জলবায়ু

Chapter 8 

১। বায়ুমণ্ড কি ?

উত্তৰঃ  বায়ুমণ্ডল হ'ল, বিভিন্ন গেছৰ এক সংমিশ্ৰণ আৰু ই গোটেই পৃথিৱীখনক আৱৰি আছে। ই, জীৱজন্তুৰ বাবে জীৱন প্ৰদত্ত গেছ অক্সিজেন আৰু উদ্ভিদৰ বাবে কাৰ্বন ডাই অক্সাইড গেছৰ যোগান ধৰে। বায়ুমণ্ডল, সমগ্ৰ পৃথিৱীৰ এক অখণ্ড অংশ আৰু বায়ুপুঞ্জৰ শতকৰা ৯৯ ভাগেই ভূ-পৃষ্ঠৰ পৰা ৩২ কিলোমিটাৰ উচ্চতালৈ বিয়পি আছে। বায়ুৰ কোনো ৰং নাই, গোন্ধ নাই আৰু বতাহ যেতিয়া বলে তেতিয়াহে ইয়াক অনুভৱ কৰিব পৰা যায় ৷

২। জলৱীয় বাষ্প কি ? (  চমুকৈ লিখা )

উত্তৰঃ জলীয় বাষ্পবোৰ হ'ল এক পৰিৱৰ্তনশীল গেছীয় পদার্থ যি, উচ্চতাৰ ক্ৰম অনুসৰি কমি গৈ থাকে। গৰম, সেমেকা ক্রান্তীয় অঞ্চলত, বায়ুমণ্ডলত জলীয় বায়ুৰ আয়তন চাৰি শতাংশ হাৰত থকাৰ বিপৰীতে শুষ্ক আৰু শীতল মৰু অঞ্চলত, ইয়াৰ পৰিমাণ বায়ুমণ্ডলত এক শতাংশতকৈও কমকৈ থাকিব পাৰে। যদি নিৰক্ষীয় অঞ্চলৰ পৰা মেৰু অঞ্চললৈ যোৱা যায়, দেখা পোৱা যাব যে জলীয় বাষ্পৰ পৰিমাণ ক্ৰমাৎ হ্ৰাস পাই গৈছে। জলীয় বাষ্পবোৰে সূৰ্যৰ পৰা আতপন্ হোৱা তাপৰ কিছু অংশ শোষণ কৰি ৰখাৰ লগতে পৃথিৱীৰ পৰা বিকীৰিত হোৱা, তাপখিনিও সংৰক্ষণ কৰি লয়। এনেদৰে, জলীয় বাষ্প বায়ুমণ্ডলত থাকি পৃথিৱীখনক, এখন কম্বলৰ দৰে ঢাকি ৰাখি বেছি চেঁচা নাইবা বেছি গৰম হ'ব নোৱাৰাকৈ ৰাখে জলীয় বাষ্পই বায়ুমণ্ডলৰ, সুস্থিৰ বা অস্থিৰ অৱস্থাটো নিৰূপন কৰে। 

৩। ভূ - পৃষ্ঠৰ কিমান উচ্চতাত বায়ুমণ্ডলৰ অজন নামৰ উপাদান আছে ?

উত্তৰঃ ভূ - পৃষ্ঠৰ ১০ - ৫০ কিলোমিটাৰ উচ্চতাত বায়ুমণ্ডলৰ অজন নামৰ উপাদান আছে । 

৪। বায়ুমণ্ডলৰ আটাইতকে তলৰ স্তৰটোৰ নাম কি ?

উত্তৰঃ  বায়ুমণ্ডলৰ আটাইতকে তলৰ স্তৰটোৰ নাম - ট্ৰপ 'মণ্ডল ।

৫। তাপৰ পৰিমানৰ ওপৰত নিৰ্ভৰ কৰি বায়ুমণ্ডৰ স্তম্ভক কেইটা ভাগত ভাগ কৰা হৈছে ?

উত্তৰঃ  তাপৰ পৰিমানৰ ওপৰত নিৰ্ভৰ কৰি বায়ুমণ্ডৰ স্তম্ভক পাঁচোতা ভাগত ভাগ কৰা হৈছে।

সেয়া হৈছে -  ট্ৰপ 'মণ্ডল , স্তৰমণ্ডল , মেছ'মণ্ডল , তাপমণ্ডল আৰু বহিঃমণ্ডল ।

৬।মেছ’পজ কাক বোলে ? 

উত্তৰঃ স্তৰমণ্ডলৰ ওপৰত আছে মেছ’মণ্ডল আৰু ই পৃথিৱীপৃষ্ঠৰ পৰা ৮০ কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ আছে। এই স্তৰটোত আকৌ এবাৰ বায়ুৰ তাপ উচ্চতা অনুসৰি হ্ৰাস হয় আৰু ঊর্ধ্বতন সীমাত অর্থাৎ ৮০ কিলোমিটাৰ উচ্চতাত তাপমাত্রা ১০০° ছেলছিয়াছ হয়গৈ । মেছ’মণ্ডলৰ শেষ সীমাক মেছ’পজ  বোলা হয়। 

৭। ট্ৰপ’পজ কাক বোলে ? 

উত্তৰঃ নিৰক্ষীয় অঞ্চলত ট্ৰপ'পজৰ উষ্ণতা - ৮০° ছেলছিয়াছ আৰু মেৰু অঞ্চলৰ ওপৰত উষ্ণতা - ৪৫° ছেলছিয়াছ। এই মণ্ডলত উষ্ণতা অপৰিৱৰ্ত্তনীয়, বাবেই ইয়াক ট্ৰপ’পজ বোলা হয়।

৮। স্তৰমণ্ডলৰ এটা প্ৰয়োজনীয় বৈশিষ্ট্য লিখা ?

উত্তৰঃ স্তৰমণ্ডলৰ এটা প্ৰয়োজনীয় বৈশিষ্ট্য হ’ল, ই অজন গেছ ধাৰণ কৰি আছে। এই স্তৰটোৱে সূৰ্যৰ পৰা বিকিৰণ হৈ অহা অতি বেঙুনীয়া ৰশ্মিখিনি শোষণ কৰে আৰু পৃথিৱীৰ জীৱন্ত প্ৰাণী উদ্ভিদক প্রচণ্ড অনিষ্টকাৰী শক্তিৰ কবলৰ পৰা সুৰক্ষা প্ৰদান কৰে। 

৯। ট্ৰপ'পজৰ ওপৰৰ স্তৰটো কি আৰুপৃথিৱীৰ উপৰিভাগৰ পৰা কিমান ওপৰত আছে ? 

উত্তৰঃ ট্ৰপ'পজৰ ওপৰৰ স্তৰটো হ'ল স্তৰমণ্ডল আৰু ই পৃথিৱীৰ উপৰিভাগৰ পৰা ৫০ কিলোমিটাৰ ওপৰলৈ আছে। 

১০। ধূলিকণা । ( চমুকৈ লিখা  ) 

উত্তৰঃ য়ুৱে যথেষ্ট পৰিমাণত কণ কণ গোটা পদার্থ সংগ্রহ কৰি ৰাখিব পৰা ক্ষমতা বহন কৰে। এই গোটা পদার্থ কণাবোৰ, বিভিন্ন উৎসৰ পৰা উৎপন্ন হয় যেনে সাগৰৰ নিমখ, খুব মিহি মৃত্তিকা, ধোৱাৰ এলান্ধু, ছাই, পৰাগৰেণু, ধূলিকণা আৰু খহি পৰা পপীয়া তৰাবোৰৰ ভগা-ছিগাযদিও, টুকুৰাৰ দানাবোৰ। সাধাৰণতে এই ধূলি-মাকতিবোৰ, বায়ুমণ্ডলৰ নিম্নস্তৰত ঘণীভূত হৈ থাকে পৰিচলন বায়ু সোঁতৰ প্রবাহে, এইবোৰক উচ্চতম আকাশলৈও পৰিবাহিত কৰি থাকে। তুলনামূলকভাৱে নিৰক্ষীয় আৰু মেৰু অঞ্চলতকৈ, উপক্রান্তীয় আৰু নাতিশীতোষ্ণ মণ্ডলত শুকান বতাহ বলে বাবে, উচ্চতম হাৰত ধূলি-মাকতিবোৰ কেন্দ্ৰীভূতকৰণ হয়। ধূলিকণা আৰু নিমখৰ দানা আদিয়ে জলগ্রাহী পদার্থসমূহক আধাৰ কৰি লৈ সূক্ষ্ম সূক্ষ্ম জলকণালৈ ঘণীভৱন হৈ ডাৱৰৰ সৃষ্টি কৰে ৷

১১। বায়ুমণ্ডলৰ মুখ্য় উপাদান বোৰ কি কি ?

উত্তৰঃ বায়ুমণ্ডলৰ মুখ্য় উপাদান বোৰ হ'ল - উত্তাপ , চাপ , বতাহ , আৰ্দ্ৰতা , ডাৱৰ আৰু বৃষ্টিপাত আদি ।


Answer type - Prabal Konwar ( 03/09/2022 ) 



Post ID: DABP004131