Chapter 15

খাদ্য সম্পদৰ উৎকৰ্ষ সাধন 

১) ভাৰতবৰ্ষখন কি ৰাষ্ট্ৰ ?
উত্তৰঃ জনবহুল ৰাষ্ট্ৰ।


২) আমাৰ খাদ্যৰ প্ৰাণীজ প্ৰ'টিনৰ প্ৰধান উৎস কি ?

উত্তৰঃ মাছ ।

 

৩) ভাৰতবৰ্ষৰ সামূদ্ৰিক মীনক্ষেত্ৰখনত কিমান কিঃ কিঃ উপকূল অঞ্চল আৰু গভীৰ সমূদ্ৰ অঞ্চল সামৰি লোৱা হয় ?
উত্তৰঃ ৭৫০০ কিঃ মিঃ ।


৪) মৌ পালন মানে কি ?
উত্তৰ ঃ খেতি ।


৫)মিশ্ৰিত মীন পালনৰ এটা সমস্যা কি ?
উত্তৰঃ ইয়াৰ বহুত কেইটা প্ৰজাতিয়ে গ্ৰীষ্মকালতহে প্ৰজনন কৰে ।


৬) কিহৰ উৎপাদনৰ কাৰণে ঘৰচীয়া হাঁহ-কুকুৰ পালন কৰা হয় ?
উত্তৰ ঃ কণী


৭)আন এক প্ৰথা কি ?
উত্তৰঃ শস্যাৱৰ্তন ।


৮) অপতৃণ কি ?
উত্তৰঃ অপতৃণ হল কৃষিভূনিত উ
ৎপন্ন হোৱা অবাঞ্চিত উদ্ভিদ ।


৯) উদ্ভিদৰ কিছুমান বেমাৰ অনুজীৱ কিহৰ দ্বাৰা হয় ?
উত্তৰঃ বেক্টেৰিয়া, ভেঁকুৰ আৰু ভাইৰাচৰ দ্বাৰা হয় ।


১০) কৃত্ৰিম সাৰ কি ?
উত্তৰ ঃ কৃত্ৰিম সাৰ হল ব্যৱসায়িক ভিত্তিক প্ৰস্তুত কৰা উদ্ভিদৰ অনুপোষক ।


১১) উদ্ভিদৰ বাবে প্ৰায় কিমান বিধ অনুপোষকৰ প্ৰয়োজন ?
উত্তৰ ঃ ১৬ বিধ 


১২) জুন মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত হোৱা শস্য বোৰক কি শস্য বুলি কোৱা হয় ।
উত্তৰ ঃ খাৰিফ শস্য বুলি কোৱা হয় ।


১৩) নবেম্বৰৰ পৰা এপ্ৰিল মাহৰ ভিতৰত হোৱা শস্য বোৰক কি শস্য বুলি কোৱা হয় ? 
উত্তৰঃ ৰবি শস্য বুলি কোৱা হয় ।


১৪) কি পদ্ধতিৰ সহায়ত উল্লেখিত গুণবিশিষ্ট সঁচৰ উদ্ভাৱন কৰিব পাৰি ?
উত্তৰ ঃ বৰ্ণ সংকৰণ পদ্ধতিৰ সহায়ত ।


১৫) ভাৰতবৰ্ষই যোৱা কিমান চনৰ পৰা কিমান চনৰ ভিতৰত কৃষিভুমিৰ ২৫% বৃদ্ধি কৰি খাদ্য শস্যৰ উৎপাদন পাৰিগুণ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে  ?
উত্তৰ ঃ ১৯৬০-ৰ পৰা ২০০৪  চনৰ ভিতৰত ।


১৬) বৰ্ণ সংকৰণ কি ?
উত্তৰ ঃ বৰ্ণ সংকৰণ হল জিনীয়ভাৱে পাৰ্থক্য থকা দুটা উদ্ধিদৰ মাজত কৰা প্ৰজন্ন পদ্ধতি ।


১৭) দিপ্তীকাল কি ?
উত্তৰ ঃ দিপ্তীকাল হল সূৰ্যৰ পোহৰৰ ওপৰত নিৰ্ভৰশীল হোৱা এক প্ৰক্ৰিয়া ।


১৮) কৃত্ৰিম সাৰে কি যোগান ধৰে ?
উত্তৰ ঃ কৃত্ৰিম সাৰ্ নাইট্ৰ'জেন, ফচফৰাচ আৰু পটাছিয়ামৰ যোগান ধৰে ।




Type : Dimpi Bora