যীশুখৃষ্টৰ ছবি 

গোট ৪ অধ্য়ায় ১ 

১। চৈয়দ আব্দুল মালিকৰ কিমান চনত জন্ম হৈছিল ?

উত্তৰঃ ১৯১৯ চনত ।

২। চৈয়দ আব্দুল মালিকৰ ১৯১৯ চনৰ কোন ঠাইত জন্ম হৈছিল ?

উত্তৰঃ দেৰগাঁৱৰ ওচৰৰ নাহৰণিত জন্ম হৈছিল ।

৩। কিমান চনত ফাৰ্চী বিষয়ৰ লেটাৰসহ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় ?

উত্তৰঃ ১৯৩৭ চনত ।

৪। চৈয়দ আব্দুল মালিকৰ উচ্চ শিক্ষা লাভাৰ্থে কোন কলেজত ভৰ্তি হয় ?

উত্তৰঃ কটন কলেজত ভৰ্তি হয় ।

৫। ১৯৪১ চনত চৈয়দ আব্দুল মালিকৰ ইংৰাজীত অনাৰ্ছসহ কি পৰীক্ষাত পাছ কৰে ?

উত্তৰঃ বি এ পৰীক্ষাৰ পাছ কৰে ।

৬। ১৯৫১ চনত কোন বিশ্ববিদ্য়ালয়ৰ পৰা অসমীয়া বিষয়ত এম এ ডিগ্ৰী লাভ কৰে ?

উত্তৰঃ গুৱাহাটী বিশ্ববিদ্য়ালয়ৰ পৰা ।

৭। কোনে ভাৰত চৰকাৰৰ 'পদ্মশ্ৰী', 'পদ্নভূষণ' উপাধি আৰু অসম চৰকাৰৰ শঙ্কৰদেৱ বঁটাৰে সন্মানিত হয় ?

উত্তৰঃ চৈয়দ আব্দুল মালিকে বঁটাৰে সন্মানিত হয় ।

৮। কিমান চনত মালিকে অসম সাহিত্য় সভাৰ চতুশ্চত্বাৰিংশ অভয়াপুৰী অধিৱেশনত সভাপতিৰ পদ অলংকৃত কৰে ?

উত্তৰঃ ১৯৭৭ চলত ।

৯। কোন আছিল একাধাৰে কবি, ঔপন্য়াসিক, গল্পকাৰ, গীতিকাৰ, নাট্য়কাৰ, অনুবাদক, প্ৰবন্ধকাৰ ?

উত্তৰঃ চৈয়দ আব্দুল মালিক আছিল ।

১০। চৈয়দ আব্দুল মালিকৰ প্ৰকাশিত উপন্য়াসৰ সংখ্য়া কিমান ?

উত্তৰঃ চৈয়দ আব্দুল মালিকৰ প্ৰকাশিত উপন্য়াসৰ সংখ্য়া তিনিকুৰিৰ অধিক ।

১১। চৈয়দ আব্দুল মালিকৰ উল্লেখযোগ্য় উপন্য়াস কিখনৰ নাম কি ?

উত্তৰঃ সুৰুযমুখীৰ স্বপ্ন আৰু ধন্য় নৰ তনু ভাল  ।

১২। কোনখন উপন্য়াসৰ বাবে ১৯৭৪ চনত চৈয়দ আব্দুল মালিকে সাহিত্য় অকাডেমী বঁটা লাভ কৰে ?

উত্তৰঃ অঘৰী আত্মাৰ কাহিনী ।

১৩। চৈয়দ আব্দুল মালিকৰ চুটিগল্প সংকলন কিমান ?

উত্তৰঃ একুৰিৰো অধিক ।

১৪। চৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটিগল্প সংকলন নাম কি ?

উত্তৰঃপৰশমণি ।

১৫। যীশুখৃষ্টৰ ছবি চুটিগল্পটো কোনে ৰচনা কৰিছিল ?

উত্তৰঃ  চৈয়দ আব্দুল মালিকে যীশুখৃষ্টৰ ছবি চুটিগল্পটো ৰচনা কৰিছিল ।

১৬। চৈয়দ আব্দুল মালিকৰ কোনখন স্কুলৰ পৰা শিক্ষকতাৰে কৰ্ম জীৱনৰ পাতনি মেলে ?

উত্তৰঃ গোলাঘাটৰ স্কুলৰ পৰা ।

১৭। চৈয়দ আব্দুল মালিকে যোৰহাটৰ জগন্নাথ বৰুৱা কলেজৰ কি বিভাগত অধ্য়াপক পদত নিযুক্ত হয় ?

উত্তৰঃঅসমীয়া বিভাগত ।

১৮। চৈয়দ আব্দুল মালিকে কোন বিভাগৰে মুৰব্বী অধ্য়াপক হিচাপে অৱসৰ গ্ৰহণ কৰে ?

উত্তৰঃ অসমীয়া বিভাগৰে  মুৰব্বী অধ্য়াপক হিচাপে অৱসৰ গ্ৰহণ কৰে ।

১৯। চৈয়দ আব্দুল মালিকৰ কিমান চনত দেহাৱসান ঘটে ?

উত্তৰঃ ২০০০ চনত চৈয়দ আব্দুল মালিকৰ দেহাৱসান ঘটে ।

২০। চৈয়দ আব্দুল মালিকে ৰচনা কৰা যীশুখৃষ্টৰ ছবি এটা কি গল্প ?

উত্তৰঃ চুটিগল্প ।


Type By Chandana Bora




Post ID : DABP004081