প্ৰমাণঃ প্ৰত্য়ক্ষ আৰু অনুমান

সপ্তম খণ্ড অধ্য়ায়- ২


১। ভাৰতীয় দৰ্শনত যথাৰ্থ জ্ঞানক কি আখ্য়া দিয়া হৈছে ?

উত্তৰঃ ভাৰতীয় দৰ্শনত যথাৰ্থ জ্ঞানক 'প্ৰমা' আখ্য়া দিয়া হৈছে ।


২। ভাৰতীয় দৰ্শনত কাক কাক প্ৰমাণ বুলি অভিহিত কৰা হৈছে ?

উত্তৰঃ ভাৰতীয় দৰ্শনত অভ্ৰান্ত, সুনিশ্চিত জ্ঞান অৰ্জনৰ উপায়কেই প্ৰমান বুলি অভিহিত কৰা হৈছে।


৩। ভাৰতীয় দৰ্শনত মুঠ কেইবিধ প্ৰমাণক স্বীকাৰ কৰা হয় ?

উত্তৰঃ ভাৰতীয় দৰ্শনত মুঠ ছয়বিধ প্ৰমাণক স্বীকাৰ কৰা হয়---প্ৰত্য়ক্ষ, অনুমান, উপমান, শব্দ, অৰ্থাপত্তি আৰু অনুপলদ্ধি।


৪। প্ৰত্য়ক্ষ মানে কি ?

উত্তৰঃ প্ৰত্য়ক্ষ হ'ল বৈদিক আৰু অবৈদিক উভয় সম্প্ৰদায়ে স্বীকৃতি দিয়া একমাত্ৰ প্ৰমাণ।


৫। প্ৰত্য়ক্ষত কিহৰ বিষয়ে আলোচনা কৰা হয় ?

উত্তৰঃ প্ৰত্য়ক্ষত বহলভাৱে চৰ্চা কৰা হয় প্ৰত্য়ক্ষ আৰু অনুমানৰ বিষয়ে।


৬। কিছুমান স্থানত প্ৰত্য়ক্ষক আৰু কি বুলি জনা যায় ?

উত্তৰঃ কিছুমান স্থানত প্ৰত্য়ক্ষক সাক্ষাৎ জ্ঞান বুলিও জনা যায়।


৭। জড়বাদী চাৰ্বাক দাৰ্শনিক সকলে প্ৰত্য়ক্ষক কি বুলি গ্ৰহণ কৰিছে ?

উত্তৰঃ জড়বাদী চাৰ্বাক দাৰ্শনিক সকলে প্ৰত্য়ক্ষক প্ৰমান হিচাপে গ্ৰহণ কৰিছে।


৮। ন্য়ায় দৰ্শনৰ মতে জ্ঞানৰ প্ৰকৃত উদ্দেশ্য় কি ?

উত্তৰঃ ন্য়ায় দৰ্শনৰ মতে জ্ঞানৰ প্ৰকৃত উদ্দেশ্য় হ'ল বিষয়ৰ স্বৰূপ প্ৰকাশ।


৯। মহৰ্ষি গৌতমে 'ন্য়ায় সূত্ৰ'ত যথাৰ্থ জ্ঞানৰূপে কি কি প্ৰমাণক স্বীকৃতি দিছে ?

উত্তৰঃ মহৰ্ষি গৌমতে 'ন্য়ায় সূত্ৰ'ত যথাৰ্থ জ্ঞানৰূপে প্ৰত্য়ক্ষ, অনুমান, শব্দ আৰু উপমান আদি প্ৰমাণক স্বীকৃতি দিছে।


১০। লৌকিক প্ৰত্য়ক্ষ কাক বোলে ?

উত্তৰঃ সাধাৰণতে যেতিয়া আমাৰ ইন্দ্ৰিয়ৰ লগত বিষয়ৰ লৌকিক সংযোগ সংঘটিত হয় তাক লৌকিক প্ৰত্য়ক্ষ বোলা হয়।


১১। অন্তৰ ইন্দ্ৰিয়ৰূপে কাক স্বীকৃতি দিয়া হয় ?

উত্তৰঃ অন্তৰ ইন্দ্ৰিয়ৰূপে স্বীকৃতি দিয়া হয় মনক।


১২। বাহ্য় প্ৰত্য়ক্ষ কাক কোৱা হয় ?

উত্তৰঃ বস্তুৰ ৰূপ, ৰস, শব্দ, গোন্ধ আৰু স্পৰ্শ প্ৰত্য়ক্ষ কৰাৰে বাহ্য় প্ৰত্য়ক্ষ বোলা হয়।


১৩। অলৌকিক প্ৰত্য়ক্ষ কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ অলৌকিক প্ৰত্য়ক্ষ তিনি প্ৰকাৰৰ--- সামান্য়লক্ষণ প্ৰত্য়ক্ষ, জ্ঞানলক্ষণ প্ৰত্য়ক্ষ, যোগজ প্ৰত্য়ক্ষ।


১৪। জ্ঞানলক্ষণ প্ৰত্য়ক্ষ কাক বোলে ?

উত্তৰঃ পূৰ্বজ্ঞান বা পূৰ্বস্মৃতিৰ ওপৰত ভিত্তি কৰি যেতিয়া এটা ইন্দ্ৰিয়ই আন এটা ইন্দিয়ৰ কাম কৰে তেতিয়া সেই প্ৰকাৰ প্ৰত্য়ক্ষক জ্ঞানলক্ষণ প্ৰত্য়ক্ষ বোলে।


১৫। ন্য়ায় দৰ্শনে যথাৰ্থ জ্ঞানৰ উৎস হিচাপে অনুমানক কি প্ৰদান কৰিছে ?

উত্তৰঃ ন্য়ায় দৰ্শনে যথাৰ্থ জ্ঞানৰ উৎস হিচাপে অনুমানক সবাতোতকৈ গুৰুত্ব প্ৰদান কৰিছে।


১৬। প্ৰমাণ শাস্ত্ৰ অনুসৰি অনুমান কিমান নম্বৰৰ ?

উত্তৰঃ প্ৰমাণ শাস্ত্ৰ অনুসৰি অনুমান হ'ল দ্বিতীয় ।


১৭। অনুমান শব্দটো কেনেকৈ গঠিত হৈছে ?

উত্তৰঃ অনুমান শব্দটো 'অনু' অৰ্থাৎ 'পিছত' আৰু 'মান' অৰ্থাৎ 'জ্ঞান'--- এই শব্দ দুটা লগ লাগি অনুমান শব্দ গঠিত হৈছে।


১৮। পঞ্চাবয়ব কাক বোলা হয় ?

উত্তৰঃ পাচঁটা বচনৰ দ্বাৰা গঠিত ন্য়ায় অনুমানৰ প্ৰণালীক পঞ্চাবয়ব ন্য়ায় বোলা হয়।


১৯। প্ৰথমতে উদ্দেশ্য় অনুসৰি অনুমানক দুটা ভাগত বিভক্ত কৰা হৈছে, তাক কি বুলি জনা যায় ?

উত্তৰঃ প্ৰথমতে উদ্দেশ্য় অনুসৰি অনুমানক দুটা ভাগত বিভক্ত কৰা হৈছে, যাক জনা যায় স্বাৰ্থানুমান বা পৰাৰ্থানুমান বুলি।


২০। অন্বয়ী ব্য়তিৰেকী অনুমান বুলিলে কি বুজা ?

উত্তৰঃ যি অনুমানত ব্য়াপ্তি সম্পৰ্ক অন্বয়ী আৰু ব্য়তিৰেকী উভয় প্ৰকাৰ দৃষ্টান্তৰ সহায়ত নিৰ্ধাৰণ কৰা হয় তাক অন্বয়ী ব্য়তিৰেকী অনুমান বোলা হয়।



Type By- Janmoni Hazarika




Post ID: DABP004325