Chapter 7

 জীৱৰ বিচিত্ৰতা


১) গুপ্তবীজী শব্দটো কি ভাষাৰ পৰা উৎপত্তি হৈছে?
উত্তৰ ঃ গ্ৰীক ভাষাৰ পৰা ।


২) জৈৱ বৈচিত্ৰতাৰ অৰ্থ হ'ল-
উত্তৰ ঃ 
জীৱবিলাকৰ মাজত বিৰাজমান হৈ থকা বিচিত্ৰতা ।


৩) গ্ৰীক ভাষাত Angio ৰ অৰ্থ কি?

উত্তৰ ঃ আবৃত ।


৪) পেৰিফেৰা শব্দৰ অৰ্থ কি?
উত্তৰ ঃ 
ৰন্ধ্ৰযুক্ত প্ৰাণী ।


৫) তলৰ কোনবিধ সৰীপসৃপ প্ৰাণী?
উত্তৰ ঃ 
কাছ ।


৬) কেৰোলাচ লিনিয়াচ্ ক'ত জন্ম হৈছিল?
উত্তৰ ঃ 
ছুইডেন ।


৭) কেৰোলাচ লিনিয়াচ্ ৰ জন্ম কিমান চনত হৈছিল?
উত্তৰ ঃ 
1707 ।


8) তলৰ কোনবিধ মৎস্য় প্ৰাণী?
উত্তৰ ঃ 
মিছামাছ ।


৯) পক্ষী শ্ৰেণীৰ প্ৰাণীবোৰ কেনেধৰণৰ?
উত্তৰ ঃ 
উষ্ণৰক্তী ।


১০) প্ৰট'কৰডেটসমূহ কি প্ৰাণী?
উত্তৰ ঃ 
সামুদ্ৰিক প্ৰাণী । 


১১) তলৰ কোনবিধ প্ৰাণীয়ে পৰিপক্ক পোৱালী জন্ম দিয়ে?
উত্তৰ ঃ 
কাঙ্গাৰো ।


১২) একনলদেহী প্ৰাণীসমূহৰ দেহত কেইটা গহ্বৰ থাকে?
উত্তৰ ঃ 
এটা ।


১৩) নগ্নবীজী শব্দটো কি ভাষাৰ পৰা উৎপত্তি হৈছে?
উত্তৰ ঃ 
গ্ৰীক ভাষাৰ পৰা ।


১৪) সমাঙ্গদেহী উদ্ঊভিদখিনিক সাধাৰণতে কি বুলি কোৱা হয়?
উত্তৰ ঃ 
শেলাই ।


১৫) গ্ৰীক ভাষাত Sperma ৰ অৰ্থ কি?
উত্তৰ ঃ 
বীজ ।


১৬) তলৰ কোনবিধ মচ জাতীয় উদ্ভিদ?
উত্তৰ ঃ 
মাৰ্কেনশ্বিয়া' ।


১৭) যিবিলাক উদ্ভিদৰ দেহ বিভিন্ন উপাংগত পৃথক কৰিব নোৱাৰি সেই উদ্ভিদখিনি কি শ্ৰেণীত অন্তৰ্ভুক্ত?
উত্তৰ ঃ 
সমাঙ্গদেহী উদ্ভিদ । 


১৮) জীৱবিলাকক কিহৰ কিহৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰা হয়?
উত্তৰ ঃ 
সিহঁতৰ আকাৰ আকৃতিৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰা হয় ।


১৯) 1859 চনত কোনজন মহান বিজ্ঞানীয়ে নিজৰ গ্ৰন্থত ক্ৰমবিকাশৰ ধাৰণাৰ বিষয়ে অৱতাৰণা কৰিছিল?
উত্তৰ ঃ 
চাৰ্লচ ডাৰউইন ।


২০) 1859 চনত ক্ৰমবিকাশৰ বিষয়ে অৱতাৰণা কৰা গ্ৰন্থখনৰ নাম কি?
উত্তৰ ঃ 
অৰিজিন অফ স্পেচিছ্ ।



Type : Dimpi Bora