পানেশৈ 

অধ্য়য়ন - ৪ 

১।আনন্দচন্দ্ৰ আগৰৱালা জন্ম কিমান চনৰ ক'ত হৈছিল ?

উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালা জন্ম হৈছিল ১৮৭৪ চনৰ শোণিতপুৰ জিলাৰ কলংপুৰ মৌজাৰ বৰঙাবাৰীত হৈছিল ।


২। আনন্দচন্দ্ৰ আগৰৱালা আৰক্ষী অধীক্ষক হিচাপে চৰকাৰী চাকৰিি পৰা অৱসৰ লয় কিমান চনত ?

উত্তৰঃ ১৯২৯ চনত ।


৩। কোন  আছিল 'জোনাকী' আৰু 'বিজুলী'ৰ প্ৰধান কবি, লেখক ?

উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালা আছিল জোনাকী আৰু বিজুলীৰ প্ৰধান কবি, লেখক ।


৪। খাটলি পীৰা শব্দৰ অৰ্থ কি ?

উত্তৰঃ খাটলি পীৰা শব্দৰ অৰ্থ হ'ল এবিধ চাৰিচুকীয়া পীৰা ।


৫। কোনে ইংৰাজী পৰা ভালেখিনি কবিতা অসমীয়ালৈ অনুবাদ কৰিছে ?

উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালা ইংৰাজী পৰা ভালেখিনি কবিতা অসমীয়ালৈ অনুবাদ কৰিছে ।


৬। নীলিমা পীৰা শব্দৰ অৰ্থ কি ?

উত্তৰঃ নীলা বৰণ ( নীলা বৰণীয়া পানী ) ।  


৭। আনন্দচন্দ্ৰ আগৰৱালা কবিতা পুথি খনৰ নাম কি ?

উত্তৰঃ জিলিকনি । 


৮। ভুৱন শব্দৰ অৰ্থ কি ?

উত্তৰঃ ভুৱন শব্দৰ অৰ্থ হ'ল পৃথিৱী । 


৯। কিমান চনত আনন্দচন্দ্ৰ আগৰৱালাৰ মৃত্য়ু হয় ?

উত্তৰঃ ১৯৩৯ চনত ।


১০। আনন্দচন্দ্ৰ আগৰৱালাৰ মৃত্য়ু ক'ত হৈছিল ?

উত্তৰঃ তেজপুৰত ।


১১। আনন্দচন্দ্ৰ আগৰৱালাই কিমান চনত মঙ্গলদৈত অনুষ্ঠিত অসম সাহিত্য় সভাৰ পঞ্চদশ অধিৱেশনত সভাপতিত্ব কৰে ?

উত্তৰঃ ১৯৩৪ চনত । 


১২।  ৰূপহী আইতী কিয় মৰিল ?

উত্তৰঃ বেজাৰত মৰিল ।


১৩।  পানেশৈ কবিতাটো কোনে ৰচনা কৰিছিল ? 

উত্তৰঃপানেশৈ কবিতাটো আনন্দচন্দ্ৰ আগৰৱালাই ৰচনা কৰিছিল ।


১৪। কোনে কোনে মিলি ধৰাধৰি কৰি ধৰিলে গানৰ সুৰ ?

উত্তৰঃ ঢৌৱে ঢৌৱে মিলি ।


১৫। সুগন্ধি গোলাপ ক'ত ফুলিছিল ?

উত্তৰঃ সুগন্ধি গোলাপ নিজানত ফুলিছিল ।


১৬। সুগন্ধি গোলাপ  ক'ত সৰি গৈছিল ?

উত্তৰঃ সুগন্ধি গোলাপ নিজানত  সৰি গৈছিল ।


১৭। নীলিমাৰ মাজত কি পদুমৰ পাহি আছিল ?

উত্তৰঃ সোণালী পদুমৰ পাহি আছিল ।


১৮। পানেশৈক বাপেকে কি পীৰাত বহি ভাত খাব দিছে ?

উত্তৰঃ খাটলি পীৰাত বহি ভাত খাব দিছে ।


 ১৯।  আনন্দচন্দ্ৰ আগৰৱালাক কি কোঁৱৰ হিচাবে জনা যায় ?

উত্তৰঃ ভাঙনি কোঁৱৰ  হিচাবে জনা যায় ।


২০। বাপেকে পানেশৈক গলত কি দি যাম বুলি কৈছে ?

উত্তৰঃ  বাপেকে পানেশৈক গলত হাৰ দি যান বুলি কৈছে ।


Type By Chandana Bora


Post ID: DABP004078