চাওতালসকল

অধ্য়ায়-৭

১। চাওতালসকলক নিজা মাতৃভাষা চান্থালীত কি বুলি সম্বোধন কৰা হয়?

উত্তৰঃ 'হোড় হপন' বুলি সম্বোধন কৰা হয়।


২। সুনীত কুমাৰ চট্টোপাধ্য়ায়ৰ মতে 'চাওতাল' শব্দটো কৰ পৰা উৎপত্তি হৈছিল?

উত্তৰঃ সংস্কৃত সমান্তৰাল শব্দৰ পৰা উৎপত্তি হৈছিল।


৩। ˚ বাণীকান্ত কাকতিয়ে সম্পাদন কৰা পুথিখনৰ নাম কি?

উত্তৰঃ 'The Mother Goddess Kamakhya'।


৪। প্ৰতাপ চন্দ্ৰ চৌধৰীয়ে সম্পাদন কৰা পুথিখনৰ নাম কি?

উত্তৰঃ 'The History of Civilisation of the People of Assam'।


৫। চাওতালসকলে কি পাতি বাস কৰে?

উত্তৰঃ গাঁও পাতি বাস কৰে।


৬। গাঁৱৰ জনসাধাৰণক শাসন কৰিবলৈ গাঁৱৰ ৰাইজৰ পৰা পাঁচজন মানুহক বাছনি কৰি শাসন কৰা দায়িত্ব অৰ্পন কৰা হয় তেওঁলোকক কি বোলা হয়?

উত্তৰঃ 'মোড়ে হোড়' বোলা হয়।


৭।  'মোড়ে হোড়ৰ' প্ৰধানজনক কি বোলা হয়?

উত্তৰঃ গাঁওবুঢ়া বা 'মাঝহি' বোলা হয়।


৮। চাওতালসকলৰ সমাজ কি প্ৰধান?

উত্তৰঃ পিতৃ-প্ৰধান।


৯। তেওঁলোকৰ প্ৰধান জীৱিকা কি?

উত্তৰঃ কৃষি।


১০। চাওতালসকলৰ কেইটা গোত্ৰ আছে?

উত্তৰঃ ১২ টা।


১১। তেওঁলোকৰ গোত্ৰ কেইটাৰ নাম লিখা।

উত্তৰঃ মুৰ্মু, হেম্ব্ৰম, কিস্কু, বেছৰা, টুডু, চৰেন,বাস্কে, হাসদাঃ, মাৰ্ডি, চোঁড়ে, পাউৰীয়া আৰু বেদেয়া।


১২। মুৰ্মুৰ উপগোত্ৰ কি?

উত্তৰঃ ঠাকুৰ।


১৩। চাওতাল মহিলাসকলৰ প্ৰধান সাজ-পাৰ কি?

উত্তৰঃ লুংগী পাঞ্চি।


১৪। চাওতালি ভাষাত সাজ-পাৰক কি বুলি কোৱা হয়?

উত্তৰঃ 'হোৰঃ বান্দে' বোলে।


১৫। মহিলাসকলে ওপৰৰ অংশত পৰিধান কৰা বস্ত্ৰখনক কি বোলে আৰু তলফালে পৰিধান কৰা বস্ত্ৰখনক কি বোলে?

উত্তৰঃ  ওপৰৰ অংশত পৰিধান কৰা বস্ত্ৰখনক পাঞ্চি আৰু তলফালে পিন্ধা বস্ত্ৰখনক লুংগী বোলে।


১৬। পুৰুষসকলে পৰিধান কৰা প্ৰধান সাজযোৰ নাম কি?

উত্তৰঃ পাঞ্চি।


১৭। বিবাহ উৎসৱ চাওতাল পুৰুষসকলে কি পৰিধান কৰে?

উত্তৰঃ ধূতী পৰিধান কৰে।


১৮। কইনাই পৰিধান কৰা হালধিসনা কাপোৰখনক কি বোলে?

উত্তৰঃ সিন্দুৰ খাণ্ডি বোলে।


১৯। তেওঁলোকৰ প্ৰধান উৎসৱ কি কি?

উত্তৰঃ বাহা আৰু চহৰাই।


২০। তেওঁলোকৰ দুটা গীত-নৃত্য়ৰ নাম লিখা।

উত্তৰঃ দং নৃত্য়-দং গীত আৰু লাংগঁড়ে নৃত্য়-লাগঁড়ে গীত।


২১। গীত-নৃত্য়ত ব্য়ৱহাৰ কৰা বাদ্য়সমূহ কি কি ?

উত্তৰঃ টামাক,তুমদাঃ,কৰতাল, ঢোল আদি।


২২। বিবাহ উৎসৱত তেওঁলোকে কেনেধৰণৰ বাচন ব্য়ৱহাৰ কৰে?

উত্তৰঃ কাঁহৰ পাত্ৰ- থাল,বাটি, লোটা ব্য়ৱহাৰ কৰে।


২৩। চাওতালসকলৰ কেইগৰাকীমান বিশিষ্ট ব্য়ক্তিৰ নাম লিখা।

উত্তৰঃ বেনেডিক্ট হেম্ব্ৰম, বদন হাসদা, মিথিয়াছ টুডু, ৰাহেল কিস্কু।


২৪।বেনেডিক্ট হেম্ব্ৰমৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৯৬৭ চনৰ ১৮ অক্টোবৰত পলাশগুৰি গাঁৱত।


২৫। নামনি অসমত চাওতাল জনগোষ্ঠীৰ পৰা এম.এছ.ছি অৰ্জন কৰা প্ৰথমজন ব্য়ক্তি কোন?

উত্তৰঃ বেনেডিক্ট হেম্ব্ৰম।


২৬। বেনেডিক্ট হেম্ব্ৰম কি ৰোগত আক্ৰান্ত হৈছিল? আৰু কিমান তাৰিখে শেষ নিশ্বাস ত্য়াগ কৰিছিল?

উত্তৰঃমধুমেহ ৰোগত আক্ৰান্ত হৈছিল। আৰু ০৫-১০-২০১৩ ইং তাৰিখে শেষ নিশ্বাস ত্য়াগ কৰিছিল।


২৭। বদন হাসদা কিমান চনত ক'ত জন্ম হৈছিল?

উত্তৰঃ ১৯৫৭ চনৰ কোকৰাঝাৰ জিলাৰ খাপৰগাঁৱত।


২৮। বদন হাসদা মাতৃ আৰু পিতৃৰ নাম কি?

উত্তৰঃ মাতৃৰ নাম চলমা বেছৰা পিতৃৰ নাম মাঝি হাসদা।


২৯। তেওঁ কিমান তাৰিখে মৃত্য়ু ঘটে?

উত্তৰঃ ০১-০৫-২০০৭ তাৰিখে।


৩০। মিথিয়াছ টুডুৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৯৩০ চনৰ ১৫ তাৰিখে।


৩১।  মিথিয়াছ টুডুৰ  মাতৃ আৰু পিতৃৰ নাম কি?

উত্তৰঃ মাতৃৰ নাম মাৰথা মুৰ্মু আৰু পিতৃৰ নাম ৰেভাৰেণ্ড কানহু।


৩২। তেওঁ কাৰ লগত বিবাহ হয়?

উত্তৰঃৰাহেল চৰেনৰ লগত।


৩৩। তেওঁ কিমান চনত অসম বিধান সভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হয়?

উত্তৰঃ ১৯৫৭ চনত।


৩৪। মিথিয়াছ টুডুয়ে কেইবাৰ একেৰাহে বিধায়কৰ আসন অলংকৃত কৰিছিল?

উত্তৰঃ সাতবাৰ।


৩৫। তেওঁৰ কিমান চনত পৰলোকগামী হয়?

উত্তৰঃ ১০-০৭-২০১৭ তাৰিখে।


৩৬। ৰাহেল কিস্কু কিমান চনত জন্ম হৈছিল?

উত্তৰঃ ১৯২৫ চনত।


৩৭। ৰাহেল কিস্কুৰ মাক আৰু দেউতাকৰ নাম কি?

উত্তৰঃ মাকৰ নাম লুক্ষী মুৰ্মু দেউতাকৰ নাম জহন কিস্কু।


৩৮। তেওঁ কিমান চনত স্নাতক ডিগ্ৰী লাভ কৰে?

উত্তৰঃ ১৯৫১ চনত।


৩৯। তেওঁ সমাজত কি কি সজাগতা সৃষ্টি কৰিছিল?

উত্তৰঃ দুৰ্নীতি নিবাৰণ, মদৰ প্ৰচলনবন্ধ কৰা, ডাইনী হত্য়া বন্ধ কৰা আদি বহুতো কাম কৰিছল। 


৪০। তেওঁ কিমান চনত শেষ নিশ্বাস ত্য়াগ কৰে?

উত্তৰঃ ২০০১ চনৰ ৬ এপ্ৰিল তাৰিখে।


Type By-Jatin Nath





Post ID: DABP005007