গুপ্ত যুগ ( Age of Guptas)

প্ৰথম অধ্যায় 

অতি চমু প্ৰশ্ন 

১। ভাৰতৰ বুৰঞ্জীত অন্ধকাৰ যুগ বুলি কোনটো যুগক কোৱা হয় ?

উত্তৰঃ kকুশান আৰু সাতবাহন বংশৰ পতনৰ পৰা গুপ্ত ৰাজবংশৰ উত্থানৰ মাজৰ সমখিনিক ভাৰতৰ বুৰঞ্জীৰ অন্ধকাৰ যুগ বুলি কোৱা হয়।


২। গংগা উপত্যকাত কুশান সাম্ৰাজ্যৰ অধীনতা দলিয়াই  স্বাধীনতা ঘোষণা কৰা সকলোতকৈ আগৰ শক্তিটো কি আছিল ।

উত্তৰঃ  গংগা উপত্যকাত কুশান সাম্ৰাজ্যৰ অধীনতা দলিয়াই স্বাধীনতা ঘোষণা কৰা সকলোতকৈ আগৰ শক্তিটো আছিল কৌসম্বীৰ মাঘশ ।


৩। নাগসকল কোন জাতিৰ লোক আছিল ।

উত্তৰঃ নাগসকল আছিল অতীতৰ ভাৰতবৰ্ষৰ সৰ্প-পূজা কৰা এটা অনাৰ্যজাতি ।


। যোধেয়সকলে কিমান খ্ৰীঃত স্বাধীনতা লাভ কৰিছিল ।

উত্তৰঃ যোধেয়সকলে ১৭৫ খ্ৰীঃত স্বাধীনতা লাভ কৰিছিল । 


৫। ৰাজপুতনাৰ ৰাজধানীৰ নাম কি আছিল ।

উত্তৰঃ  ৰাজপুতনাৰ ৰাজধানীৰ নাম আছিল মালৱ নগৰ ।


৬।যোধেয়সকলৰ ৰাজধানীৰ নাম কি ।

উত্তৰঃ যোধেয়সকলৰ ৰাজধানীৰ নাম আছিল শিয়ালকোট ।


৮। গুপ্তযুগৰ ইতিহাসৰ সমলবোৰ কি আছিল ।

উত্তৰঃ  গুপ্ত যুগৰ ইতিহাসৰ সমলবোৰ হল 

ক) ভাৰতীয় সাহিত্যগত সমল, খ) বিদেশী টোকা, গ) প্ৰত্নতাত্ত্বিক সমল ।


৯।গুপ্তসকলৰ আদি বাসস্থান কত  আছিল ।

উত্তৰঃ  বঙ্গদেশ আছিল গুপ্তসকলৰ আদি বাসস্থান । ়


১০।গুপ্ত বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ।

উত্তৰঃ শ্ৰী গুপ্ত হল গুপ্ত ৰাজবংশৰ প্ৰতিষ্ঠাতা ।


১১। ৰজা চন্দ্ৰগুপ্তই গ্ৰহণ কৰা উপাধিটোৰ নাম কি আছিল ।

উত্তৰঃ ৰজা চন্দ্ৰগুপ্তই গ্ৰহণ কৰা উপাধিটোৰ নাম হল মহাৰাজাধিৰাজ ।


১২। বিশাখাদত্তই লিখা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ বিশাখাদত্তই লিখা গ্ৰন্থখনৰ নাম হল মুদ্ৰাৰাক্ষস ।


১৩। দুজন মহান পণ্ডিতৰ নাম লিখা ।

উত্তৰঃ দুজন মহান পণ্ডিতৰ নাম কালিদাস, বৰাহমিহিৰ ।


৪। ফাহিয়ানে ভাৰত ভ্ৰমণৰ ওপৰত লিখা গ্ৰন্থখনৰ নাম কি 

উত্তৰঃ ফাহিয়ানে ভাৰত ভ্ৰমণৰ ওপৰত লিখা গ্ৰন্থখনৰ নাম হল ফো-ফো-কি । 


১৫। সুদৰ্শন হ্ৰদটো কোনে পুনৰ নিৰ্মাণ কৰিছিল ।

উত্তৰঃ  সুদৰ্শন হ্ৰদটো গুপ্ত বংশৰ সম্ৰাট স্কন্দগুপ্তই নিৰ্মাণ কৰিছিল ।

 

১৬। ৰজা চন্দ্ৰগুপ্তৰ সুযোগ্য মন্ত্ৰীজনৰ নাম কি ।

উত্তৰঃ ৰজা চন্দ্ৰগুপ্তৰ সুযোগ্য মন্ত্ৰীজনৰ নাম হল বীৰসেন চাভা ।


১৭। দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালৰ ইতিহাস জানিবৰ কাৰণে ব্যৱহাৰ কৰা প্ৰধান সলবোৰ কি আছিল ।

উত্তৰঃ দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালৰ ইতিহাস জানিবৰ কাৰণে ব্যৱহাৰ কৰা প্ৰধান সমলবোৰ আছিল 

মুদ্ৰা, শিলালিপি, আৰু সাহিত্য ।


১৮ । দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালৰ গুৰুত্বপূৰ্ণ বৈদেশীক ঘটনাবোৰ কি কি আছিল ।

উত্তৰঃ 0দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালৰ গুৰুত্বপূৰ্ণ বৈদেশীক ঘটনাবোৰ হল বাকাটকৰ ৰজা দ্বিতীয় ৰুদ্ৰসেনৰ সৈতে সমুদ্ৰগুপ্তৰ বৈবাহিক সম্পৰ্ক আৰু শক ক্ষত্ৰপ সকলৰ সৈতে যুদ্ধ ।


১৯। কুন্টল ৰাজ্যৰ ৰজাজনৰ নাম কি আছিল ।

উত্তৰঃ কুন্টল ৰাজ্যৰ ৰজাজনৰ নাম হল কাকুন্ঠবৰ্মন ।


২০। গুপ্ত সাম্ৰাজ্যৰ শেষৰজন ৰজাৰ নাম কি ।

উত্তৰঃ গুপ্ত সাম্ৰাজ্যৰ শেষৰজন ৰজাৰ নাম হল বিষ্ণুগুপ্ত । 


২১। গুপ্ত সাম্ৰাজ্য পতন হোৱাৰ এটা কাৰণ লিখা ।

উত্তৰঃ গুপ্ত সাম্ৰাজ্য পতন হোৱাৰ এটা কাৰণ হল দুৰ্বল আৰু অদক্ষ উত্তৰাধিকাৰী ।


২২।  গুপ্তসকলৰ চৰকাৰ ব্যৱস্থা কেইপ্ৰকাৰৰ আৰু কি কি ।

উত্তৰঃ  গুপ্তসকলৰ চৰকাৰ ব্যৱস্থা দুই প্ৰকাৰৰ যেনে 

ক) গণতান্ত্ৰিক চৰকাৰ ।

খ) ৰাজতান্ত্ৰিক চৰকাৰ ।


২৩। গুপ্তসকলৰ বিচাৰালয়খনক কি বুলি কোৱা হয় ।

উত্তৰঃ  গুপ্তসকলৰ বিচাৰালয়ক ৱ্যায়াধিকৰণ বুলি কোৱা হৈছিল ।


২৪। নগৰখনৰ প্ৰশাসনৰ দায়িত্ব কাৰ হাতত অৰ্পণ কৰি দিয়া হৈছিল ।

উত্তৰঃ নগৰখনৰ প্ৰশাসনৰ দায়িত্ব পুৰাপাল নামৰ এজন বিষয়াৰ হাতত অৰ্পণ কৰি দিয়া হৈছিল । 


২৫। গুপ্তসকলৰ গাৱৰ শাসনকৰ্তা বা মুৰব্বীজনক কি বুলি কোৱা হৈছিল ।

উত্তৰঃ গুপ্তসকলৰ গাৱৰ শাসনকৰ্তা বা মুৰব্বীজনক গ্ৰামেয়ক বা গ্ৰামাধ্যক্ষ বুলি কোৱা হৈছিল ।


২৬। বৈদিক যুগত প্ৰচলিত চাৰিটা বৰ্ণৰ নাম কি আছিল ়।

উত্তৰঃ বৈদিক যুগত প্ৰচলিত চাৰিটা বৰ্ণৰ নাম আছিল 

ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ । 


২৭। গাওঁ পৰিষদক কি নামেৰে জনা গৈছিল ।

উত্তৰঃ  গাওঁ পৰিষদক জনপদ নামেৰে জনা গৈছিল । 


চমু প্ৰশ্ন 

১। মানুহৰ জীৱনটোক চাৰিটা আশ্ৰমত ভাগ কৰা হৈছে সেই আশ্ৰমকেইটা কি কি আছিল ।

উত্তৰঃ  মানুহৰ জীৱনটেক চাৰিটা আশ্ৰমত ভাগ কৰা হৈছে সেই আশ্ৰমকেইটা হল 

ক) ব্ৰহ্মচৰ্য, ২। গাৰ্হস্থ্য,৩। বানপ্ৰস্থ আৰু ৪। সন্ন্যাস ।


২। দাসত্ব মোচনৰ পদ্ধতি এটাৰ নাম লিখা ।

উত্তৰঃ দাসত্ব মোচনৰ পদ্ধতি এটা হল 

ক) যদি এজনী দাসীয়ে মালিকৰ সন্তান জন্ম দিয়ে তেতিয়া তাইৰ দাসত্ব মোচন হয় । তেতিয়া দাসীজনীয়ে গৰাকীলৈ পৰিৱৰ্তিত হৈছিল । 


৩। গুপ্ত সাম্ৰাজ্যৰ প্ৰজাসকলৰ প্ৰধান বৃত্তি কি আছিল ।

উত্তৰঃ গুপ্ত সাম্ৰাজ্যৰ প্ৰজাসকলৰ প্ৰধান বৃত্তি আছিল কৃষি । 


৪। গুপ্ত সাম্ৰাজ্য পতন হোৱা দুটা কাৰণ কি আছিল ।

উত্তৰঃ গুপ্ত সাম্ৰাজ্যৰ পতন হোৱা দুটা কাৰণ হল 

ক) বিদেশী লোকসকলৰ আক্ৰমণ হল গুপ্ত সাম্ৰাজ্যৰ পতনৰ এটা অতি গুৰুত্বপূৰ্ণ কাৰণ ।

খ) ধৰ্মনীতিৰ পৰিৱৰ্তন হৈছে গুপ্ত সাম্ৰাজ্যৰ পতনৰ আন এটা কাৰণ ।


৫। গুপ্তযুগৰ নাৰীসকলে ব্যৱহাৰ কৰা দুবিধ অলংকাৰৰ নাম লিখা ।

উত্তৰঃ   গুপ্তযুগৰ নাৰীসকলে ব্যৱহাৰ কৰা দুবিধ অলংকাৰৰ নাম হল 

ক) খাৰু, খ) বাজু ।


৬। গুপ্তযুগৰ শিলালিপিত উল্লেখ থকা ৬ প্ৰকাৰৰ ভূমিৰ নাম লিখা ।

উত্তৰঃ গুপ্তযুগৰ শিলালিপিত উল্লেখ থকা ৬ প্ৰকাৰৰ ভূমিৰ নাম হল 

নিভিধৰ্ম, অক্ষয়নিবিধৰ্ম, নিবিধৰ্ম অক্ষয়, অপ্ৰদাধৰ্ম, অপ্ৰদাক্ষয়নিবিধৰ্ম আৰু ভূমিচিদ্ৰন্যায় ।


.৭। যোধেয় আৰু মালৱ ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাৰ বিষয়ে লিখা ।

উত্তৰঃ যোধেয় আৰু মালব ৰাজ্যৰ গণতান্ত্ৰিক ৰাজ্যবোৰৰ প্ৰশাসন প্ৰাকৃতিকভাৱে সংগঠিত হৈছিল । 

গণতান্ত্ৰিক ৰাজ্যবোৰ প্ৰদেশত ভাগ কৰি শ্ৰমতাশীল বাশ্ৰেণীৰ পৰা নিৰ্বাচন কৰা লোকক গভৰ্ণৰ নিযুক্তি কৰিছিল । ৰাজ্যখনৰ বহুতো নগৰ লগ হৈ পৃথক বা বেলেগ প্ৰশাসনিক গোট গঠন কৰিছিল ।

গোটবোৰ সম্পূৰ্ণ স্বাধীন আৰু শক্তিশালী লোকৰ ওপৰত ক্ষমতা ন্যস্ত হৈ আছিল । ১০০ খন গাৱৰ সমষ্টিৰে গাওঁ পৰিষদ গঠন কৰা হৈছিল । গাওঁখনৰ মুৰব্বীজনক শাসক শ্ৰেণীৰ সদস্য হব লাগিছিল । সেইদৰে শাসক শ্ৰেমীসকলৰ মাজৰ পৰা আমোলা বা ৰজাৰ সদস্যসকলকো বাচনি কৰা হৈছিল । গাওঁ পৰিষদৰ সদস্যসকলৰ বেছিভাগলোকে বিবিন্ন ধৰমৰ বৃত্তি আৰু ব্যৱসায়ত জড়িত হৈ আছিল ।

ৰাজনৈতিক কাৰ্যৰ উপৰিও কেন্দ্ৰীয় সভাই  ধৰ্মীয় আৰু সামাজিক কাৰ্যবোৰ শান্তিপূৰ্ণভাৱে সম্পন্ন হোৱাত সহায় কৰিছিল । বহুতো ৰাজ্যৰ কেন্দ্ৰীয় সভাত ব্যক্তিগত বিদ্বেহ আৰু আৰু ক্ষমতা লোভে সংঘাটৰ সৃষ্টি কৰিছিল ।


৮। গুপ্ত সমাজৰ এটা বিশেষ বৈশিষ্ট্য কি আছিল ।

উত্তৰঃ  গুপ্ত সমাজৰ এটা বিশেষ বৈশিষ্ট্য হল যৌথ পৰিয়াল ।


৯। ভানুগুপ্তৰ পৰৱৰ্তী ৰজাকেইজনৰ নাম কি আছিল ।

উত্তৰঃ   ভামুগুপ্তৰ পৰৱৰ্তী ৰজাকেইজন হল তৃতীয় কুমাৰগুপ্ত আৰু বিষ্ণুগুপ্ত চন্দ্ৰাদিত্য ।


১০। গুপ্তসকলে কি ভাষা ব্যৱহাৰ কৰিছিল ।

উত্তৰঃ   গুপ্তসকলে সংস্কৃত ভাষা ব্যৱহাৰ কৰিছিল ।  


১১। গুপ্তসকলৰ উত্থান আৰু সাম্ৰাজ্য প্ৰতিষ্ঠাৰ বিষয়ে লিখা ।

উত্তৰঃ  গুপ্ত ৰাজাজ্ঞাৰ পৰা জনা গৈছিল যে গুপ্ত সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল শ্ৰী গুপ্ত । তেওঁৰ পুতেক ঘটোকছ গুপ্ত গুপ্তবংশৰ দ্বিতীয়জন ৰজা আছিল । এলান আৰু জয়ছোৱালে মন্তব্য কৰিছিল যে শ্ৰী শব্দটো সন্মানজনক চিহ্ন । কিন্তু শ্ৰী গুপ্ত স্বাধীন ৰজা নাছিল । চিলভেন লেভি আৰু সুধাকৰ চট্টোপাধ্যায়ৰ মতে শ্ৰী গুপ্ত মুৰুন্দাসকলৰ সামন্তহে আছিল ।ফ্লিন্ট আৰু ৰাখাল দাসৰ  মতে শ্ৰী গুপ্ত শকসকলৰ শাসক আছিল । শ্ৰী গুপ্তই ২৭৫ খ্ৰীৰ পৰা ৩০০ খ্ৰীষ্টাব্দসৈ শাসন কৰিছিল । যেতিয়া শ্ৰী গুপ্তৰ মৃত্যু হৈছিল তেতিয়া তেওঁৰ পুত্ৰ ঘটোকছ গুপ্ত গুপ্তবংশৰ ৰজা হৈছিল । তেওঁ দেউতাকৰ দৰে এজন সামন্তহে আছিল । তেওঁ লিচ্ছবীৰ অধীনত দেশ শাসন কৰিছিল । আৰ .চি. মজুমদাৰ মতেঘটোকছ গুপ্ত তেওঁ দেউতাকতৈ অতি শক্তিশালী আীছিল । 


১২। সমুদ্ৰগুপ্তৰ প্ৰধান ল৭্য বা উদ্দেশ্য কি আছিল ।

উত্তৰঃ  সমুদ্ৰগুপ্তৰ প্ৰধান লক্ষ্য বা উদ্দেশ্য গস ভাৰতবৰ্ষক ৰাজনৈতিকভাৱে একত্ৰিত কৰা বা লগকৰা ।


১৩। ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়।

উত্তৰঃ সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়।


১৪। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি কিয় কোৱা হয় ।

উত্তৰঃ  সমুদ্ৰগুপ্ত বিশ্ববিজয় কৰা নেপোলিয়ন বোনাপাৰ্টৰ দৰে অতন্ত্য সাহসী আছিল ।তেওঁ বহুত ৰাজ্যৰ লগ হৈ থকা বিশাল শক্তিকো পৰাজয় কৰিব  পাৰিছিল । তেওঁ কেতিয়াও নিজৰ জীৱনত পৰাজয় হোৱা নাছিল সেইকাৰণে সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয় । 


১৫। সমুদ্ৰগুপ্তই যুদ্ধক্ষেত্ৰত প্ৰয়োগ কৰা দুটা নীতিৰ নাম কি ।

উত্তৰঃ সমুদ্ৰগুপ্তই যুদ্ধক্ষেত্ৰত প্ৰয়োগ কৰা দুটা নীতি বা পদ্ধতি হল 

ক) দিগ্বীজয় আৰু খ) ধৰ্মবিজয় ।


Author -Ali rani kakati

Edit By- Mandira Saha  





Post ID: DABP004374