Chapter 8

 গতি

১) সৰলতম গতি কি?
উত্তৰ ঃ 
স্থিতিশীল গতি।


২) গতি কি?
উত্তৰ ঃ 
স্থানৰ পৰিৱৰ্তন।


৩) তলৰ কোনটো সৰল ৰৈখিক গতি?
উত্তৰ ঃ 
ওপৰৰ পৰা শিলগুটি এটা পেলাই দিলে।


৪) বস্তুৰ দ্ৰুতি কাক বোলে?
উত্তৰ ঃ 
প্ৰতি একক সময়ত অতিক্ৰম কৰা দূৰত্বক।


৫) বস্তুৰ ত্বৰণ কি?
উত্তৰ ঃ 
প্ৰতি একক সময়ৰ বেগৰ পৰিবৰ্তন।


৬) বস্তু এটাৰ গতি বুলিলে কি বুজা?
উত্তৰ ঃ 
সময়ৰ লগত বস্তু এটাৰ অৱস্থান সলনি হোৱাকে গতি বুলি কোৱা হয়।


৭) তলৰ কোনটো বৃত্তিয় গতি?
উত্তৰ ঃ 
বাইচাইকেলৰ চকাৰ  গতিটো।


৮) মটৰ গাড়ীবোৰত অতিক্ৰম কৰা দূৰত্ব নিৰ্দেশ কৰিবলৈ ব্য়ৱহাৰ কৰা সঁজুলিবিধক কি বুলি কোৱা হয়?
উত্তৰ ঃ 
অড'মিটাৰ।


৯) সময়ৰ পূৰণফলে বস্তুৰ কি নিৰ্দেশ কৰে?
উত্তৰ ঃ 
সৰণ।


১০) কোনো বস্তুৱে বৃত্তাকাৰ পথেৰে সুষম দ্ৰুতিৰে গতি কৰিলে তাৰ গতিক-
উত্তৰ ঃ 
সুষম বৃত্তীয় গতি বুলি কোৱা হয়।।


১১) সুষম বৃত্তীয় গতি বুলিলে কি বুজা ?
উত্তৰ ঃ বস্তু এটাই সুষম দ্ৰুতিৰে বৃত্তাকাৰ পথেদি গতি কৰিলে তাৰ গতিক সুষম গতি বোলে ।


১২) দ্ৰুতিৰ S.I. একক কি ?
উত্তৰ ঃ মিটাৰ প্ৰতি ছেকেণ্ড।


১৩) বস্তু এটাৰ বেগৰ পৰিৱৰ্তন ঘটিলে অমি বস্তুটোৰ কি বোৱা বুলি কওঁ ?
উত্তৰ ঃ ত্বৰণ।


১৪) দ্ৰুতিৰ অন্যান একক কি ?
উত্তৰ ঃ ছেন্টিমিটাৰ প্ৰতি ছেকেণ্ড । 


১৫) সুষম বুলিলে কি বুজা ?
উত্তৰ ঃ যদি বস্তু এটা সৰল ৰেখাৰে গতিশীল আৰু ইয়াৰ বেগ সমান সময়ৰ অন্তৰালত সমান সমান পৰিমানে বাঢ়ে বা কমে তেতিয়া বস্তুটোৰ ত্বৰণক সুষম বুলি কোৱা হয় ।


১৬) সুযম গতি বুলি কাক কোৱা হয় ?
উত্তৰ ঃ কোনো বস্তুটোৱে সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰিছে তেতিয়া সেই গতিক সুষম গতি বুলি কোৱা হয় ।


১৭) সৰলতম গতিক কি গতি বুলি কোৱা হয় ?
উত্তৰ ঃ ৰৈখিক গতি বুলি কোৱা হয় ।




Type by : Dimpi Bora 

Edit by- Mandira Saha