বাস্তৱবাদ

অষ্টম খণ্ড অধ্য়ায়- ১


১। কিহৰ পৰা জ্ঞানৰ উৎপত্তি হয় ?

উত্তৰঃ জ্ঞাতা আৰু জ্ঞেয়ৰ সম্পৰ্ক ফলশ্ৰুতিত জ্ঞানৰ উৎপত্তি হয়।


২। জ্ঞান আৰু জ্ঞেয় কাক কয় ?

উত্তৰঃ যিজনে জ্ঞান আহৰণ কৰে তেওঁ হ'ল জ্ঞাতা। আকৌ জ্ঞাতাই যি বস্তুক জানে সেয়া হ'ল জ্ঞেয়।


৩। বাস্তৱবাদ কাক বোলে ?

উত্তৰঃ জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্বন্ধীয় যি মতবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ মন নিৰপেক্ষ অস্তিত্ব আছে বুলি সাব্য়স্ত কৰা হয় তাকে বাস্তৱবাদ বোলে।


৪। জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব কিহৰ দ্বাৰা নিৰূপিত হয় ?

উত্তৰঃ জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব মনৰ দ্বাৰা নিৰবপিত হয়।


৫। বাস্তৱবাদৰ সমৰ্থক দাৰ্শনিক কেইগৰাকীৰ নাম লিখা।

উত্তৰঃ বাস্তৱবাদৰ সমৰ্থক দাৰ্শনিক কেইগাৰাকী হ'ল-- জন লক, হোল্ট, পেৰী, আলেকজেণ্ডাৰ, জি ই মুৰ, ৰাছেল আদি।


৬। এওঁলোকৰ মতে কোনে কাৰ ওপৰত নিৰ্ভৰ কৰে ?

উত্তৰঃ এওঁলোকৰ মতে, জ্ঞানৰ ওপৰত জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰ কৰে।


৭। জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব কিহৰ ওপৰত নিৰ্ভৰ নকৰে ?

উত্তৰঃ জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব মনৰ ওপৰত নিৰ্ভৰ নকৰে।


৮। কাৰ মতে মনৰ বাহিৰত এখন স্বতন্ত্ৰ জগত আছে ?

উত্তৰঃ বাস্তৱবাদীসকলৰ মতে মনৰ বাহিৰত এখন স্বতন্ত্ৰ জগত আছে।


৯। সকলো বছৰে কেইটা দিশ থাকে আৰু কি কি ?

উত্তৰঃ সকলো বছৰে দুটা দিশ থাকে। সেয়া হ'ল ক্ৰমে দ্ৰব্য়ত্ব আৰু গুণ।


১০। বাস্তৱবাদৰ দুটা প্ৰকাৰৰ নাম লিখা।

উত্তৰঃ বাস্তৱবাদৰ দুটা প্ৰকাৰ হ'ল- (i) সৰল বাস্তৱবাদ (Naive Realism)

(ii) বিজ্ঞানসন্মত বাস্তৱবাদ (Scientific Realism)



Type By- Janmoni Hazarika





Post ID: DABP004326