অসমৰ প্ৰাকৃতিক সম্পদ

অধ্য়য়ন -১১

১। প্ৰকৃতিৰ পৰা পোৱা বস্তুবোৰক কি বোলে ?

উত্তৰঃ প্ৰকৃতিৰ পৰা পোৱা বস্তুবোৰক প্ৰাকৃতিক বস্তু বোলে।


২। সম্পদ কাক বোলে ?

উত্তৰঃ প্ৰকৃতিৰপৰা পোৱা বস্তুবোৰক মানুহে যেতিয়া ব্য়ৱহাৰৰ উপযোগী কৰি লয় তাকে সম্পদ বোলে ।


৩। প্ৰাকৃতিক সম্পদ কাক বোলে ?

উত্তৰঃ মানুহৰ প্ৰয়োজন পূৰণ কৰিব পৰা আৰু উৎপাদন কাৰ্য্য়ত ব্য়ৱহাৰ কৰিব পৰা প্ৰাকৃতিক সা-সামগ্ৰীবোৰক প্ৰাকৃতিক সম্পদ বোলে ।


৪। প্ৰাকৃতিক সম্পদত ভাৰতৰ ভিতৰতে অন্য়তম চহকী ৰাজ্য় খনৰ নাম কি ?

উত্তৰঃ প্ৰাকৃতিক সম্পদত ভাৰতৰ ভিতৰতে অন্য়তম চহকী ৰাজ্য় খনৰ নাম হৈছে অসম ।


৫। প্ৰাকৃতিক সম্পদক বিভিন্ন ভাগত ভগাব পাৰি সেই ভাগকেইটা কি কি ?

উত্তৰঃ ভাগকেইটা হৈছে বনজ সম্পদ, খনিজ সম্পদ, জলজ সম্পদ, ভূমি সম্পদ ।


৬। বনজ সম্পদ কাক বোলে ?

উত্তৰঃ হাবি-বনৰ পৰা পোৱা সম্পদবোৰকে বনজ সম্পদ বোলে ।


৭। অসমৰ বনাঞ্চলত পাব পৰা মূল্য়বান গছ-গছনিৰ নাম কি ?

উত্তৰঃ অসমৰ বনাঞ্চলত পাব পৰা মূল্য়বান গছ-গছনিৰ ভিতৰত শাল, চেগুন, বনচোম, গমাৰি, তিতাচপা, নাহৰ, শিমলু, শলখ উল্লেখযোগ্য় ।


৮। বনৰীয়া জীৱ-জন্তুৰ ভিতৰত উল্লেখযোগ্য় জীৱ-জন্তু নাম কি কি ?

উত্তৰঃ বনৰীয়া জীৱ-জন্তু ভিতৰত হৈছে এশিঙীয়া গঁড়, হাতী, বাঘ, ভালুক, সোণালী বান্দৰ, বলৰীয়া ম'হ, হলৌ বান্দৰ, নানাবিধ হৰিণ, নলগাহৰি উল্লেখযোগ্য় জীৱ-জন্তু ।


৯। চৰাইৰ ঙিতৰত উল্লেখযোগ্য় চৰাই নাম কি কি  ?

উত্তৰঃ চৰাইৰ ভিতৰত বৰটোকোলা, ধনেশপক্ষী, দেওহাঁহ, উলুম'ৰা, শেন, কুৰুৱা, নানাবিধ বগলী উল্লেখযোগ্য় চৰাই ।


১০। অসমৰ মুঠ কিমান বিধমান চৰাই আছে ?

উত্তৰঃ অসমৰ মুঠ ৯৫০ বিধমান চৰাই আছে ।


১১। অসমৰ কেইখনমান ঠাইলৈ বছৰৰ বিভিন্ন সময়ত কি পক্ষী আহে ?

উত্তৰঃ অসমৰ কেইখনমান ঠাইলৈ বছৰৰ বিভিন্ন সময়ত পৰিভ্ৰমী পক্ষী আহে ।


১২। অসমৰ প্ৰস্তাৱিত পক্ষী উদ্য়ানকেইখন কি কি ?

উত্তৰঃ অসমৰ প্ৰস্তাৱিত পক্ষী উদ্য়ানকেইখন হ'ল দীপৰ বিল, বৰদৈ-বিলমুখ আৰু পানীদিহিং ।


১৩। কোনখন ৰাজ্য়ক  অৰণ্য়ৰ ৰাজ্য় বুলি পৰিচিত ?

উত্তৰঃ অসম অৰণ্য়ৰ ৰাজ্য় বুলি পৰিচিত ।


১৪। অভয়াৰণ্য় কাক বোলে ?

উত্তৰঃ যি অৰণ্য় অঞ্চলত বিবিধ বনৰীয়া জীৱ-জন্তু, চৰাই-চিৰিকটি, কীত-পতংগ, মাছ-কাছ আদিয়ে নিৰ্ভয়ে আনন্দমনে বিচৰণ কৰিব পাৰে তাকে অভয়াৰণ্য় বোলে ।


১৫। অভয়াৰণ্য়ত কি কৰা সম্পূৰ্ণ নিষিদ্ধ ?

উত্তৰঃ অভয়ামণ্য়ত বন্য়প্ৰাণী ধৰা আৰু হত্য়া কৰা সম্পূৰ্ণ নিষিদ্ধ ।


১৬। ৰাষ্ট্ৰীয় উদ্য়ান কাক বোলে ?

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত যি বনাঞ্চলত বন্য়প্ৰাণীক সকলো সময়ৰ বাবে সংৰক্ষণ আৰু বংশ বৃদ্ধিৰ বাবে ৰখা হয় তাকে ৰাষ্ট্ৰীয় উদ্য়ান বোলে ।


১৭। অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্য়ান খনৰ নাম কি ?

উত্তৰঃ অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্য়ান খনৰ নাম হৈছে কাজিৰঙা ।


১৮। অসমৰ  প্ৰথম ৰাষ্ট্ৰীয় উদ্য়ান কাজিৰঙা বুলি কিমান চনত ঘোষণা কৰা হৈছিল ?

উত্তৰঃ ১৯৭৪ চনত ঘোষণা কৰা হৈছিল ।     


১৯। খনিজ সম্পদ কাক বোলে ?

উত্তৰঃ পৃথিৱীৰ ভূ-গৰ্ভত থকা খনিজবোৰৰ পৰা যিবোৰ সম্পদ পোৱা যায় তাকে খনিজ সম্পদ বোলে ।


২০। খাৰুৱা তেল কাক বোলে ?

উত্তৰঃ ভূ-গৰ্ভত প্ৰাকৃতিক অৱস্থাত পোৱা তেলক খাৰুৱা তেল বোলে ।


Type By Chandana Bora





Post ID: DABP005233