ভতুৱা আৰু খঁকুৱাৰ খৰিয়াল

অধ্য়ায় ৯

১/ খঁকুৱাই বহি থকা চকীখনত কোনে বহে ? 

উত্তৰঃ গাঁওবুঢ়া দেউতাহে বহে । 


২/ বৰ লাজ-মান বুজাটো নোলাবিচোন বুলি কোনে কাক কৈছিল ? 

উত্তৰঃ খঁকুৱাই ভতুৱাক কৈছিল । 


৩/ লোকৰ চৰুৰ ভজা মাছ কোনে চুৰি কৰি খাইছিল ? 

উত্তৰঃ খঁকুৱাই খাইছিল । 


৪/ এনেতে গাঁওবুঢ়াৰ ঘৈণীয়েকে কাক লগত লৈ সোমাই আহে ? 

উত্তৰঃ অকুমণিক লগত লৈ সোমাই আহে । 


৫/ গিৰীহঁতনীয়ে পাৰি থোৱা থাল দুখনত কি কি খাব দিয়ে ? 

উত্তৰঃ ভাত আৰু মাছ খাব দিয়ে । 


৬/ কুকুৰ আৰু মেকুৰীয়ে পনীয়া বস্তু কেনেকৈ খায় ? 

উত্তৰঃ কুকুৰ, মেকুৰীয়ে পনীয়া বস্তু জিভাৰেহে চেলেকি খায় । 


৭/ বৰফৰ দেশৰকুকুৰ বোৰে কি গাড়ী টানে ? 

উত্তৰঃ শ্লেজগাড়ী টানে । 


৮/ সিহঁতে কেনেকৈ পানী খাবলৈ আৰম্ভ কৰিলে ? 

উত্তৰঃ সিহঁতে চপ-চপাই পানী খাবলৈ আৰম্ভ কৰিলে । 


৯/ মেকুৰীয়ে পানীলৈ ভয় কৰে নে নকৰে  ? 

উত্তৰঃ মেকুৰিয়ে পানীলৈ ভয় কৰে । 


১০/ ভতুৱাৰ অংগ-প্ৰত্য়ংগ বোৰ কেনেকোৱা ? 

উত্তৰঃ ভতুৱাৰ মুখখন দীঘল আৰু জোঙা, কান দুখন দীঘল আৰু তললৈ ওলমি পৰা, আৰু খঁকুৱাতকৈ ডাঙৰ ।


১১/ দুয়ো কি প্ৰাণী ? 

উত্তৰঃ দুয়ো চিকাৰী প্ৰাণী আৰু ঘৰচিয়া প্ৰাণী । 


১২/ ভতুৱাই অতি সতৰ্কতাৰে গৃহস্থৰ ঘৰত কি কৰে ?  

উত্তৰঃ অতি সতৰ্কতাৰে গৃহস্থৰ ঘৰত পহৰা দিয়ে । 


১৩/ আজি-কালি চোৰ-ডকাইত ধৰা কাৰ্যত পুলিচেও কাক ব্য়ৱহাৰ কৰে ? 

উত্তৰঃ কুকুৰ ব্য়ৱহাৰ কৰে । 


১৪/ মেকপৰীয়ে কেনেকোৱা ঠাইত শুবলৈ ভাল পায় ? 

উত্তৰঃ কোমল ঠাইত শুবলৈ ভাল পাই । 


১৫/ মেকুৰীয়ে কি মাৰি গৃহস্থৰ উপকাৰ সাধন কৰে ?

উত্তৰঃ এন্দুৰ, নিগনি আদি মাৰি গৃহস্থৰ উপকাৰ সাধন কৰে । 


Type by- Bikul Mandal 







Post ID: DABP005433