জাতি নিৰ্মাণৰ প্ৰত্য়াহ্বানসমূহ

Chapter 2

১। স্বাধীনতাৰ স'তে নামি অহা বিভাজনৰ বিষাদৰ কথা উল্লেখ কৰি ১৪ আগষ্ট তাৰিখে গান্ধীয়ে কি কৈছিল?

উত্তৰঃ স্বাধীনতাৰ স'তে নামি অহা বিভাজনৰ বিষাদৰ কথা উল্লেখ কৰি ১৪ আগষ্ট তাৰিখে গান্ধীয়ে কৈছিল যে "কালিলৈ আমি ব্ৰিটিছ অৱদমনৰ দাসত্বৰ পৰা মুক্তি পাম। কিন্তু মাজনিশা ভাৰতবৰ্ষৰ বিভাজন ঘটিব। সেই কাৰণেই কালিলৈৰ দিনটো উল্লোসৰ লগতে বিষাদৰ দিনো হ'ব।"

২।  ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে মহাত্মা গান্ধী ক'ত আছিল?

উত্তৰঃ  ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে মহাত্মা গান্ধী কলিকতাত আছিল।

৩। কিমান চনৰ জানুৱাৰী মাহ আৰু এই অনশনেই গান্ধীৰ জীৱনৰ শেষ অনশন আছিল?

উত্তৰঃ ১৯৪৮ চনৰ জানুৱাৰী মাহ আৰু এই অনশনেই গান্ধীৰ জীৱনৰ শেষ অনশন আছিল।

৪। ১৯৪৮ চনৰ ৩০ জানুৱাৰী তাৰিখে নাথুৰাম গড্ছে কাক গুলীবৰ্ষণ কৰে?

উত্তৰঃ  ১৯৪৮ চনৰ ৩০ জানুৱাৰী তাৰিখে নাথুৰাম গড্ছে মহাত্মা গান্ধীক গুলীবৰ্ষণ কৰে।

৫। ১০৪৩ চনত কলিকতাত আত্মগোপন কৰি থকাৰ সময়ত জ্য়োতিপ্ৰসাদে ৰচনা কৰা কবিতাটোৰ নাম কি?

উত্তৰঃ ১০৪৩ চনত কলিকতাত আত্মগোপন কৰি থকাৰ সময়ত জ্য়োতিপ্ৰসাদে ৰচনা কৰা কবিতাটোৰ নাম হ'ল- অসমীয়া ডেকাৰ উক্তি।

৬। স্বাধীনতাপ্ৰাপ্তিৰ পাছৰ কেইটা দশকৰো অধিক কাল ধৰি ভাৰতীয় জাতি-নিৰ্মাণ প্ৰক্ৰিয়াই এই প্ৰত্য়াহ্বানবিলাকৰ মোকাবিলা কৰিবৰ বাবে বিভিন্ন ধৰণে প্ৰচেষ্টা চলাই আহিছিল?

উত্তৰঃ স্বাধীনতাপ্ৰাপ্তিৰ পাছৰ ছয়টা দশকৰো অধিক কাল ধৰি ভাৰতীয় জাতি-নিৰ্মাণ প্ৰক্ৰিয়াই এই প্ৰত্য়াহ্বানবিলাকৰ মোকাবিলা কৰিবৰ বাবে বিভিন্ন ধৰণে প্ৰচেষ্টা চলাই আহিছিল।

৭। ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ বিশিষ্ট ইতিহাস প্ৰণেতা কোনে লিখিছে?

উত্তৰঃ ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ বিশিষ্ট ইতিহাস প্ৰণেতা বিপান চন্দ্ৰয়ে লিখিছে।

৮। কিমান চনৰ কিমান তাৰিখে পাকিস্তানে স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে জন্মলাভ কৰে?

উত্তৰঃ ১৯৪৭ চনৰ ১৪ আগষ্ট তাৰিখে পাকিস্তানে স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে জন্মলাভ কৰে।

৯। কিমান চনৰ কিমান তাৰিখে ভাৰতবৰ্ষই স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে জন্মলাভ কৰে?

উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতবৰ্ষই স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে জন্মলাভ কৰে।

১০। ১৯৪৬ চনৰ ১৬ আগষ্ট তাৰিখে কলিকতাত কিমান লোকে প্ৰাণ হেৰুৱায়?

উত্তৰঃ ১৯৪৬ চনৰ ১৬ আগষ্ট তাৰিখে কলিকতাত ৫০০০ লোকে প্ৰাণ হেৰুৱায়।

১১। কিমান চনত এই পূব-পাকিস্তানে স্বাধীন বাংলাদেশ বিচাপে জন্মলাভ কৰে?

উত্তৰঃ ১৯৭১ চনত এই পূব-পাকিস্তানে স্বাধীন বাংলাদেশ বিচাপে জন্মলাভ কৰে।

১২। বিভাজনৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বাবে কিমান দিনৰ সময় হাতত ৰাখিছিল?

উত্তৰঃ বিভাজনৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বাবে ৭২ দিনৰ সময় হাতত ৰাখিছিল।

১৩। ১৯৪৭ চনৰ ৩ জুনৰ পৰা কিমান আগষ্টৰ ভিতৰত ইয়াক কাৰ্যকৰী কৰা হ'ল?

উত্তৰঃ  ১৯৪৭ চনৰ ৩ জুনৰ পৰা ১৫ আগষ্টৰ ভিতৰত ইয়াক কাৰ্যকৰী কৰা হ'ল। 

১৪। কিমান চনত মানৱ ইতিহাসত কেতিয়াও সংঘটিত নোহোৱা ধৰণৰ অ-পৰিকল্পিত মানৱ হস্তান্তৰ প্ৰক্ৰিয়া সংঘটিত হৈ গ'ল?

উত্তৰঃ ১৯৪৭ চনত মানৱ ইতিহাসত কেতিয়াও সংঘটিত নোহোৱা ধৰণৰ অ-পৰিকল্পিত মানৱ হস্তান্তৰ প্ৰক্ৰিয়া সংঘটিত হৈ গ'ল। 

১৫। দেশ বিভাজনে প্ৰায় কিমান লাখ লোকক নিজ গৃহ এৰি আৰু সীমা পাৰ হৈ ভাৰত কথা পাকিস্তানলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য় কৰিছিল?

উত্তৰঃ দেশ বিভাজনে প্ৰায় ৮০ লাখ লোকক নিজ গৃহ এৰি আৰু সীমা পাৰ হৈ ভাৰত কথা পাকিস্তানলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য় কৰিছিল।

১৬। দেশ বিভাজনে সৃষ্টি কৰা বিভিন্ন সংঘৰ্ষত কিমান লাখৰ পৰা কিমান লাখ লোকে প্ৰাণ হেৰুওৱা বুলি অনুমান কৰা হয়? 

উত্তৰঃ দেশ বিভাজনে সৃষ্টি কৰা বিভিন্ন সংঘৰ্ষত পাঁচ লাখৰ পৰা দহ লাখ লোকে প্ৰাণ হেৰুওৱা বুলি অনুমান কৰা হয়।

১৭। ১৯৫১ চনৰ লোক পিয়ল অনুসাৰে ভাৰতবৰ্ষত মুছলিম লোকৰ মুঠ জনসংখ্য়া কিমান আছিল?

উত্তৰঃ ১৯৫১ চনৰ লোক পিয়ল অনুসাৰে ভাৰতবৰ্ষত মুছলিম লোকৰ মুঠ জনসংখ্য়া ১২% আছিল।

১৮। ১৯৭২ চনত উত্তৰ-পূৱ ভাৰতৰ পুনৰ গঠনৰ অংশ হিচাপে গাৰো, খাচী আৰু জয়ন্তীয়া জনজাতীয় লোকক  লৈ কি ৰাজ্য় গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৭২ চনত উত্তৰ-পূৱ ভাৰতৰ পুনৰ গঠনৰ অংশ হিচাপে গাৰো, খাচী আৰু জয়ন্তীয়া জনজাতীয় লোকক  লৈ মেঘালয় ৰাজ্য় গঠন কৰা হৈছিল।

১৯। কিমান চনত নিজোৰামৰ লগতে অৰুণাচল প্ৰদেশকো পূৰ্ণ ৰাজ্য়ৰ মৰ্যাদা প্ৰদান কৰা হয়?

উত্তৰঃ ১৯৮৭ চনত নিজোৰামৰ লগতে অৰুণাচল প্ৰদেশকো পূৰ্ণ ৰাজ্য়ৰ মৰ্যাদা প্ৰদান কৰা হয়।

২০। কিমান চনত জাৰ্মানীত নাজীসকলে আৰ্য জাতিৰ বিশুদ্ধতা আৰু ইউৰোপীয় মূলৰ আৰ্যসকলৰ উৎপত্তিৰ তত্ত্বক সজোৰে প্ৰচাৰ কৰিছিল?

উত্তৰঃ ১৯৩০ চনত জাৰ্মানীত নাজীসকলে আৰ্য জাতিৰ বিশুদ্ধতা আৰু ইউৰোপীয় মূলৰ আৰ্যসকলৰ উৎপত্তিৰ তত্ত্বক সজোৰে প্ৰচাৰ কৰিছিল।



Type By- Mayur Rani Kashyap 




Post ID: DABP004266