাণ সমূহত ঐতিহাসিক, ধৰ্মীয় বৈজ্ঞানিক আৰু অতীত ভাৰতৰ ৰাজনৈতিক অৱস্থাৰ বিৱৰণ পোৱা যায়। 


২৪। ১৮ খন পুৰাণৰ প্ৰতিখনে কেইটা ভাগত বিভক্ত কৰিছে আৰু কি কি?

উত্তৰঃ ১৮ খন পুৰাণৰ প্ৰতিখনে ৫ টা ভাগত বিভক্ত । যেনে-

(ক) সৰ্গ (প্ৰাথমিক সৃষ্টি) 

(খ) প্ৰতিসৰ্গ (বিশ্বব্ৰহ্মাণ্ডৰ ধ্বংসৰ পিছত পুনৰ সৃষ্টি)

(গ) বংশ (দেৱতা আৰু ঋষিৰ বংশাৱলী)

(ঘ) মন্বন্তৰ (এটা কল্পত থকা মহাযুগবোৰ)

(ঙ) বংশানুচৰিত্ৰ (প্ৰাচীন ৰজাসকলৰ বংশৰ ইতিহাস)।


২৫। সংগম কাক বোলে?

উত্তৰঃ সংস্কৃত সাহিত্যৰ উপৰিও সংগম সাহিত্যৰ ৰূপত প্ৰাচীন তামিল পুথি পোৱা যায়। প্ৰায় তিনি বা চাৰি শতিকা ধৰি কবিসকলে এই সাহিত্যৰ সৃষ্টি কৰিছিল। ৰজা আৰু নেতাৰ পৃষ্ঠপোষকতাত কবিসকলৰ এই সংগঠন বা সংঘটো সৃষ্টি হৈছিল। এনে এখন সমাজকে সংগম বোলা হৈছিল আৰু তেওঁলোকে ৰচনা কৰা সাহিত্যকে সংগম সাহিত্য বোলে।


২৬। সংগম সাহিত্য কবিতা কিমান শাৰীৰে গঠিত আৰু কেইটা গোটত ভাগ কৰা হৈছে আৰু সেই গোটক কি বুলি কোৱা হয়?

উত্তৰঃ সংগম সাহিত্য কবিতা ৩০, ০০০ শাৰীৰে গঠিত আৰু ইয়াক ৮ টা গোটত ভাগ কৰা হৈছিল। এই গোটক এট্টট্টোকাই বুলি কোৱা হয়।


২৭। শ্ৰেষ্ঠ সমল বুলি কাক কোৱা হয়?

উত্তৰঃ গ্ৰীক সমলবোৰক শ্ৰেষ্ঠ সমল বুলি বিবেচনা কৰা হয়।


২৮। হেৰোডটাছে ৰচনা কৰা শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ হেৰোডটাছে ৰচনা কৰা শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম 'হিষ্টৰিজ' ।


২৯। চীন ভ্ৰমণকাৰীসকলে কিমান খৃঃৰ পৰা ভাৰত ভ্ৰমণ কৰিছিল?

উত্তৰঃ চীন ভ্ৰমণকাৰীসকলে ৩৯৯ খৃঃৰ পৰা ভাৰত ভ্ৰমণ কৰিছিল।


৩০। অতীতত ভাৰত ভ্ৰমণ কৰা চীনা পৰিব্ৰাজকসকল কোন কোন আছিল?

উত্তৰঃ অতীতত ভাৰত ভ্ৰমণ কৰা চীনা পৰিব্ৰাজকসকল হ'ল - ফাহিয়ান, হিউৱেন চাঙ আৰু আই চিং।


৩২। ভাৰত ভ্ৰমণলৈ অহা চীনৰ প্ৰথমজন পৰিব্ৰাজক জনৰ নাম কি?

উত্তৰঃ ভাৰত ভ্ৰমণলৈ অহা চীনৰ প্ৰথমজন পৰিব্ৰাজক জনৰ নাম - ফাহিয়ান।


৩৩। মুছলমানসকলৰ গ্ৰন্থবোৰ কি কি?

উত্তৰঃ মুছলমানসকলৰ গ্ৰন্থবোৰ হৈছে- হাজান নিজামিৰ 'তাজ-উল-মাছিৰ', মীৰখণ্ডৰ 'ৰৌজত-উদ-চফা, খোন্দ মীৰৰ 'হবিৰ-উজ-চিয়াৰ, ফিৰিষ্টাৰ 'তাৰিখ-ই-ফিৰিষ্টা', নিজামুদ্দিনৰ 'তাবাকাৎ-ই-আকবৰি', মিনহাজউদ্দিনৰ 'তাবাকাত-ই-নাছিৰি', আল উৎবিৰ-ই-যামিনী', ইবন-উল-অথিৰৰ 'অল-তাৰিখ-উল-কামিল' আদি।


৩৪। প্ৰত্নতাত্ত্বিক উৎসবোৰক কেইটা ভাগত ভগাব পাৰি আৰু কি কি?

উত্তৰঃ প্ৰত্নতাত্ত্বিক উৎসবোৰক তিনিটা প্ৰধান ভাগত ভাগ কৰা হৈছে , যেনে- (ক) লিপি, (খ) মুদ্ৰা আৰু (গ) স্মৃতি চিহ্ন।


৩৫। অতীত ভাৰতৰ মহান আৰু শ্ৰেষ্ঠ সম্ৰাটজনৰ নাম কি?

উত্তৰঃ অতীত ভাৰতৰ মহান আৰু শ্ৰেষ্ঠ সম্ৰাট জনৰ নাম অশোক।


৩৬। এনভাইৰণমেন্ট শব্দটো কোন শব্দৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ কি?

উত্তৰঃ এনভাইৰণমেন্ট শব্দটো ফৰাচী শব্দ এনভাইণাৰৰ পৰা আহিছে, ইয়াৰ অৰ্থ হ'ল 'আৱৰি থকা' বা চাৰিওফালে আৱৰি থকা। এনভাইৰণমেন্টৰ অভিধানিক অৰ্থ দুই ধৰণৰ - (ক) মানুহে বাস কৰা বা কাম কৰা ঠাই বা অঞ্চলৰ চাৰিওফালৰ অৱস্থা। (খ) বাস্তব্যবিদ্যাৰ ধাৰণামতে বাহ্যিকভাৱে চাৰিওফালৰ যি অৱস্থাত গছ-গছনি বা জীৱ-জন্তু বসবাস কৰে আৰু যি অৱস্থাই ইয়াৰ বিকাশ আৰু আচৰণত সহায় কৰে সেয়ে এনভাইৰণমেন্ট বা পৰিৱেশ।


৩৭। পৰিৱেশীয় বুৰঞ্জীৰ উপাদানবোৰ কি?

উত্তৰঃ কোনো এখন ঠাইত কোনো এটা সভ্যতা বা মানুহৰ জীৱন যাত্ৰা, খাদ্য, বসবাস, স্বভাৱ, চৰিত্ৰ আৰু আচৰণ গঢ় লোৱাত বিভিন্ন উপাদানে সহায় কৰে। সেইবোৰ উপাদানে সভ্যতা বা মানুহৰ উত্থান-পতন, উন্নত জীৱন যাপন, এক সুস্থ সাংস্কৃতিক অৱস্থা, যাতায়ত আদিতো অৰিহণা যোগায়। সেই উপাদানবোৰ হ'ল- পানী, জলবায়ু, অৰণ্য, গছ-গছনি, জীৱ-জন্তু, বতৰ, ভৌগোলিক অৱস্থান, ইক'লোজী আৰু ব্যৱহিত সম্পদৰ আচৰণ আদিৰ ওপৰত ভিত্তি কৰিহে মানুহে বসবাসৰ স্থান নিৰ্ণয় কৰিছিল।


৩৮। পৃথিৱীৰ উপৰিভাগত থকা পানীৰ প্ৰধান উৎসবোৰ কি ?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত থকা পানীৰ প্ৰধান উৎসবোৰ হ'ল - নিজৰা, হ্ৰদ, সাগৰ, মহাসাগৰ, নৈ, জান, জুৰি, খাল, বিল আদি আৰু এই উৎসবোৰে জীৱৰ বসতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।


৩৯। সিন্ধু সভ্যতাৰ দুটা প্ৰধান কেন্দ্ৰস্থল নাম কি?

উত্তৰঃ সিন্ধু সভ্যতাৰ দুটা প্ৰধান কেন্দ্ৰস্থল হ'ল - হৰপ্পা আৰু মহেঞ্জোদাৰো।


৪০। জলবায়ুৰ পৰিৱৰ্তন কাক বোলে?

উত্তৰঃ যেতিয়া ভূ-পৃষ্ঠৰ জলবায়ুৰ প্ৰক্ৰিয়া পৰিৱৰ্তন হৈ এটা নতুন বতৰ ব্যৱস্থাৰ সৃষ্টি হয় তাক জলবায়ু পৰিৱৰ্তন হোৱা বুলি কোৱা হয় আৰু প্ৰক্ৰিয়া কিছু দহক ধৰি চলি থাকে।


৪১। জলবায়ু প্ৰণালীটো কেইটা ভাগক লৈ গঠিত আৰু কি কি?

উত্তৰঃ জলবায়ু প্ৰণালীটো পাঁচটা ভাগক লৈ গঠিত যেনে- বায়ুমণ্ডল, জলমণ্ডল, জীৱক্ষেত্ৰ, প্ৰস্তৰ মণ্ডল আৰু বৰফ আৰু হিম স্তৰ।


৪২। জলবায়ু কাক বোলে?

উত্তৰঃ যেতিয়া পৃথিৱীৰ বায়ুমণ্ডলৰ কাৰ্যৰ যোগেদি শক্তি সঞ্চালন হয়, ই পৃথিৱীৰ বতৰ সলনি কৰে। ফলত দীঘলীয়া সময়ৰ বতৰকে জলবায়ু বোলে। 


৪৩। তিনিটা লুণীয়া হ্ৰদৰ নাম আৰু ক'ত অৱস্থিত লিখা।

উত্তৰঃ তিনিটা লুণীয়া হ্ৰদৰ নাম - সম্বৰ, দিদ্বান আৰু লুংকাৰঞ্চাৰ আৰু এটা বিশুদ্ধ পানীৰ হ্ৰদ পুষ্কৰৰ পৰা লাভ কৰা জীৱাষ্মৰ প্ৰমাণ পোৱা গৈছে। ইয়াৰে প্ৰথম দুটা হ্ৰদ অৰ্ধ-শুকান অঞ্চলত অৱস্থিত আৰু তৃতীয়টো সম্পূৰ্ণ শুকান অঞ্চলত অৱস্থিত। শেষৰ বিশুদ্ধ পানীৰ হ্ৰদটো অৰ্ধ-সেমেকা অঞ্চলত অৱস্থিত। প্ৰথম তিনিটা হ্ৰদৰ পৰা লাভ কৰা জলবায়ুৰ প্ৰমাণহে প্ৰত্নতাত্বিক ইতিহাসৰ বাবে প্ৰাসঙ্গিক।


৪৪। অৰণ্য কি?

উত্তৰঃ অৰণ্য হ'ল কিছুমান জীৱিত সম্প্ৰদায়ৰ সমষ্টি আৰু ইয়াত প্ৰধানকৈ ডাঙৰ গছ-গছনি, জোপোহা গছ, তৰু-তৃণ, লতা, শস্যজাতীয় উদ্ভিদেৰে ভৰা এক বিস্তিত অঞ্চল। প্ৰকৃতিৰ মনোৰম দৃশ্যই সকলো জীৱিত প্ৰাণীকে আকৰ্ষণ কৰিছে। প্ৰকৃতিৰ জীৱিত আৰু অজীৱিত সৃষ্টি যেনে-গছ, ঘাঁহ-বন, বনৰীয়া ফুল, কাঠফুলা আদি আৰু পানী, শিল, সূৰ্যৰ ৰশ্মি, বায়ু আদিৰ বাবে পৰিৱেশ পৰিৱৰ্তন হৈ থাকে।


৪৫। অৰণ্যই কেইটা কাৰ্যৰ দ্বাৰা পৰিৱেশ ৰক্ষা কৰে আৰু কি কি?

উত্তৰঃ অৰণ্যই তিনিটা কাৰ্যৰ দ্বাৰা পৰিৱেশ ৰক্ষা কৰে- সুৰক্ষা কাৰ্য, উৎপাদন কাৰ্য আৰু সহযোগী কাৰ্য কৰে। সুৰক্ষা কাৰ্যৰ দ্বাৰা অৰণ্যই ভূমিৰ খহনীয়া, খৰাং, বানপানী, উষ্ণতা, আদিৰ ভাৰসাম্যতা ৰক্ষা কৰি পৰিৱেশ স্থিৰ কৰি ৰাখে। অৰণ্যই কাঠ বা খৰি, আঠা, ৰেজিন, আহ, ঔষধ, মৌ আদি উৎপাদনত সহায় কৰে। তাৰোপৰি অৰণ্যত জীৱ-জন্তু, কীত-পতংগ, নানা ধৰণৰ বনৰীয়া জীৱৰ উপৰিও ঋষি-মুণিৰ সাধনা আৰু আশ্ৰয় স্থল।


৪৬। টিন্নাই ধাৰণা মতে ভূমিক্ষেত্ৰক কেইটা জৈৱিক মণ্ডলত ভাগ কৰিছে আৰু কি কি?

উত্তৰঃ টিন্নাই ধাৰণা মতে ভূমিক্ষেত্ৰক পাঁচটা জৈৱিক মণ্ডলত ভাগ কৰিছে, যেনে- সমুদ্ৰতীৰ সেমেকা অঞ্চল, চৰণীয়া অঞ্চল, শুকান বা শুষ্ক মণ্ডল আৰু পাহাৰীয়া হাবিয়নী অঞ্চল।


৪৭। সম্পদ কি?

উত্তৰঃ মানৱৰ উপকাৰ সাধন কৰা বস্তু বা পদাৰ্থকে সম্পদ বোলে আৰু সম্পদ পৰিৱেশৰ পৰা পোৱা যায়।


৪৮। সংৰক্ষণ কি?

উত্তৰঃ সম্পদ হিচাপে ব্যৱহাৰ হোৱাৰ পিছত তাৰ প্ৰযুক্তিবিদ্যাৰো উন্নতি হয়। বহুতো প্ৰাকৃতিক সম্পদ মানুহ জীয়াই থকাৰ বাবে অপৰিহাৰ্য। ইয়াৰে কিছুমান সম্পদে মানুহৰ আশা-আকাংখা পূৰণ কৰে। ধাৰণ বা প্ৰতিপালন কৰাৰ লক্ষ্যৰে প্ৰাকৃতিক সম্পদ নিয়ন্ত্ৰণত ৰাখিব পৰা বা চম্ভালিব পৰাটোৱে হ'ল সংৰক্ষণ। 


৪৯। পৰিৱেশৰ উৎসবোৰক কেইটা ভাগত ভাগ কৰিছে আৰু কি কি?

উত্তৰঃ পৰিৱেশৰ উৎসবোৰক দুটা ভাগত ভাগ কৰা হৈছে- অক্ষয় বা শেষ কৰিব নোৱাৰা আৰু ক্ষয় বা অন্ত কৰিব পৰা অৰ্থাৎ নতুনকৈ কৰিব নোৱাৰা বা অনবীকৰণযোগ্য।


৫০। প্ৰযুক্তিবিদ্যা কি?

উত্তৰঃ ব্যৱহাৰিক উদ্দেশ্যৰ কাৰণে বিজ্ঞানসন্মত বা কৌশলপ্ৰয়োগ কৰাটোৱেই হ'ল প্ৰযুক্তিবিদ্যা। নতুন কাম বা কঠিন কাম বা সমস্যা সমাধানৰ বাবে সহায় লোৱা আহিলা আৰু যন্ত্ৰৰ ব্যৱহাৰেই হ'ল প্ৰযুক্তিবিদ্যা।


৫১। প্ৰস্তুৰ যুগক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?

উত্তৰঃ প্ৰস্তুৰ যুগক তিনিটা ভাগত ভাগ কৰা হৈছে- প্ৰত্ন প্ৰস্তৰ যুগ, মধ্যপ্ৰস্তৰ যুগ আৰু নৱপ্ৰস্তৰ যুগ। এই যুগকেইটাও প্ৰযুক্তিবিদ্যাৰ বিকাশ আৰু সংস্কৃতিৰ ক্ৰমশ বিৱৰ্তনৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।


৫২। ভাৰত উপমহাদেশত মাদ্ৰাজৰ ওচৰৰ পল্লবৰমত প্ৰথম প্ৰত্নপ্ৰস্তৰ যুগৰ আহিলা কিমান চনত আৰু কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ ১৮৬৩ চনত এজন ব্ৰিটিছ ভূতত্ববিদ ৰবাৰ্ট ব্ৰুচ ফুটে ভাৰত উপমহাদেশত মাদ্ৰাজৰ ওচৰৰ পল্লবৰমত প্ৰথম প্ৰত্নপ্ৰস্তৰ যুগৰ আহিলা আৱিষ্কাৰ আৰু চিনাক্ত কৰিছিল আৰু ভাৰতত প্ৰাগইতিহাসৰ ভেঁটি স্থাপন কৰিছিল।


৫৩। আহিলাৰ আকৃতি বা আকাৰ আৰু প্ৰযুক্তিবিদ্যাৰ ওপৰত ভিত্তি কৰি দুয়োটা উদ্যাগক পৰম্পৰাগতভাৱে ভাৰতৰ নিম্ন প্ৰত্নপ্ৰস্তৰ প্ৰমাণক কেইটা গোটত ভাগ কৰা হৈছে ? কি কি ?

উত্তৰঃ আহিলাৰ আকৃতি বা আকাৰ আৰু প্ৰযুক্তিবিদ্যাৰ ওপৰত ভিত্তি কৰি দুয়োটা উদ্যাগক পৰম্পৰাগতভাৱে ভাৰতৰ নিম্ন প্ৰত্নপ্ৰস্তৰ প্ৰমাণক দুটা গোটত ভাগ কৰা হৈছে- চোহানিয়ান আৰু একিউলিয়ান।


৫৪। ইতিহাসৰ এটা উপ-শাখা কি?

উত্তৰঃ ইতিহাসৰ এটা উপ-শাখা হ'ল - লিংগ।


চমুটোকা লিখাঃ

ক) অতীত ভাৰতত কিছুমান আঞ্চলিক ক্ষেত্ৰ বা ৰাজ্য গঠন।

উত্তৰঃ প্ৰাচীন ভাৰতত ক্ষমতাৰ কেন্দ্ৰ হিচাপে গংগা-যমুনা দোৱাৱ, মধ্য-গংগা উপত্যকা, মানৱ, উত্তৰ দেক্কান,অন্ধ্ৰ, কলিঙ্গ আৰু তামিল সমভূমিত স্থায়ী ক্ষুদ্ৰ ৰাজ্য গঢ়ি উঠিছিল। একেদৰে তাত সৰু মুকলি ক্ষেত্ৰও আছিল যেনে কঙ্কণ, কানাড়া আৰু চট্টিচগড় গঢ়ি উঠিছিল। বেছিসংখ্যক আঞ্চলিক ক্ষেত্ৰ বা ৰাজ্য কৃষি প্ৰধান। কৃষি উৎপাদনৰ ক্ষেত্ৰত আৰু জনসংখ্যাৰ ভেটিত গংগা উপত্যকাই ভাৰত উপমহাদেশত আধিপত্যশীল স্থান লাভ কৰিছিল। স্থায়ী কৃষিৰ ধাৰণা অহাৰ পিছত নিয়ন্ত্ৰিত ভূমিৰ ধাৰণা জন্মিছিল আৰু তাৰ পিছত নিয়ন্ত্ৰিত ৰাজ্য যেনে কুৰু, পাঞ্চলৰ জন্ম হৈছিল। এনেদৰে ক্ষুদ্ৰ ক্ষুদ্ৰ জনপদৰ সংগঠিত ৰূপক মহাজনপদ গঢ়ি উঠিছিল। ইয়াৰ লগে লগে অঞ্চলটোৰ বা ৰাজ্যখনৰ  সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিৱৰ্তন হৈছিল। দাক্ষিণাত্যত তামিল কবিতাৰ ভাণ্ডাৰক সংগম সাহিত্য নামে জনা যায় আৰু এই সংগম সাহিত্যত প্ৰাচীন জনজাতীয় পশুপালক পৰ্যায়ৰ পৰা প্ৰাচীন তামিল ৰাজ্যত এটা ৰাজ্য পৰ্যায়ৰ সমাজলৈ পৰিৱৰ্তন হোৱাৰ সজীৱ বৰ্ণনা পোৱা গৈছে।


(খ) অঞ্চল

উত্তৰঃ ঐতিহাসিক অঞ্চল হ'ল ভৌগোলিক ক্ষেত্ৰ আৰু এইক্ষেত্ৰবোৰ সাংস্কৃতিক, জাতীয়, ভাষিক বা ৰাজনৈতিক ভেটি আছিল, আজিৰ দৰে সীমা নাছিল। ভাৰত উপমহাদেশ বহুতো অঞ্চলৰ সমষ্টি আৰু প্ৰতিটো অঞ্চলৰ কিছু বিশেষ নিজা চৰিত্ৰ আছিল। দেশৰ ঐতিহাসিক ক্ৰমবিকাশৰ গতিত অঞ্চলবোৰে বিশেষ সাংস্কৃতিক বৈশিষ্ট্য লাভ কৰিছিল। বহু ক্ষেত্ৰত ঐতিহাসিক দস্তুৰ, ভাষা, সামাজিক সংগঠন, কলাৰ ধাৰণাত এটা অঞ্চলৰ সৈতে আন এটা অঞ্চলৰ মাজত থকা পাৰ্থক্য স্বীকাৰ কৰাটো সম্ভৱ হৈছিল। ভাৰত বুৰঞ্জীত উমৈহতীয়া সামাজিক আৰু সাংস্কৃতিক কৰ্মৰ মানদণ্ড আৰু অনুষ্ঠানৰ লগতে স্বীকৃত অঞ্চলৰ গাঁথনিৰ দ্বৈত প্ৰক্ৰিয়া অসমান আছিল। যিয়ে নহওক, অতীতত, ঐতিহাসিক পৰিৱৰ্তনৰ ক্ষেত্ৰত থকা বৈসাদৃশ্য ভিন ভিন অঞ্চলৰ মাজত বৰ্তি আছে, যদিও কোনো অঞ্চল এতিয়া পৃথক হৈ থকা নাই।


(গ) লিংগ

উত্তৰঃ ইতিহাসৰ এটা উপ-শাখা হ'ল লিংগ ইতিহাস আৰু লিংগ অধ্যয়ন বা আলোচনা যাক লিংগৰ দৃষ্টিৰে অতীতলৈ চোৱা হয়। ই হ'ল বহুক্ষেত্ৰত নাৰী ইতহাসৰ এটা শাখা বা ডাল। এই ভাগটোৱে কি ধৰণে ঐতিহাসিক ঘটনা আৰু কাল বিভাজনে নাৰীৰ ওপৰত পুৰুষতকৈ বেলেগকৈ প্ৰভাৱ বা ক্ৰিয়া কৰে তাৰে আলোচনা কৰে। আন সমাজৰ দৰে ভাৰতত মহিলাসকলে সামাজিক পৰিৱৰ্তন আৰু উত্থান, ঐতিহাসিক বিৱৰ্তন আৰু ৰাজনৈতিক সংগ্ৰামৰ কোলাহলপূৰ্ণ পৰিসৰৰ মাজেৰে অতিক্ৰম কৰিছে। বৰ্তমান নাৰীৰ যি অৱস্থিতি বা স্থান ই সময়ৰ বিশাল প্ৰত্যাহ্বানক নেওচি বছৰ বছৰ যোৰা সংগ্ৰামৰ ফলতহে লাভ কৰা হৈছে নাৰীসকলেও জীৱন সংগ্ৰামত বহুতো সহ্য কৰিব লগা হৈছে আৰু তেওঁলোকৰ সেৱাক 'মূলমন্ত্ৰ' হিচাপে লৈছে আৰু 'ত্যাগ' স্বীকাৰ কৰি মূল লক্ষ্যত উপনীত হৈছে।      


(ঘ) প্ৰযুক্তিবিদ্যা

উত্তৰঃ ব্যৱহাৰিক উদ্দেশ্যৰ কাৰণে বিজ্ঞানসন্মত জ্ঞান বা কৌশল প্ৰয়োগ কৰাটোৱেই হ'ল প্ৰযুক্তিবিদ্যা। নতুন কাম বা কঠিন কাম বা সমস্যা সমাধানৰ বাবে সহায় লোৱা আহিলা আৰু যন্ত্ৰৰ ব্যৱহাৰেই হ'ল প্ৰযুক্তিবিদ্যা। সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত জ্ঞান, কৌশল, প্ৰক্ৰিয়া, দক্ষতা, আহিলা প্ৰয়োগ কৰি উদ্দেশ্য সাধন কৰা হয়, অতি প্ৰাচীন কালত জীৱন ধাৰণ, খাদ্য, জন্তুৰ পৰা ৰক্ষা পোৱা আদিৰ বাবে মানুহে বিভিন্ন আহিলা বা কলা-কৌশল ব্যৱহাৰ কৰিছিল। আদিম মানৱে জন্তু চিকাৰ আৰু মাছ ধৰিবৰ বাবে বিভিন্ন ধৰণৰ শিল ব্যৱহাৰ কৰিছিল। বতাহ বৰষুণৰ পৰা ৰক্ষা পাবৰ বাবে গছৰ ডাল ব্যৱহাৰ কৰি জুপুৰী ঘৰ সাজিছিল। ভাৰতৰ প্ৰাক্ঐতিহাসিক যুগত প্ৰস্তৰ যুগ, তাম্ৰ যুগ, ব্ৰঞ্জ যুগ আৰু লৌহ যুগত ভাগ কৰা হৈছে। এই যুগ কেইটা সামাজিক, সাংস্কৃতিক উন্নয়ন আৰু প্ৰযুক্তি বিদ্যাৰ পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। প্ৰস্তুৰ যুগক তিনিটা ভাগত ভাগ কৰা হৈছে-প্ৰত্ন প্ৰস্তৰ যুগ, মধ্যপ্ৰস্তৰ যুগ আৰু নৱপ্ৰস্তৰ যুগ।


 (ঙ) সাহিত্যিক সমল

উত্তৰঃ ধৰ্মীয় সাহিত্যঃ অতীত ভাৰতৰ সাহিত্যবোৰ সম্পূৰ্ণ ধৰ্মীয় প্ৰকৃতিৰ। এইবোৰ বিশেষ বিশেষ ধৰ্মৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হৈছে। এই ধৰ্মগ্ৰন্থবোৰে সমসাময়িক সামাজিক, ধৰ্মীয় আৰু ৰাজনৈতিক অৱস্থাৰ ওপৰত বৰ্ণনা দিয়ে। ধৰ্মৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা সাহিত্যবোৰ আছিল ব্ৰাহ্মণ সাহিত্য, বৌদ্ধ সাহিত্য আৰু জৈন সাহিত্য। ভাৰতত ব্ৰাহ্মণ সাহিত্যৰ বিশাল ভঁড়াল আছে আৰু এইবোৰ ভাৰতৰ অতীত ইতিহাস ৰচনা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ধৰ্মীয় বা আধ্যাত্মিক গুণৰ উপৰিও ই ভাৰতৰ ঐতিহাসিক ঘটনাৰ স্মৃতিও বহন কৰি আছে। সেইবোৰৰ ভিতৰত উল্লেখযোগ্য আছিল বেদ। বেদ চাৰিখন -ঋকবেদ, যজুৰবেদ, অথৰ্ববেদ আৰু সামবেদ। এই বোৰক ব্ৰাহ্মণ সাহিত্য বুলি কোৱা হয়। এইবোৰ আছিল আৰ্যসকলৰ আদিম গ্ৰন্থ। ভাৰতৰ প্ৰথম সাহিত্য ঋকবেদত ভাৰতৰ ঐতিহাসিক তথ্যৰ উপৰিও ভাৰতত আৰ্যসকলৰ প্ৰসাৰ তেওঁলোকৰ আভ্যন্তৰীণ বিভাজন আৰু অসুৰসকলৰ সৈতে হোৱা যুদ্ধৰ বিৱৰণ পোৱা যায়।

বৈদেশিক সাহিত্যঃ ভাৰতলৈ বিভিন্ন সময়ত বিভিন্ন ৰাষ্ট্ৰৰ পৰা বিদেশী পৰিব্ৰাজক আহিছিল আৰু ভাৰতৰ বিষয়ে জ্ঞান আহৰণ কৰিছিল। ভাৰতলৈ অহা গ্ৰীক, ৰোমান, চীন, তিব্বত আৰু মুছলমান ৰাষ্ট্ৰৰ পৰিব্ৰাজকসকলে ভাৰতৰ পৰা আহৰণ কৰা তথ্যৰ আধাৰত ভ্ৰমণ টোকা লিখিছিল আৰু এইবোৰে আমাক প্ৰচুৰ সমলৰ যোগান ধৰে।


(চ) প্ৰত্নতাত্ত্বিক সমল

উত্তৰঃ প্ৰত্নতাত্ত্বিক সমলবোৰে প্ৰাক্-ঐতিহাসিক যুগৰ পৰা তথ্যৰ যোগান ধৰি পূৰ্ণাংগ ভাৰতীয় ইতিহাস ৰচনাত সহায় কৰিছিল। ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰাক্-ঐতিহাসিক যুগৰে পৰা আধুনিক যুগলৈ অসংখ্য ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে। খনন কাৰ্যৰ দ্বাৰা লিখিত ইতিহাস নথকা সময়ৰো তথ্য বা সমল উদ্ধাৰ কৰা হৈছে যিবোৰে ভাৰতৰ ইতিহাস চহকী কৰিছে। সেয়ে প্ৰাক্-ঐতিহাসিক যুগৰ ইতিহাস বৰ্তমান সভ্যতাৰ পৰিচিত ইতিহাস। ভাৰতৰ লগতে পৃথিৱীৰ বিভিন্ন স্থানত উদ্ধাৰ হৈছে মানৱৰ জীৱাশ্ম, গছ আৰু জন্তুৰ জীৱাশ্ম যিবোৰ প্ৰাচীন কালৰ মানৱৰ পূৰ্বপুৰুষ আৰু জৈৱিক জগতখনৰ  সন্ধান দিব পাৰে। প্ৰত্নপ্ৰস্তৰ, মধ্য প্ৰস্তৰ, নৱ প্ৰস্তৰ যুগৰ মানুহে ব্যৱহাৰ কৰা বিভিন্ন শিলৰ আহিলা, উদ্ভিদ, জন্তু আৰু মানৱৰ ধ্বংসাৱশেষবোৰে সেইসকল মানুহৰ জীৱিকা, পৰিৱেশ, বাসস্থান আদি সন্ধান দিয়ে। 


(ছ) পৰিৱেশ

উত্তৰঃ পৰিৱেশ সমন্ধীয় ইতিহাস হ'ল যুগ যুগ ধৰি প্ৰাকৃতিক জগতখনৰ সৈতে মানৱ সমাজৰ পাৰস্পৰিক কাৰ্য। পৰিৱেশ সমন্ধীয় ইতিহাসত মানুহৰ কাৰ্যৰ ওপৰত প্ৰকৃতিয়ে প্ৰভাৱান্বিত কৰাৰ ক্ষেত্ৰত যি সক্ৰিয় ভূমিকা পালন কৰে তাৰ ওপৰত প্ৰকৃতিয়ে প্ৰভাৱান্বিত কৰাৰ ক্ষেত্ৰত যি সক্ৰিয় ভূমিকা পালন কৰে তাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। পৰিৱেশ সম্বন্ধীয় ইতিহাস এটা বৰং নতুন অনুষ্ঠান বা বিভাগ যিটো বিভাগৰ ১৯৬০ আৰু ১৯৭০  ৰ মাজত আমেৰিকা যুক্তৰাষ্ট্ৰত উত্থান হৈছিল। এই ইতিহাসে এটা বিশেষ সময়ৰ ওপৰত থকা পৰিৱেশৰ পৰিসৰ, ভৌগোলিক অঞ্চল আৰু ইয়াৰ সৈতে জড়িত সকলো দিশৰ প্ৰতিচ্ছবিৰ প্ৰতিফলন ঘটায়। পৰিৱেশীয় ইতিহাসৰ জন্মৰ মূল কাৰণ হ'ল বিশ্বব্যাপি সৃষ্টি হোৱা পৰিৱেশ সম্বন্ধীয় সমস্যা যেনে পানী প্ৰদূষণ আৰু ৰাসায়নিক ক্ষতিকাৰক দ্ৰব্যৰ দ্বাৰা বায়ু দূষিতকৰণ, অম্লজান বায়ুস্তৰৰ ক্ষয়কৰণ আৰু মানুহৰ কাম-কাজৰ দ্বাৰা সৃষ্টি কৰা ক্ৰমবৰ্দ্ধমান বৃক্ষ বা গছ-গছনিৰ গৃহই সৃষ্টি কৰা সংকটৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ প্ৰত্যক্ষ ফল।



Author : Pompi Hazarika







Post ID: DABP004524