Chapter 1

আমাৰ চাৰিওকাষৰ বস্তুবোৰ


১) বিশ্বব্ৰক্ষাণ্ডৰ সকলোবোৰ বস্তু যাৰ দ্বাৰা গঠিত হৈছে তাক বজ্ঞানিক সকলে কি বুলি নামাকৰণ কৰিছিল ?
উত্তৰ ঃ পদাৰ্থ ।


২)ভাৰতবৰ্ষৰ প্ৰাচীন দাৰ্শনিকসকলে পদাৰ্থবিলাকক কেইটা মৌলিক কণিকাৰ দ্বাৰা গঠিত বুলি বিশ্বাস কৰিছিল ?
উত্তৰ ঃ পাঁচটা।


৩) আধুনিক যুগৰ  বিজ্ঞানী সকলে পদাৰ্থ বিলাকক সিহঁতৰ ভৌতিক আৰু ৰাসায়নিক গুনাগুনৰ ওপৰত ভিত্তি কৰি কেইটা ভাগত শ্ৰেণীবিভাগ কৰিছিল ?
উত্তৰ ঃ দুটা।


৪) আমাৰ চাৰিওপাশৰ বস্তুবোৰ কেইটা ভৌতিক অৱস্থাত আছে?
উত্তৰ ঃ তিনিটা।


৫) কোনবিধ গোটা পদাৰ্থ?
উত্তৰ ঃ কাঠৰ টুকুৰা।


৬) কোনবিধ জুলীয়া পদাৰ্থ?
উত্তৰ ঃ কেৰাচিন তেল।


৭) কোনবিধ গেছীয় পদাৰ্থ
উত্তৰ ঃ কাৰ্বন ডাই অক্সাইড।


৮) জুলীয়া পদাৰ্থৰ নিজা আকৃতি আছেনে?
উত্তৰ ঃ নাই।


৯) পানী কেইটা অৱস্থাত থাকে ?
উত্তৰ ঃ তিনিটা।


১০) তাপ পালে বা উষ্ণতা বাঢ়িলে কঠিন পদাৰ্থৰ কণিকাবোৰৰ কি শক্তি বৃদ্ধি পায়?
উত্তৰঃ গতি শক্তি।


১১) বৰফৰ গলনাংক কিমান?
উত্তৰ ঃ 273.16 K*।


১২) কঠিনৰ পৰা জুলীয়া অৱস্থা হোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়?
উত্তৰ ঃ বিগলন।


১৩) আমি কিহৰ তাৰতম্য় ঘটাই পদাৰ্থৰ অৱস্থা পৰিবৰ্তন কৰিব পাৰো?
উত্তৰ ঃ উষ্ণতাৰ।


১৪) গৰম দিনত আমি কেনেধৰণৰ বস্ত্ৰ বা কাপোৰ পিন্ধা উচিত?
উত্তৰ ঃ কপাহৰ।


১৫) বায়ুত থকা জলীয় বস্পৰ পৰিমাণটোক কি বোলে?
উত্তৰ ঃ অৰ্দ্ৰতা।


১৬) এস. এন. বোস ৰ জন্ম কেতিয়া হৈছিল?
উত্তৰ ঃ 1894 চনত।


১৭) বাস্পীভৱনৰ ফলত কি হ্ৰাস হয়?
উত্তৰ ঃ ষ্ণতা।


১৮) ভৰৰ SI একক কি ?
উত্তৰ ঃ কিলোগ্ৰাম (kg)।


১৯) আয়তনৰ SI একক কি ?
উত্তৰ ঃ কিউবিক মিটাৰ।


২০) ষ্ণতাৰ SI একক কি ?
উত্তৰ ঃ কেলভিন




Type: Dimpi Bora