মোৰ গাঁও

অধ্য়য়ন -৪

১। মোৰ গাঁও কবিতাটো কোনে ৰচনা কৰিছে ?

উত্তৰঃ মোৰ গাঁও কবিতাটো ডিম্বেশ্বৰ নেওগে ৰচনা কৰিছিল ।

২। ডিম্বেশ্বৰ নেওগ কিমান চনত জন্ম হৈছিল ?

উত্তৰঃ ডিম্বেশ্বৰ নেওগ ১৮৯৯ চনত জন্ম হৈছিল ।

৩। ডিম্বেশ্বৰ নেওগ কোন গাঁৱত জন্ম হৈছিল ?

উত্তৰঃ ডিম্বেশ্বৰ নেওগ দিখৌ পাৰৰ কমাৰফদিয়া গাঁৱত জন্ম হৈছিল ।

৪। বিনন্দীয়া শব্দৰ অৰ্থ কি ?

উত্তৰঃ বিনন্দীয়া শব্দৰ অৰ্থ হ'ল অতি ধুনীয়া, আনন্দপূৰ্ণ ।

 ৫। বঙহ শব্দৰ অৰ্থ কি ?

উত্তৰঃ বঙহ শব্দৰ অৰ্থ হ'ল বংশ, গোত্ৰ ।

৬।সাহিত্য়ৰ বুৰঞ্জী প্ৰণেতা হিচাপে কোন অসমীয়া সাহিত্য়ত বিখ্য়াত হৈ ৰৈছে  ?

উত্তৰঃসাহিত্য়ৰ বুৰঞ্জী প্ৰণেতা হিচাপে ডিম্বেশ্বৰ নেওগ অসমীয়া সাহিত্য়ত বিখ্য়াত হৈ ৰৈছে ।

৭। ছকঠীয়াখনি শব্দৰ অৰ্থ কি ?

উত্তৰঃ ছকঠীয়াখনি শব্দৰ অৰ্থ হ'ল গাত লোৱা আলোৱান ।

৮। ডিম্বেশ্বৰ নেওগে কি ভাষাতো কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল ?

উত্তৰঃ ডিম্বেশ্বৰ নেওগে ইংৰাজী ভাষাতো কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল ।

৯। জন্মান্তৰ শব্দৰ অৰ্থ কি ?

উত্তৰঃ জন্মান্তৰ শব্দৰ অৰ্থ হ'ল এই জন্মৰ আগৰ বা পাছৰ কোনো জন্ম ।

১০। কুৰ্চ্চুট শব্দৰ অৰ্থ কি ?

উত্তৰঃ কুৰ্চ্চুট শব্দৰ অৰ্থ হ'ল  হিংসা, কুটিলতা ।

১১।  ডিম্বেশ্বৰ নেওগ কিমান চনত মৃত্য়ু হৈছিল ?

উত্তৰঃ ডিম্বেশ্বৰ নেওগ ১৯৬৬ চনত মৃত্য়ু হৈছিল ।

১২। কিমান চনত অনুষ্ঠিত অসম সাহিত্য় সভাৰ নলবাৰী অধিৱেশনত ডিম্বেশ্বৰ নেওগ সভাপতিত্ব কৰিছিল ?

উত্তৰঃ ১৯৬৫ চনত অনুষ্ঠিত অসম সাহিত্য় সভাৰ নলবাৰী অধিৱেশনত ডিম্বেশ্বৰ নেওগ সভাপতিত্ব কৰিছিল

১৩। কপট শব্দৰ অৰ্থ কি ?

উত্তৰঃ কপট শব্দৰ অৰ্থ হ'ল চাতুৰী, প্ৰতাৰণা, ছলনা, কৃত্ৰিমতা ।

১৪। মালিকা, সঁফুৰা, থুপিতৰা, মালতী, ইন্দ্ৰধনু, দীপাৱলী, মুকুতা, কাব্য় প্ৰতিভা আদি কোনে ৰচনা কৰিছিল ?

উত্তৰঃ মালিকা, সঁফুৰা, থুপিতৰা, মালতী, ইন্দ্ৰধনু, দীপাৱলী, মুকুতা, কাব্য় প্ৰতিভা আদি ডিম্বেশ্বৰ নেওগ ৰচনা কৰিছিল । 

১৫। ডিম্বেশ্বৰ নেওগে গোটেই জীৱন স্কুলৰ শিক্ষকতাৰ মাজেৰে কি চৰ্চা কৰিছিল ?

উত্তৰঃ ডিম্বেশ্বৰ নেওগ গোটেই জীৱন স্কুলৰ শিক্ষকতাৰ মাজেৰে সাহিত্য় চৰ্চা কৰিছিল ।

১৬। ডিম্বেশ্বৰ নেওগে ইংৰাজী ভাষাত কেইবাখনো আলোচনামূলক কি ৰচনা কৰিছে ?

উত্তৰঃ ডিম্বেশ্বৰ নেওগে কেইবাখনো ইংৰাজী ভাষাত আলোচনামূলক গ্ৰন্থ ৰচনা কৰিছে ।

১৭। অসম সাহিত্য় সভাৰ কোন ঠাইত অধিৱেশনত ডিম্বেশ্বৰ নেওগে সভাপতিত্ব কৰিছিল ?

উত্তৰঃ অসম সাহিত্য় সভাৰ নলবাৰী অধিৱেশনত ডিম্বেশ্বৰ নেওগে সভাপতিত্ব কৰিছিল ।

১৮।  গোটেই জীৱন স্কুলৰ শিক্ষকতাৰ মাজেৰে সাহিত্য় চৰ্চা কৰি কি কি ডিম্বেশ্বৰ নেওগে ৰচনা কৰি থৈ গৈছে ?

উত্তৰঃ  গোটেই জীৱন স্কুলৰ শিক্ষকতাৰ মাজেৰে সাহিত্য় চৰ্চা কৰি  ডিম্বেশ্বৰ নেওগে কেইবাটাও সুন্দৰ কবিতাৰ লগতে ভালেমান প্ৰবন্ধ, সমালোচনামূলক আৰু তথ্য়পূৰ্ণ কিতাপ ৰচনা কৰি থৈ গৈছে ।

১৯। মোৰ গাওঁ কবিতাটোত কাৰ জাৰত থই গাৰ ছকঠীয়াখনি ?

উত্তৰঃ মোৰ গাওঁ কবিতাটোত পুহৰ জাৰত থই গাৰ ছকঠীয়াখনি ।

২০। কাৰ ছাঁয়াৰ দৰে স্মৃতি আহে যায় ?

উত্তৰঃ বনৰ ছাঁয়াৰ দৰে স্মৃতি আহে যায় ।


Type By Chandana Bora 

Edit By- Mandira Saha

Check : Himashree Bora.



Post ID: DABP004077