বায়ুমণ্ডল ঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ

 Chapter-2

১/ বায়ুমণ্ডল কাক বুলে ? 

উত্তৰঃ পৃথিৱীপৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে নিৰৱচ্ছিন্নভাৱে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোক বায়ুমণ্ডল বোলে। 


২/ কিমান কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডল বিস্তৃত ? 

উত্তৰঃ ১০,০০০ কিলোমিটাৰ। 


৩/ কি কাৰনত বায়ুমণ্ডলটো পৃথিৱীৰ গাতে লাগি আছে ? 

উত্তৰঃ মাধ্য়াকৰ্ষণ শক্তিৰ বাবে। 


৪/ নাইট্ৰ'জেন বায়ুমণ্ডলত কিমান শতাংশ আছে ?

উত্তৰঃ ৭৮.০৮ আছে। 


৫/ অক্সিজেন বায়ুমণ্ডলত কিমান শতাংশ আছে ?

উত্তৰঃ ২০.৯৪ আছে। 


৬/ আৰ্গন বায়ুমণ্ডলত কিমান শতাংশ আছে ?

উত্তৰঃ ০.৯৩ আছে। 


৭/ বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা নাইট্ৰ'জেন এবিধ কি গেছ ? 

উত্তৰঃ নিষ্ক্ৰিয় গেছ।


৮/ ৰাসায়নিকভাৱে অক্সিজেন এবিধ কি গেছ ?

উত্তৰঃ সক্ৰিয় গেছ।


৯/ ভূ-পৃষ্ঠৰ পৰা প্ৰায় কিমান কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায়ে একে থাকে ?

উত্তৰঃ ৮০ কিলোমিটাৰ। 


১০/ হেটেৰ'স্ফিয়েৰ কাক বুলে ?

উত্তৰঃ ৮০ কিলোমিটাৰ উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছসমূহৰ বিশেষ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক সুকীয়া অৱস্থাৰ সৃষ্টি কৰে বাবে এই স্তৰটোক হেটেৰ'স্ফিয়েৰ বোলা হয়। 


১১/ ভূপৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটো কি ?

উত্তৰঃ ট্ৰপ'স্ফিয়েৰ বা ট্ৰপ'মণ্ডল। 


১২/ বতৰৰ সকলো ধৰণৰ ক্ৰিয়া-কাৰ্য কোনটো স্তৰট ?

উত্তৰঃ ট্ৰপ'স্ফিয়েৰত সংঘটিত হয়। 


১৩/ অ'জন গেছে কি সুখন কৰে ? 

উত্তৰঃ সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি সুখন কৰে। 


১৪/ কোনটো স্তৰত বৈদ্য়ুতিক আধাৰ সম্পন্ন আয়ন কণা আছে ?

উত্তৰঃ থাৰ্ম'স্ফিয়েৰট বৈদ্য়ুতিক আধাৰ সম্পন্ন আয়ন কণা আছে।


১৫/ থাৰ্ম'স্ফিয়েৰৰ ওপৰত থকা বায়ুমণ্ডলৰ শীৰ্ষতম তৰপটোক কি বুলা হয় ?

উত্তৰঃ এক্স'স্ফিয়েৰ বোলা হয়।


১৬/ বায়ু এবিধ কি পদাৰ্থ ? 

উত্তৰঃ বায়ু এবিধ গেছীয় পদাৰ্থ।


১৭/ বায়ুমণ্ডলৰ চাপৰ তাৰতম্য়ৰ কাৰণ কেইটা আৰু কি কি ? 

উত্তৰঃ দুটা আৰু সেই কেইটা হ'ল বায়ুৰ উষ্ণতা আৰু পৃথিৱীপৃষ্ঠৰ উচ্চতা। 


১৮/ বায়ুৰ চাপ যি ঠাইত বেছি সেই ঠাইৰ পৰা চাপ কম থকা ঠাইলৈ বায়ুৱে কি কৰে ? 

উত্তৰঃ গতি কৰে।


১৯/  পৃথিৱীৰ বিভিন্ন অঞ্চল বা ঠাইত সাধাৰণতে দুই প্ৰকাৰৰ বায়ুৰ চাপ আছে সেই কেইটা নাম কি কি ? 

উত্তৰঃ ১) উচ্চচাপ আৰু (২) নিম্নচাপ। 


২০/ বায়ুমণ্ডলৰ চাপৰ তুলনামূলক তাৰতম্য় অনুসৰি পৃথিৱীপৃষ্ঠত প্ৰধানকৈ চাৰিটা চাপবলয় বা চাপমণ্ডল চিনাক্ত কৰা হৈছে সেই কেইটা কি কি ? 

উত্তৰঃ ক) নিৰিক্ষীয় নিম্নচাপ বলয় । 

খ) উপক্ৰান্তীয় উচ্চচাপ বলয়। 

গ) উপ-মেৰুদেশীয় নিম্নচাপ বলয়। 

ঘ) মেৰুদেশীয় উচ্চচাপ বলয়।


২১/ উত্তৰৰ কৰ্কটক্ৰান্তি আৰু দক্ষিণৰ মকৰক্ৰান্তিৰ ওচৰত এনে গধুৰ বায়ু আৰু শীতল বায়ু মিলিত হৈ কি বলয়ৰ সৃষ্টি কৰে ?

উত্তৰঃ উচ্চচাপ বলয়ৰ সৃষ্টি কৰে । 


২২/ উপক্ৰান্তীয় অঞ্চলৰ এই উচ্চচাপ বলয়ক কি বুলি জনা যায় ? 

উত্তৰঃ অশ্ব অক্ষাংশ বুলি জনা যায়। 


২৩/ বতাহ বা বায়ুপ্ৰবাহ কাক বোলে ? 

উত্তৰঃ বায়ুৱে গতি কৰিলেই ইয়াক বতাহ বা বায়ুপ্ৰবাহ বোলা হয়।


২৪/ বায়ুৰ গতিশীল অৱস্থা কি ?

উত্তৰঃ বায়ুৰ গতিশীল অৱস্থাই হল বতাহ। 


২৫/ বায়ুৰ গতি দুই প্ৰকাৰৰ সেই কেইটা কি কি।

উত্তৰঃ (১) অনুভূমিক প্ৰবাহ আৰু (২)উলম্বিক প্ৰবাহ।


২৬/ বিষুৱ অঞ্চলত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে বাবে তাত কি হয় ?

উত্তৰঃ উষ্ণতা সৰ্বাধিক হয়।  


২৭/ নিম্ন চাপৰ সৃষ্টি কেনেকৈ হয়

উত্তৰঃবায়ুৰ উষ্ণতা বৃদ্ধি পালে ই পাতল হৈ ওপৰলৈ গতি কৰে আৰু সেই ঠাইত এক নিম্ন চাপৰ সৃষ্টি হয়।


২৮/ কোনো এখন ঠাইৰ বায়ুপ্ৰবাহত প্ৰভাৱ বিস্তাৰ কৰা সেই প্ৰধান শক্তি বা কাৰক কেইতা কি কি লিখা ?

উত্তৰঃ 

(১) চাপনতি শক্তি

(২) মাধ্য়াকৰ্ষণ শক্তি

(৩) অপকেন্দ্ৰিক শক্তি

(৪) ঘৰ্ষণ শক্তি।


২৯/ চাপনতি শক্তি কাক বোলে ?


উত্তৰঃভূ-পৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্য়ৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ুপ্ৰবাহৰ সৃষ্টি কৰে ইয়াকে চাপনতি শক্তি বোলে। 


৩০/ অপকেন্দ্ৰিক শক্তি কাক বোলে ?

উত্তৰঃপৃথিৱীয়ে নিজ মেৰুদণ্ডক আশ্ৰয় কৰি ঘূৰি থকাৰ (আবৰ্তন গতি) বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিঃমুখী এক শক্তিৰ উদ্ভৱ হয় ইয়াকে অপকেন্দ্ৰিক শক্তি বোলে। 


৩১/ পৱনমুখী আৰু পৱনবিমুখ কাক বোলে

উত্তৰঃ ভূ-পৃষ্ঠৰ যি দিশৰ পৰা বতাহ আহে তাক পৱনমুখী আৰু যি দিশলৈ বলে তাক পৱনবিমুখ বোলা হয়। 


৩২/ বতাহৰ গতিবেগ কি নামৰ যন্ত্ৰ এটা দ্বাৰা জোখা হয় ? 

উত্তৰঃ বতাহৰ গতিবেগ এনিম'মিটাৰ নামৰ যন্ত্ৰ এটাৰ দ্বাৰা জোখা হয়।


৩৩/ বায়ুপ্ৰবাহক কেইটা শ্ৰেণীত বিভক্ত কৰিব পাৰি আৰু কি কি ?

উত্তৰঃ বায়ুপ্ৰবাহক তিনিটা শ্ৰেণী বিভক্ত কৰা হৈছে আৰু সেই কেইতা হল ১) মুখ্য় বা প্ৰাথমিক বায়ুপ্ৰবাহ; (২) গৌণ বায়ু প্ৰবাহ আৰু (৩) স্থানীয় বায়ুপ্ৰবাহ। 


৩৪/ প্ৰাথমিক বা মুখ্য় বায়ুপ্ৰবাহ কাক বোলে ? 

উত্তৰঃপৃথিৱী-পৃষ্ঠত স্থায়ীভাৱে থকা চাপবলয়ৰ বিতৰণৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে সমগ্ৰ পৃথিৱীজুৰি যি বায়ুৰ চলাচল হৈ থাকে তাকেই প্ৰাথমিক বা মুখ্য় বায়ুপ্ৰবাহ বোলে।


৩৫/ আন্তঃক্ৰান্তীয় অভিসাৰী মণ্ডল কাক বোলে ?

উত্তৰঃ ক্ৰান্তীয় অঞ্চলৰ এই উত্তৰ-পূব আৰু দক্ষিণ-পূব বাণিজ্য় বতাহ নিৰক্ষীয় অঞ্চলত মিলিত হৈ এক বিভাজকৰ সৃষ্টি কৰে ইয়াকে আন্তঃক্ৰান্তীয় অভিসাৰী মণ্ডল বোলে। 


৩৬/ পশ্চিমা বতাহ বা পছোৱা বতাহ কাকবোলে ? 

উত্তৰঃ উপক্ৰান্তীয় উচ্চ চাপবলয়ৰ পৰা উচ্চ অক্ষাংশীয়  উপমেৰুৰ ফালে থকা নিম্ন চাপ অঞ্চললৈ যি নিয়মিত বায়ুপ্ৰবাহ হয় তাক পশ্চিমা বতাহ বা পছোৱা বতাহ বোলে। 


৩৭/ অশ্ব-অক্ষাংশ কাক বোলা হয় ?

উত্তৰঃ পৃথিৱীৰ দুয়োটা গোলাৰ্ধৰ বিশেষকৈ ৩০ ৰ পৰা ৩৫॰ অক্ষাংশৰ মাজত অৱশ্থিত এই অঞ্চলকে অশ্ব-অক্ষাংশ বোলা হয়।


৩৮/ জেট প্ৰবাহ কাক বোলে ? 

উত্তৰঃ ক্ৰান্তীয় অঞ্চলৰ উচ্চ স্তৰেদি (অৰ্থাৎ ট্ৰপ'মণ্ডলৰ উচ্চ স্তৰত) পশ্চিমা প্ৰবাহৰ দৰে এক তীব্ৰবেগী (ঘণ্টাত ৬৪০ কিলোমিটাৰত) পূবমুৱা বায়ু প্ৰবাহিত হয়। ইয়াকে জেট প্ৰবাহ বোলা হয়।


৩৯/ মেৰুপ্ৰবাহ বা মেৰুদেশীয় বতাহ কাক বোলা হয় ? 

উত্তৰঃমেৰুদেশীয় উচ্চ চাপ বলয়ৰ পৰা উচ্চ অক্ষাংশত থকা উপমেৰুদেশীয় নিম্নচাপ বলয়লৈ যি স্বাভাৱিক বায়ুপ্ৰবাহ হয়তাক মেৰুপ্ৰবাহ বা মেৰুদেশীয় বতাহ বোলা হয়।


৪০/ বায়ুৰাশি কাক বোলে ? 

উত্তৰঃউত্তাপ, আৰ্দতা আদিৰ সমণ্ডণ সম্পন্ন বৃহৎ আকাৰৰ একো একোটা বায়ুপুঞ্জক বায়ুৰাশি বোলে।  


৪১/ বাতাগ্ৰ কাক বোলে লিখা ?

উত্তৰঃ যেতিয়া উত্তাপ, আৰ্দ্ৰতা, চাপ, ঘনত্ব আদিৰ তাৰতম্য় থকা দুটা বিপৰীত গুণসম্পন্ন বায়ুৰাশি পৰস্পৰৰ সম্মুখীন হয়, ইহঁতৰ মাজত পোনে পোনে মিশ্ৰণ নঘটি দুটাৰ মাজত এক বিচ্ছেদক বায়ু পৃষ্ঠৰ বা বিচ্ছেদক ৰেখাৰ সৃষ্টি হয়। ইয়াকে বাতাগ্ৰ বোলা হয়।


৪২/ বায়ুৰাশি দুটাৰ বিশেষ অৱস্থাৰ প্ৰয়োজন লিখা ? 

উত্তৰঃ (১) দুটা বায়ুৰাশিৰ এটা আনটোৰ তুলনাত শীতল আৰু গধুৰ হ'ব লাগিব আৰু (২) বায়ুপ্ৰবাহ অভিসাৰী হ'ব লাগিব যাতে দুই বায়ুৰাশি বিপৰীত দিশৰ পৰা পৰস্পৰৰ অভিমূখে প্ৰবাহিত হয়।


৪৩/ প্ৰকৃতি আৰু গুণাগুণৰ ভিত্তিত বাতাগ্ৰবোৰক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি ? 

উত্তৰঃ চাৰিটা ভাগত ভাগ কৰা হৈছে সেই কেইটা হল (১) শীতল বাতাগ্ৰ, (২) উষ্ণ বাতাগ্ৰ, (৩) অচল বাতাগ্ৰ আৰু (৪) অন্তৰ্ধৃত বাতাগ্ৰ।


৪৪/ শীতল বাতগ্ৰ কাক বোলে ?

উত্তৰঃ যি বাতাগ্ৰত শীতল বায়ুৰাশিয়ে উষ্ণ বায়ুৰাশিৰ স্থানান্তৰ কৰে তাক শীতল বাতাগ্ৰ বোলে।


৪৫/ উষ্ণ বাতাগ্ৰ কোক বোলে ?

উত্তৰঃ যি বাতাগ্ৰত অগ্ৰগামী উষ্ণ বায়ুৰাশিয়ে শীতল বায়ুৰাশিৰ ওপৰেদি প্ৰবাহিত হৈ ইয়াক স্থানান্তৰিত কৰে তাকে উষ্ণ বাতাগ্ৰ বোলে।


৪৬/ অচল বাতোগ্ৰ কাক বোলে ? 

উত্তৰঃ যি বাতাগ্ৰই সংশ্লিষ্ট বায়ুৰাশিক স্থানান্তৰ হোৱাত সহায় নকৰি এক স্থিৰ অৱস্থাত থাকে তাক অচল বাতাগ্ৰ বোলে।


৪৭/ অন্তৰ্ধৃত বাতাগ্ৰ কাক বোলে ?

উত্তৰঃ যেতিয়া শীতল আৰু উষ্ণ বাতাগ্ৰৰ মিলন হৈ নিজ নিজ ধৰ্মৰ পৰিবৰ্তন হৈ এক নতুন মিশ্ৰিত ধৰ্মসম্পন্ন বাতাগ্ৰৰ সৃষ্টি কৰে, সেই বাতাগ্ৰকে অন্তৰ্ধৃত বাতাগ্ৰ বোলা হয়। 


৪৮/ ঘূৰ্ণীবতাহ বা চক্ৰবাত কাক বোলে ? 

উত্তৰঃবায়ুমণ্ডলীয় প্ৰবাহৰ যি অৱস্থাত এটা নিম্নচাপক কেন্দ্ৰ কৰি তীব্ৰবেগী বতাহে চক্ৰাকাৰ গতি লয় তাকে ঘূৰ্ণীবতাহ বা চক্ৰবাত বোলে। 


৪৯/ ঘূৰ্ণীবতাহ প্ৰধানকৈ কেই প্ৰকাৰৰ আৰু কি কি ? 

উত্তৰঃ দুই প্ৰকাৰৰ সেই কেইটা হল (১) ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু (২) বহিঃক্ৰান্তীয় বা মধ্য়অক্ষাংশীয় ঘূৰ্ণীবতাহ।


৫০/ ক্ৰান্তীয় ঘূৰ্ণীবতাহ কোক বোলে ? 

উত্তৰঃ ক্ৰান্তীয় অঞ্চলৰ যি নিম্নচাপক কেন্দ্ৰ কৰি চাৰিওদিশৰ উচ্চচাপ অঞ্চলৰ পৰা অহা তীব্ৰবেগী বতাহে যেতিয়া চক্ৰাকাৰে বলি এক ভয়ঙ্কৰ ৰূপ লয়, তাকে ক্ৰান্তীয় ঘূৰ্ণী বতাহ বোলে।


৫১/ বাতাগ্ৰৰ সৃষ্টি কেনেকৈ হয় ?

উত্তৰঃ শীতল মেৰু বতাহ আৰু ক্ৰান্তীয় উষ্ণ বতাহৰ মিলনৰ ফলত বাতাগ্ৰৰ সৃষ্টি হয়। 


৫২/ প্ৰতীপ ঘূৰ্ণীবতাহ কাক বোলে ?

উত্তৰঃযেতিয়া এক ব্য়াপক অঞ্চল জুৰি উচ্চ চাপ বলয়ৰ গঠন হৈ তাৰ কেন্দ্ৰৰ পৰা চক্ৰাকাৰে অপসাৰী বায়ুপ্ৰবাহৰ সৃষ্টি হয় তাকে প্ৰতীপ ঘূৰ্ণীবতাহ বোলে। 


৫৩/ উষ্ণ তৰঙ্গৰ সৃষ্টি কেনেকৈ হয় ? 

উত্তৰঃ উপক্ৰান্তীয় অঞ্চলৰ আংশিকভাৱে স্থায়ী প্ৰতীপ ঘূৰ্ণীবতাহবোৰৰ পৰা পূবলৈ গতি কৰা বায়ু গৰম হয় এনে বায়ুপ্ৰবাহ উষ্ণ তৰঙ্গৰ সৃষ্টি হয়।


৫৪/ মৌচুমী বতাহ কাক বোলে ?

উত্তৰঃঋতুভেদে, অৰ্থাৎ ঋতু পৰিবৰ্তনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰবাহিত সাময়িক বায়ুপ্ৰবাহক মৌচুমী বতাহ বোলে। 


৫৫/ স্থানীয় বায়ুপ্ৰবাহ বা তৃতীয়ক বায়ুপ্ৰবাহ কাক বোলে ? 

উত্তৰঃসম্পূৰ্ণভাৱে কিছুমান স্থানীয় কাৰক, যেনে-ভূ-অবয়ৱৰ বিভিন্নতা আৰু উচ্চতাৰ তাৰতম্য়ৰ বাবে সীমিত অঞ্চল সামৰি যি বায়ুপ্ৰবাহৰ সৃষ্টি হয় তাকে স্থানীয় বায়ুপ্ৰবাহ বা তৃতীয়ক বায়ুপ্ৰবাহ বোলে। 


৫৬/ জলবতাহ কাক বোলে ?

উত্তৰঃ দিনৰ ভাগত জলভাগৰ পৰা স্থলভাগলৈ বলা প্ৰবাহক জলবতাহ বোলে। 


৫৭/ স্থলবতাহ কাক বোলে ? 

উত্তৰঃ ৰাতি স্থলভাগৰ পৰা জলভাগলৈ বলা প্ৰবাহক স্থলবতাহ বোলা হয়। 


৫৮/ উপত্য়কা বতাহ কাক বোলে ? 

উত্তৰঃ দিনৰ ভাগত ভৈয়ামৰ বায়ুৰ তাপ বৃদ্ধি পায় আৰু বায়ু পাতল হৈ পৰ্বতৰ ঢালেদি উৰ্ধমূখী হয়। এইদৰে দিনৰ ভাগত নদী উপত্য়কা বা ভৈয়ামৰ পৰা পৰ্বতৰ ঢালেদি হোৱা উৰ্দ্ধমুখী প্ৰবাহক উপত্য়কা বতাহ বোলে। 


৫৯/ কেইটা মান স্থানীয় বতাহৰ নাম লিখা ? 

উত্তৰঃ চিনুক, ফ'ন, চিৰোক্কো, মিষ্ট্ৰেল, লু আদি। 


৬০/ লু কাক বোলে ?

উত্তৰঃগ্ৰীষ্মকালত দিনৰ ভাগত উষ্ণতা বৃদ্ধিৰ ফলত থৰ মৰুভূমিত সৃষ্টি হোৱা এনে বায়ুপ্ৰবাহ যেতিয়া উত্তৰ-ভাৰতৰ গঙ্গা সমভূমি অঞ্চলত প্ৰবেশ কৰে তেতিয়া ইয়াক লু বোলে। 




Type By- Subhas Nath 




Post ID: DABP005121