বংগ-বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

অধ্য়ায় ১

১/  কিমান চনত আৰু কাৰৰ শাসনকালত ভাৰতৰ বংগ বিভাজন সংঘটিত হৈছিল? 

উত্তৰঃ ১৮৯৯-১৯০৫ চনত আৰু লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত ভাৰতৰ বংগ বিভাজন সংঘটিত হৈছিল।


২/ কিমান খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন প্ৰৱৰ্তন কৰি বংগ প্ৰেছিডেন্সিৰ গৱৰ্ণৰ পদটো 'গৱৰ্ণৰ জেনেৰেল' পদলৈ উন্নীত কৰিছিল?

উত্তৰঃ ১৭৭৩ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন প্ৰৱতন কৰি বংগ প্ৰেছিডেন্সিৰ গৱৰ্ণৰ পদটো 'গৱৰ্ণৰ জেনেৰেল' পদলৈ উন্নীত কৰিছিল।


৩/ ঢাকা, চট্টগ্ৰাম আৰু ৰাজশাহী - এই তিনিওটা সংমণ্ডলৰ সৰ্বমুঠ কিমান?

উত্তৰঃ ঢাকা, চট্টগ্ৰাম আৰু ৰাজশাহী - এই তিনিওটা সংমণ্ডলৰ সৰ্বমুঠ এলেকা আছিল ১,০৬,৫৪০ বৰ্গমাইল।  

 

৪/  বংগ-ভংগ কাক বোলে?

উত্তৰঃ বংগদেশক দ্বিখণ্ডিত কৰা আৰু খণ্ডিত একাংশ অসমৰ সৈতে সংলগ্ন কৰাৰ প্ৰক্ৰিয়াটোকে ঐতিহাসিক বংগ-ভংগ বুলি কোৱা হয়।


৫/ বংগ ভংগৰ অন্তনিৰ্হিত উদ্দেশ্য কি আছিল?

উত্তৰঃ বংগভংগৰ অন্তনিৰ্হিত উদ্দেশ্য আছিল হিন্দু - মুছলমানৰ মাজত একতা ভাঙি দিয়া। উদ্দেশ্য় সিদ্ধিৰ বাবে প্ৰয়োজন হৈছিল সাম্প্ৰদায়িক মনোভাবৰ বিস্তাৰ ঘটোৱা।


৬/ কিমান খ্ৰীষ্টাব্দত য়াণ্ডাবু সন্ধিৰ আৰম্ভ হৈছিল?

উত্তৰঃ ১৮২৬ খ্ৰীষ্টাব্দত য়াণ্ডাবু সন্ধিৰ আৰম্ভ হৈছিল।


৭/ বংগ প্ৰদেশৰ সৰ্বমুঠ মাটিকালি কিমান?

উত্তৰঃ বংগ প্ৰদেশৰ সৰ্বমুঠ মাটিকালি আছিল ২,৫৩,০০০ বৰ্গমাইল।


৮/ বংগ প্ৰদেশৰ মুঠ জনসংখ্যা কিমান?

উত্তৰঃ বংগ প্ৰদেশৰ মুঠ জনসংখ্যা আছিল ৪ কোটি ৬০ লাখ।


৯/ ৰৰ্বাট ক্লাইবৰ মাজত সম্পন্ন হোৱা এলাহাবাদৰ সন্ধিৰ কিমান চনত হৈছিল?

উত্তৰঃ ৰৰ্বাট ক্লাইবৰ মাজত হোৱা এলাহাবাদৰ সন্ধিৰ ১৭৬৫ চনত হৈছিল।


১০/ 'অসম' নামৰ প্ৰদেশখন কিমান চনত গঠন কৰা হৈছিল? 

উত্তৰঃ 'অসম' নামৰ প্ৰদেশখন ১৮৭৪ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰী তাৰিখে গঠন  কৰা হৈছিল।


১১/ 'পূব বংগ আৰু অসম' নামৰ প্ৰদেশখনৰ জনসংখ্যা কিমান?

উত্তৰঃ 'পূব বংগ আৰু অসম' নামৰ প্ৰদেশখনৰ জনসংখ্যা আছিল ৩ কোটি ১০ লাখ।


১২/ পশ্চিম বংগ, বিহাৰ, উৰিষ্যা আৰু ছোটনাগপুৰ বংগ প্ৰদেশখনৰ জনসংখ্যা কিমান?

উত্তৰঃ পশ্চিম বংগ, বিহাৰ, উৰিষ্যা আৰু ছোটনাগপুৰ বংগ প্ৰদেশখনৰ জনসংখ্যা আছিল ৫ কোটি ৪০ লাখ।


১৩/ কিমান চনত লৰ্ড কাৰ্জনে বংগ ভংগৰ প্ৰস্তাৱটো অনুমোদনৰ কাৰণে লণ্ডনস্থিত ভাৰত সচিবলৈ প্ৰেৰণ কৰিছিল?

উত্তৰঃ ১৯০৫ খ্ৰীষ্টাব্দৰ ২ ফেব্ৰুৱাৰিত লৰ্ড কাৰ্জনে বংগ ভংগৰ প্ৰস্তাৱটো অনুমোদনৰ কাৰণে লণ্ডনস্থিত ভাৰত সচিবলৈ প্ৰেৰণ কৰিছিল।


১৪/ লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগ ভংগৰ চাৰিদফীয়া আঁচনিখন লিখা?

উত্তৰঃ বংগ ভংগ আঁচনিৰ প্ৰথম দফা -

(ক) ৰাজশাহী, ঢাকা আৰু চট্টগ্ৰাম সংমণ্ডলৰ সৈতে অসমসংলগ্ন নতুন প্ৰদেশখনৰ নাম 'পূব বংগ আৰু অসম' হব।

(খ) 'পূব বংগ আৰু অসম' প্ৰদেশৰ ৰাজধানী ঢাকা।

(গ) 'পূব বংগ আৰু অসম' প্ৰদেশৰ শাসনৰ দায়িত্ব এজন লেফ্ টেনেণ্ট গৱৰ্ণৰৰ হাতত অৰ্পণ কৰা হব।

(ঘ) অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰ হব।

দ্বিতীয় দফা -

(ক) পূৰ্ব বংগ আৰু অসমৰ বাবে ঢাকাত সুকীয়া উচ্চ ন্যায়ালয় স্থাপন হব।

(খ) সুকীয়া উচ্চ ন্যায়ালয় স্থাপন নোহোৱাপৰ্যন্ত প্ৰদেশখন কলিকতা উচ্চ ন্যায়ালয়ৰ এক্তিয়াৰভুক্ত হব।

তৃতীয় দফা -

(ক) পশ্চিম বংগ, বিহাৰ, উৰিষ্যা আৰু ছোটনাগপুৰসহ বংগ প্ৰদেশৰ ৰাজধানী কলিকতা হব।

চতুৰ্থ দফা -

(ক) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰত বংগ বিভাজন পৰিকল্পনা কাৰ্যকৰী হব।

১৫/ কিমান তাৰিখে বংগদেশৰ বিভাজনৰ বিৰুদ্ধাচৰণ কৰা উদ্দেশ্যে প্ৰথমখন প্ৰতিবাদী সভা অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৪ জুলাই, ১৯০৫ খ্ৰীষ্টাব্দত বংগদেশৰ বিভাজনৰ বিৰুদ্ধাচৰণ কৰা উদ্দেশ্যে প্ৰথমখন প্ৰতিবাদী সভা অনুষ্ঠিত হৈছিল।


১৬/ কিমান চনত দিনাজপুৰত দ্বিতীয়খন বিশাল সভা অনুষ্ঠিত হৈছিল?

উত্তৰঃ ২০ জুলাই ১৯০৫ চনত দিনাজপুৰত বিশাল সভা অনুষ্ঠিত হৈছিল।


১৭/ জাতীয় শোক দিৱস কিমান তাৰিখে পালন কৰা হয়?

উত্তৰঃ জাতীয় শোক দিৱস ১৬ অক্টোবৰ তাৰিখে পালন কৰা হয়।


১৮/ কিমান তাৰিখে কলিকতাত বংগ ভংগৰ হৰতাল পালন কৰা হয়?

উত্তৰঃ ১৬ অক্টোবৰৰ আবেলি সমগ্ৰ কলিকতাত বংগ ভংগৰ বিৰুদ্ধে হৰতাল পালন কৰা হয়।


১৯/ স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত হোৱা নাটকসমূহৰ নাম লিখা?

উত্তৰঃ স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত হোৱা নাটকসমূহ হল - ক্ষীৰোদ প্ৰসাদৰ 'পলাশীৰ প্ৰায়শ্চিত্ত', গিৰীশ ঘোষৰ 'চিৰাউদ্দৌলা' আৰু 'মিৰ কাছিম', অমৃতলাল বসুৰ 'চাব্বাস বাঙালী', অমৰেন্দ্ৰ নাথ দত্তৰ 'বংগৰ অংগচ্ছেদ' ইত্যাদি।


২০/ স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত বিখ্যাত গ্ৰন্থকেইখনৰ নাম কি কি?

উত্তৰঃ স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত বিখ্যাত গ্ৰন্থকেইখনৰ নাম হল - স্বৰ্ণকুমাৰী দেবীৰ 'জাপানী বীৰ', প্ৰমথনাথ ৰায়চৌধুৰীৰ 'জয় সংগীত', কাৰ্তিকচন্দ্ৰ দাশগুপ্তৰ 'নব্য ভাৰত', ৰামেন্দ্ৰসুন্দৰ ত্ৰিবেদীৰ 'বংগলক্ষীৰ ব্ৰতকথা'।


২১/ ৰবীন্দ্ৰনাথে ৰচনা কৰা বিখ্যাত প্ৰবন্ধটোৰ নাম কি?

উত্তৰঃ ৰবীন্দ্ৰনাথে ৰচনা কৰা বিখ্যাত প্ৰবন্ধটোৰ নাম আছিল 'ভাই ভাই এক ঠাই'।


২২/ কিমান তাৰিখে ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতাৰ জাতীয় শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে জ্ঞানগৰ্ভ বক্তৃতা দিছিল?

উত্তৰঃ ৫ আগষ্ট তাৰিখে ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতাৰ জাতীয় শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে জ্ঞানগৰ্ভ বক্তৃতা দিছিল।


২৩/ ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় কিমান চনত  স্থাপন কৰা হৈছিল?

উত্তৰঃ ৮ নৱেম্বৰত ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপন কৰা হৈছিল।


২৪/ ৰাসবিহাৰী বসুৰ অধ্যক্ষতাত কলিকতাৰ টাউন হলত কিমান তাৰিখে 'জাতীয় শিক্ষা পৰিষদ' নামৰ জাতীয় শিক্ষাৰ শীৰ্ষ অনুষ্ঠানটো গঠন কৰা হৈছিল?

উত্তৰঃ ৰাসবিহাৰী বসুৰ অধ্যক্ষতাত কলিকতাৰ টাউন হলত ১১ মাৰ্চ তাৰিখে  'জাতীয় শিক্ষা পৰিষদ' নামৰ জাতীয় শিক্ষাৰ শীৰ্ষ অনুষ্ঠানটো গঠন কৰা হৈছিল।


২৫/ বংগ জাতীয় মহাবিদ্যালয় কিমান তাৰিখে স্থাপন কৰা হৈছিল?

উত্তৰঃ বংগ জাতীয় মহাবিদ্যালয় ১৫ আগষ্ট তাৰিখে স্থাপন কৰা হৈছিল।


২৬/ স্বদেশী আন্দোলনৰ সৰ্বমুঠ কিমানখন মাধ্যমিক আৰু কিমানখন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছে?

উত্তৰঃ স্বদেশী আন্দোলনৰ  সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩,০০০খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছে।


২৭/ আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰা মহীয়সী নাৰীৰ গৰাকী নাম  কি?

উত্তৰঃ আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰা সহায়সী নাৰীৰ গৰাকী নাম আছিল - মাৰ্গাৰেট এলিজাবেথ নবোল।


২৮/ আচাৰ্য প্ৰফুল্ল ৰায়ে মুকলি কৰা উদ্যোগটোৰ নাম কি আছিল?

উত্তৰঃ আচাৰ্য প্ৰফুল্ল ৰায়ে বেংগল কেমিকেল্ছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটো মুকলি কৰিছিল।


২৯/ নৱগঠিত ৰাজনৈতিক অনুষ্ঠানটোৰ লক্ষ্য আৰু উদ্দেশ্য কি আছিল?

উত্তৰঃ নৱগঠিত ৰাজনৈতিক অনুষ্ঠানটোৰ লক্ষ্য আৰু উদ্দেশ্য হব -

(ক) ব্ৰিটিছ চৰকাৰৰ প্ৰতি মুছলমান ৰাইজৰ মনত আনুগত্যৰ প্ৰসাৰ ঘটোৱা।

(খ) ব্ৰিটিছ চৰকাৰক মুছলমান ৰাইজৰ ৰাজনৈতিক অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সদা-সচেতন কৰি ৰখা।

(গ) মুছলমান ৰাইজৰ মনৰ পৰা ভয়, সন্ত্ৰাস, বিদ্বেষ ভাবৰ অন্ত পেলায় সকলোৰে মাজত একতা গঢ়ি তোলা।


৩০/ কিমান খ্ৰীষ্টাব্দত মুছলিম লীগৰ কাৰ্যালয় লক্ষ্নৌলৈ স্থানান্তৰিত কৰা হৈছিল?

উত্তৰঃ ১৯১০ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত মুছলিম লীগৰ কাৰ্যালয় লক্ষ্নৌলৈ স্থান্তৰিত কৰা হৈছিল।

৩১/ কিমান খ্ৰীষ্টাব্দত ছলিমউল্লাৰ মৃত্যু হৈছিল?

উত্তৰঃ ১৯১৫ খ্ৰীষ্টাব্দত ছলিমউল্লাৰ মৃত্যু হৈছিল।


৩২/ স্বদেশী আন্দোলনৰ অৱদানসমূহ উল্লেখ কৰা?

উত্তৰঃ স্বদেশী আন্দোলনৰ অৱদানসমূহ তলত উল্লেখ কৰা হল -

১/ স্বদেশী আন্দোলনে ভাৰতবাসীক গণ-আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল। দেশৰ বেছিভাগ মানুহেই আন্দোলনত সমৱেত হলে যে গণ-আন্দোলনত জয়যুক্ত হোৱাটো সুনিশঅচিত, সেই কথা ভাৰতীয়ই স্বদেশী আন্দোলনৰ যোগেদি আয়ত্ত কৰিব পাৰিছিল।

২/ ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিৰে পৰা আবেদন-নিবেদনৰ মাজেৰে সহনশীল চিন্তাত বিশ্বাস ৰাখি ব্ৰিটিছ চৰকাৰৰ ওচৰত ভাৰতীয়ৰ উন্নতি আশা কৰিছিল। বংগ ভংগক কেন্দ্ৰ কৰি জাতীয় কংগ্ৰেছৰ চিন্তা-কৰ্মত পৰিৱৰ্তনৰ সূচনা হৈছিল। 

৩/ লৰ্ড কাৰ্জনে ভাইচৰয়ৰ আসনত বহিয়েই ঘোষণা কৰিছিল - শাসন আৰু শোষণ একেলগে চলাই ষোৱা হব। বংগবাসীয়ে সাম্ৰাজ্যবাদী শাসকৰ এই দম্ভোক্তিৰ উপযুক্ত উত্তৰ দিছিল বিদেশী পণ্য বৰ্জন, স্বদেশী পণ্য ব্যৱহাৰ আৰু স্বদেশী শিল্প গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰা মানসিক দৃঢ়তা আৰু একাগ্ৰতাৰ যোগেদি। সেই কাৰণেই ভাৰতৰ অৰ্থনীতি আৰু শিল্প বিকাশৰ ইতিহাসত স্বদেশী আন্দোলনৰ অৱদান চিৰকাল জিলিকি থাকিব।

৪/ স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল। স্বদেশী আন্দোলনৰ তীব্ৰ উত্তেজনাই জাতীয় কংগ্ৰেছক দাদাভাই নৌৰজীৰ পৌৰোহিত্যত অনুষ্ঠিত কলিকতা অধিৱেশনত পোনপ্ৰথমে ভাৰতীয়ৰ বাবে স্বৰাজ দাবী কৰি প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল।

৫/ স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সশস্ত্ৰ বিপ্লৱৰ সূচনা হৈছিল। আগ্নেয়াস্ত্ৰৰে বিপ্লৱৰ পথ অনুসৰণ কৰি দেশক স্বাধীন কৰাৰ প্ৰৱণতা এচাম আন্দোলনকাৰীৰ মাজত গঢ়ি উছিছিল।


৩৩/ কিমান তাৰিখে বংগ ভংগ কাৰ্যকৰী কৰা হৈছিল?

উত্তৰঃ ১৯০৫ খ্ৰীষ্টাব্দত বংগ ভংগ পৰিকল্পনা চৰকাৰীভাৱে প্ৰকাশ কৰি ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে বংগ ভংগ কাৰ্যকৰী কৰা হৈছিল।


Type - Boby Bora 


 



Post ID: DABP004637