ঠেঙ্গাল কছাৰীসকল

অধ্য়ায়-১০

১। প্ৰাচীন কালত কছাৰীসকলক কি বুলি অভিহিত কৰা হৈছিল?

উত্তৰঃ কিৰাত বুলি।


২। নৃতত্ত্ববিদসকলে এই কিৰাতসকলক কি বুলিছিল?

উত্তৰঃ মঙ্গোলীয় বা মঙ্গোলয়ড বুলিছিল।


৩। মঙ্গোলীয় (কিৰাত) গোষ্ঠীৰ আবয়বিক বৈশিষ্ট লিখা। 

উত্তৰঃ 'গাৰ বৰণ পীত বা পীত পিংগল, কেশ ক'লা, ডাঢ়ি-গোফ তাকৰ, শৰীৰৰ নোম কম, মুখমণ্ডল বহল আৰু নাক চেপেটা। কপালস্থি বা হনু বৰ স্পষ্ট, নেত্ৰ ঠেক বা নেত্ৰ বক্ৰ, নেত্ৰচ্ছেদৰ ভাঁজ মঙ্গোলীয়ৰ এটি বিশেষ লক্ষণ'।


৪। কিৰাত সকলক সংস্কৃত ভাষাত কি বুলি কোৱা হয়?

উত্তৰঃ কক্ষৱাট বুলি কোৱা হয়।


৫। কছাৰী নামৰ উৎপত্তি কৰ পৰা হৈছিল?

উত্তৰঃ কক্ষৱাটৰ পৰা কক্ষতকচ্ছৰ লগত অৰি যোগ হৈ কচ্ছ + অৰি-কছাৰী নামৰ উৎপত্তি হৈছিল।


৬। ড° ভূৱন মোহন দাসে উত্তৰ পূৱ ভৰতৰ মঙ্গোলীয়সকলক কেনেদৰে ভাগ কৰিছিল?

উত্তৰঃ ১)খাছী ২)বড়ো ৩) লুচাই কুকী ৪ নগা ৫) অৰুণাচলৰ জনজাতি ৬ অনান্য় আদি বাগত ভাগ কৰিছিল।


৭। জঙ বাহাদুৰ কোন আছিল?

উত্তৰঃ জঙ বাহাদুৰ দৈয়াং উপত্য়াকাৰ কাছমাৰী পথাৰৰ ৰজা আছিল।

৮। জঙ বাহাদুৰৰ প্ৰজাক আৰু তেওঁক কি বুলিছিল?

উত্তৰঃ ঠেঙ্গাল কছাৰী বুলিছিল।


৯। ঠেঙ্গাল কছাৰীৰ অৱস্থান ক'ত আছিল ?

উত্তৰঃ অসমৰ উজনি অঞ্চলৰ শদিয়াৰ পৰা দৈয়াং, ধনশিৰি উপত্য়কা আৰু নগাঁও পৰ্যন্ত ঠেঙ্গাল কছাৰীসকলৰ অৱস্থান আছিল। 


১০। ঘন বসতিপূৰ্ণ ঠেঙ্গাল কছাৰী গাঁও ক'ত আছে?

উত্তৰঃ চিচুপানী, মেৰাপানী, চাচনী, নাহৰণী কাৱৈমাৰী আদি বহুতো ঠাইত ঠেঙ্গাল কছাৰী গাঁও আছে।


১১। ঠেঙ্গাল কছাৰীৰ পৰিয়ালৰ মুখ্য় লোক কোন ?

উত্তৰঃ  পিতৃ পৰিয়ালৰ মুখ্য় লোক 


১২। প্ৰাচীন কালত ঠেঙ্গালসকলৰ সমাজ কি ধৰ্মীয় গাঁঠনিৰে পৰিচালিত আছিল?

উত্তৰঃ 'কৈৰাতজ' ধৰ্মীয় গাঁঠনিৰে।


১৩। ঠেঙ্গাল কছাৰী অধিকাংশ লোক ক'ত বাস কৰে?

উত্তৰঃ গাঁৱত।


১৪। এওঁলোকে কি কৰ্মৰ ওপৰত নিৰ্ভশীল?

উত্তৰঃ কৃষি কৰ্মৰ ওপৰত।


১৫। তেওঁলোকৰ প্ৰধান খেতি কি?

উত্তৰঃ ধান.


১৬। ঠেঙ্গাল কছাৰীসকলৰ মাজত কি কি বিহু প্ৰচলিত?

উত্তৰঃ 'তৰাছিৰা' বিহু বা 'বালি-হুচৰি', 'বোকা বিহু', আৰু 'নৰাছিঙা বিহু'।


১৭। ঠেঙ্গাল কছাৰী সকলৰ প্ৰধান খাদ্য় কি?

উত্তৰঃ ভাত।


১৮। ঠেঙ্গাল কছাৰীসকলৰ দুবিধমান প্ৰিয় খাদ্য়ৰ নাম লিখা।

উত্তৰঃ মাছ-মাংস, কাছ, কুচিয়া, কেঁকোৰা, জিপাঙ্কৰী, আদি প্ৰিয় খাদ্য়।


১৯। এওঁলোকৰ দুবিধ সুষম আহাৰৰ নাম লিখা।

উত্তৰঃ শুকান মাছ, শুকান মাংস ।


২০। এওঁলোকৰ দুবিধমান সঞ্চিত খাদ্য়ৰ নাম লিখা।

উত্তৰঃ শুকান মাছ, শুকান মাংস, শুকতি মাছ, খৰিচা, কাহুদি আদি।


২১। শুকতি মাছ কাক বোলে?

উত্তৰঃ এটা বিশেষ পদ্ধতিৰে শুকান মাছ খুন্দি গুৰি কৰি চুঙা বা মাটিৰ টেকেলীত ৰাখি থয়। ইয়াকে শুকতি মাছ বোলে।


২২। এওঁলোকৰ মহিলাসকলে কি পৰিধান কৰিছিল?

উত্তৰঃ বুকুত মেখেলা আৰু মেঠনি মাৰিছিল।


২৩। এওঁলোকৰ তিৰোতাসকল কি শিল্পত নিপুণ?

উত্তৰঃ হস্তশিল্পত।


২৪ এওঁলোকৰ বোৱাৰীসকলে কি পৰিধান কৰে?

উত্তৰঃ ৰিহা-মেখেলা আৰু চাদৰ পৰিধান কৰে।


২৫। ঠেঙ্গাল কছাৰীসকলে ব্য়ৱহাৰ কৰা অলংকাৰৰ নাম লিখা।

উত্তৰঃ জোন-বিৰি, দুগ-দুগী, মাদলি, বিৰি, বেনা, পোৱালমণি, থুৰীয়া, কেৰু, কাণফুল, খাৰু, উকা আৰু বাখৰুৱা আঙঠি, নাকফুলি আদিয়েই প্ৰধান।


২৬। ঠেঙ্গালসকল কিহত চহকী?

উত্তৰঃ লোক সাহিত্য়ত।


২৭। এওঁলোকৰ মাজত প্ৰচলিত হৈ অহা দুটা সাধুকথাৰ নাম লিখা।

উত্তৰঃ তেজীমলা, পানচৈ।


২৮।  কৈৰাতজ ধৰ্মৰ মূল উপস্য়া দেৱতা কোন?

উত্তৰঃ শিৱ।


২৯। এওঁলোক কি সংহতিৰ লোক?

উত্তৰঃ ব্ৰহ্ম সংহতিৰ।


৩০। ঠেঙ্গাল কছাৰীসকলৰ মাজত কেইপ্ৰকাৰৰ বিয়াৰ প্ৰচলন? আৰু কি কি?

উত্তৰঃ চাৰি প্ৰকাৰৰ। ১) পলাই যোৱা বা পলুৱাই নিয়া বিয়া।

                                   ২) আবৈয় বিয়া

                                   ৩) বৰ বিয়া

                                   ৪) তোলনি বিয়া।


৩১। এওঁলোকৰ মাজত কি বিয়াৰ বৈশিষ্ট সুকীয়া?

উত্তৰঃ বৰ বিয়া আৰু আবিয়ৈ বিয়া।


৩২। ঠেঙ্গাল কছাৰীসকল কি শিল্পৰ লগত বিশেষভাৱে জড়িত?

উত্তৰঃ ধাতুশিল্পৰ লগত।


৩৩। ঠেঙ্গাল কছাৰীসকল কি শিল্পত নিপুণ?

উত্তৰঃ কুটীৰ শিল্পত।


৩৪। অসমত কোনে পাট,মুগা ৰেচম শিল্পৰ জন্ম দিছিল?

উত্তৰঃ মঙ্গোলীয়ৰ কিৰাত সকলে।


৩৫। ঠেঙ্গাল কছাৰীসকলৰ জাতীয় পৰম্পৰা কি?

উত্তৰঃ এৰী পোহা।


৩৬। ঠেঙ্গাল কছাৰীসকলৰ কেইগৰাকীমান বিশিষ্ট ব্য়ক্তিৰ নাম লিখা।

উত্তৰঃ লৌহপ্ৰাণ গিৰিধৰ ঠেঙ্গাল, কবি, গীতিকাৰ, ভাস্কৰ্য-চিত্ৰশিল্পী কমল কছাৰী।


৩৭।  লৌহপ্ৰাণ গিৰিধৰ ঠেঙ্গালৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৯২১ চনৰ ১২ জানুৱাৰীত এটা কৃষক পৰিয়ালত।


৩৮। লৌহপ্ৰাণ গিৰিধৰ ঠেঙ্গালৰ মাক আৰু পিতাকৰ নাম লিখা।

উত্তৰঃ মাকৰ নাম কান্দুৰী ঠেঙ্গাল আৰু পিতাকৰ নাম জিলিৰাম ঠেঙ্গাল।


৩৯। কবি, গীতিকাৰ, ভাস্কৰ্য-চিত্ৰশিল্পী কমল কছাৰী কি কবি নামেৰে জনাজাত।

উত্তৰঃ 'ইস্তাহাৰ কবি' নামেৰে জনাজাত।


৪০। এওঁ কিমান চনত জন্ম গ্ৰহন কৰিছিল?

উত্তৰঃ ১৯৩৯ চনত।


৪১। তেওঁৰ দেউতাক আৰু মাকৰ নাম কি ?

উত্তৰঃ দেউতাকৰ নাম উনিৰাম কছাৰী, মাকৰ নাম সৰু আইতী কছাৰী।


৪২। তেওঁ কোন জিলাৰ সাহিত্য় সভাৰ সভাপতি আছিল?

উত্তৰঃ শিৱসাগৰ জিলা।


৪৩। তেওঁলৈ সাহিত্য়ক পেঞ্চন কোনে আগবঢ়ায়?

উত্তৰঃ অসম চৰকাৰে।


৪৪। এওঁ কিমান চনত অৱসান ঘটে?

উত্তৰঃ ২০১৩ চনত।


৪৫। এওঁ জন্মগ্ৰহন কৰা গাঁও খনৰ নাম কি ?

উত্তৰঃ যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ ঠেঙ্গাল মৌজাৰ মৰধলি কছাৰী গাঁৱৰ এটি কৃষক পৰিয়ালত।


Type by-Jatin Nath


.



Post ID: DABP005111