ডক্টৰ বাণীকান্ত কাকতি

অধ্য়ায় ৫

 ১/ বাটৰ কাষৰঘৰটোলৈ আঙুলিয়াই কৌতুক-প্ৰিয় মানুহ দুজনমানে বেমাৰ দেখুৱাবলৈ অহা মানুহকেইদনক হাঁহি হাঁহি কি ক'লে ? 

উত্তৰঃ 'যোৱা, সৌজন নতুন ডাক্তৰ আহিছে, তেওঁৰ চিকিৎসা বৰ ভাল ।


২/ তেওঁলোকৰ কথামতে মানুহকেইজন কলৈ গ'ল ?

উত্তৰঃ কাষৰ ঘৰটোৰ ফালে আগবাঢ়ি গ'ল ।


৩/ ডাক্টৰ বুলি ভবা এই ব্য়ক্তি গৰাকী কোন ? 

উত্তৰঃ ডাক্টৰ বুলি ভবা এই ব্য়ক্তি গৰাকী - ডক্টৰ বাণীকান্ত কাকতি । 


৪/ ডাক্তৰৰ ভুমিকা পালন কৰিবলৈ কি কিনি আনিছিল ? 

উত্তৰঃ হোমিওপেথিক চিকিৎসাৰ পুথি কেইখনমান কিনি আনিছিল । 


৫/ তেওঁকেনে ধৰনৰ ব্য়ক্তি আছিল ?

উত্তৰঃ তেওঁ  সৰুৰে পৰা দৃঢ়মনা আৰু আত্মসন্মানবোধসম্পন্ন ব্য়ক্তি আছিল । 


৬/ কম দিনৰ ভিতৰত কি আয়ত্ত কৰি ল'লে ? 

উত্তৰঃ কম দিনৰ ভিতৰত চিকিৎসা পদ্ধতিৰ অ, আ, ক, খ, আয়ত্ত কৰি ল'লে । 


৭/ সেই সময়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা লোকৰ সংখ্য়া কিহৰ আগত লেখিব পৰা আছিল ?

উত্তৰঃ সেই সময়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা লোকৰ সংখ্য়া আঙুলিৰ আগত লেখিব পৰা আছিল । 


৮/ ডক্টৰ বাণীকান্ত কাকতিয়ে কি গ্ৰন্থ খনৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ?

উত্তৰঃ 'আছানিজ, ইটচ্ ফৰ্মেচন এণ্ড ডেভেলপমেন্ট ('অসমীয়া ভাষাৰ গঠন আৰু বিকাশ' ) নামৰ গৱেষণা গ্ৰন্থ খনৰ বাবে । 


৯/  বাণীকান্ত কাকতিয়ে কোন খন কলেজত অধ্য়াপন কৰিছিল ? 

উত্তৰঃ  কটন কলেজত অধঠ্য়াপন কৰিছিল । 


১০/ গুৱাহাটীৰ কোন ঠাইত নিজা ঘৰত আছিল ? 

উত্তৰঃ গুৱাহাটীৰ ৰিহাবাৰীৰ নিজা ঘৰত আছিল । 


১১/ তেখেতে ডক্টৰেট ডিগ্ৰী নাভ কৰা বাতৰিটো কেনেকৈ প্ৰচাৰ হৈছিল ? 

উত্তৰঃ তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰা বাতৰিটো ৰৌজাল- বৌজাল হৈ প্ৰচাৰ হৈছিল । 


১২/ বহুলোকে এই কথা গৈৰৱবোধ কৰিছিল যদিও এচাম কোন বোৰ লোকে জ্বলি -পৰি মৰিছিল ? 

উত্তৰঃ এচাম চকুচৰহা লোকে খবৰটো শুলি জ্বলি- পৰি মৰিছিল । 


১৩/ প্ৰকৃততে তেখেত কিহৰ ডিগ্ৰীধাৰী আছিল ? 

উত্তৰঃ তেখেত  ভাষা- বিজ্ঞানৰহে ডক্টৰেট ডিগ্ৰীধাৰী আছিল । 


১৪ / তেখেতে ওৰেটো জীৱন কি কৰিছিল ? 

উত্তৰঃ তেখেতে ওৰেটো জীৱন জ্ঞান অৰ্জনত আত্ম- নিয়োগ কৰিছিল । 


১৫/ এনেদৰে ভাষা চৰ্চা কৰা লোকসকলক কি বোলা হয় ? 

উত্তৰঃ ভাষা -বিজ্ঞানী বোলা হয় । 


Type by- Bikul Mandal 

   





Post ID : DABP005243