গুপ্তৰ পৰৱৰ্তী যুগ ( Post Gupta Period)

তৃতীয় অধ্যায় 

অতি চমু প্ৰশ্ন 

১। অতীতৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসৰ প্ৰধান ঘটনা কি আছিল ।

উত্তৰঃ  অতীতৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসৰ প্ৰধান ঘটনা আছিল কেন্দ্ৰীয়কৰণ আৰু বিকেন্দ্ৰীকৰণ শক্তিৰ মাজত সৃষ্টি হোৱা সংঘাট বা সংঘৰ্ষ ।


২। আটাইতকৈ শক্তিশালী স্থাল লাভ কৰি প্ৰতিষ্ঠা কৰা ৰাজ্যখনৰ নাম কি ।

উত্তৰঃ  আটাইতকৈ শক্তিশালী স্থান লাভ কৰি প্ৰতিষ্ঠা কৰা ৰাজ্যখনৰ নাম হল থানেশ্বৰ ৰাজ্য ।

 

৩। গুৰ্জৰসকলে প্ৰতিষ্ঠা কৰা ৰাজ্যখনৰ নাম কি ।

উত্তৰঃ গুৰ্জৰসকলে প্ৰতিষ্ঠা কৰা ৰাজ্যখনৰ নাম হল গুজৰাট।


৪। গুপ্ত সাম্ৰাজ্য পতন হোৱাৰ এটা প্ৰধান কাৰণ কি ।

উত্তৰঃ গুপ্ত সাম্ৰাজ্য পতন হোৱাৰ এটা প্ৰধান কাৰণ হল ভাৰতত হুনসকলৰ পদাৰ্পণ ।


৫। টোৰমান ৰজাৰ উত্তৰাধিকাৰীজনৰ নাম কি ।

উত্তৰঃ টোৰমানৰজাৰ উত্তৰাধিকাৰী জনৰ নাম হল মিহিৰকুল ।


৬। প্ৰতিহাৰ বংশৰ এজন প্ৰসিদ্ধ ৰজাৰ নাম লিখা ।

উত্তৰঃ প্ৰতিহাৰ বংশৰ এজন প্ৰসিদ্ধ ৰজাৰ নাম হল নাগভট্ট ।


৭। গ্ৰহবৰ্মনক কোনেহত্যা কৰিছিল ।

উত্তৰঃ গ্ৰহবৰ্মক মালৱৰ ৰজা দেৱগুপ্তই হত্যা কৰিছিল ।


৮। উত্তৰ ভাৰতৰ শেষৰজন হিন্দু সম্ৰাটৰ নাম কি ।

উত্তৰঃ উত্তৰ ভাৰতৰ শেষৰজন হিন্দু সম্ৰাটৰ নাম হল  হৰ্ষবৰ্দ্ধন ।


৯। হৰ্ষবৰ্দ্ধনৰ ৰাজত্বকালৰ বিষয়ে তথ্যৰ যোগান ধৰা উপাদানসমূহ কি কি ।

উত্তৰঃ হৰ্ষবৰ্দ্ধনৰ ৰাজত্বকালৰ বিষয়ে তথ্যৰ যোগান ধৰা উপাদানসমূহ গল 

ক) হিউৱেন চাঙৰ টোকা ।

খ) বাণভট্টৰ হৰ্ষচৰিত ।

গ) শিলালিপি 

ঘ) মুদ্ৰা আৰু মোহৰ 

ঙ) হৰ্ষবৰ্দ্ধনৰ ৰচনাৱলী 


১০। কোনজন ৰজাৰ শাসনকালত হিউৱেন চাং ভাৰতবৰ্ষলৈ আহিছিল ।

উত্তৰঃ কুমাৰ ভাস্কৰ বৰ্মনৰ শাসনকালত হিউৱেন চাং ভাৰতবৰ্ষলৈ আহিছিল ।


১১।  হিউৱেন চাঙে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ হিউৱেন চাঙে ৰচনা কৰা গ্ৰন্থখনৰ নাম হল চি.ইউ.কি।


১২।থানেশ্বৰ ৰাজ্যৰ ৰজা হৰ্ষবৰ্দ্ধনৰ বিষয়ে কোনখন শিলালিপিত পোৱা যায়।

উত্তৰঃ  থানেশ্বৰ ৰাজ্যৰ ৰজা হৰ্ষবৰ্দ্ধনৰ বিষয়ে মধুবন শিলালিপিত পোৱা যায় ।


১৩। হৰ্ষবৰ্দ্ধনে কি উপাধি গ্ৰহণ কৰিছিল ।

উত্তৰঃ হৰ্ষবৰ্দ্ধনে মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল । 


১৪। জাতকমালা কোনে ৰচনা কৰিছিল।

উত্তৰঃ জাতকমালা হৰ্ষবৰ্দ্ধনে ৰচনা কৰিছিল । 


১৫। জাতকমালা গ্ৰন্থখনত কিমানটা কবিতা আছিল ।

উত্তৰঃ জাতকমালা গ্ৰন্থখনত পাচশ কবিতা আছিল ।


১৬। হৰ্ষবৰ্দ্ধনে ৰচনা কৰা তিনিখন নাটকৰ নাম লিখা ।

উত্তৰঃ হৰ্ষবৰ্দ্ধনে ৰচনা কৰা তিনিখন নাটকৰ নাম হল 

ৰত্নাৱলী, নাগানন্দ আৰু প্ৰিয়দৰ্শিকা ।


১৭। বৰ্দ্ধন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ।

উত্তৰঃ বৰ্দ্ধন বংশৰ প্ৰতিষ্ঠাতা আছিল প্ৰভাকৰ বৰ্দ্ধন ।


১৮। বৰ্ধন বংশৰ প্ৰথমজন ৰজাৰ নাম কি আছিল ।

উত্তৰঃ  বৰ্দ্ধন বংশৰ প্ৰথমজন ৰজাৰন নাম আছিল পুষ্যভূতি ।


১৯।মহাৰাজাধিৰাজ আৰু পৰমভট্টাৰক উপাধি গ্ৰহণ কৰা ৰজাজনৰ নাম কি ।

উত্তৰঃ মহাৰাজাধিৰাজ আৰু পৰমভট্টাৰক উপাধি গ্ৰহণ কৰা ৰজাজনৰ নাম হল প্ৰভাকৰবৰ্দ্ধন ।


২০। কিমান চনত প্ৰভাকৰবৰ্দ্ধৰৰ মৃত্যু হৈছিল ।

উত্তৰঃ ৬০৫ খ্ৰীঃত প্ৰভাকৰবৰ্দ্ধনৰ মৃত্যু হৈছিল ।


২১। হৰ্ষবৰ্দ্ধনে ৰাজত্ব কৰাৰ পাছৰ পৰা  এটা নতুন যুগৰ সূচনা কৰিছিল সেইযুগটোৰ নাম কি আছিল ।

উত্তৰঃ হৰ্ষবৰ্দ্ধনে ৰাজত্ব কৰাৰ পাছৰ পৰা এটা নতুন যুগৰ সূচনা কৰিছিল আৰু সেই যুগটোৰ নাম  আছিল হৰ্ষাব্দ ।


২২। ৰজা হৰ্ষবৰ্দ্ধনৰ প্ৰধান কৰ্তব্য কি আছিল ।

উত্তৰঃ  ৰজা হৰ্ষবৰ্দ্ধনৰ প্ৰধান কৰ্তব্য আছিল তেওঁৰ ভনীয়েক ৰাজ্যশ্ৰীক উদ্ধাৰ কৰা আৰু শত্ৰুৰ ওপৰত প্ৰতিশোধ লৈ শশাংকৰ পৰা কনৌজ ৰাজ্যখন উদ্ধাৰ কৰা ।


২৩। ভাস্কৰ বৰ্মনে হৰ্ষবৰ্দ্ধনলৈ বন্ধুত্ব প্ৰস্তাৱ আগবঢ়াবলৈ পঠাই দিয়া কটকীজনৰ নাম কি ।

উত্তৰঃ  ভাস্কৰ বৰ্মনে হৰ্ষবৰ্দ্ধনলৈ বন্ধুত্ব প্ৰস্তাৱ আগবঢ়াবলৈ পঠাই দিয়া কটকীজনৰনাম হল হংসবেগ।


২৪ । গৌড় ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল ।

উত্তৰঃ গৌড় ৰাজ্যৰ ৰাজধানীৰ নাম হল কৰ্ণসুবৰ্ণ ।


২৫। কিমান খ্ৰীঃত হৰ্ষবৰ্দ্ধন ৰাজসিংহাসনত বহিছিল ।

উত্তৰঃ  ৬০৬ খ্ৰীঃত হৰ্ষবৰ্দ্ধন ৰাজসিংহাসনত বহিছিল ।


২৬। হৰ্ষবৰ্দ্ধনে দিগ্প্ৰবীজয়ৰ থম অভিযান কাৰ বিৰুদ্ধে কৰিছিল ।

উত্তৰঃ  হৰ্ষবৰ্দ্ধনে দিগ্বীজয়ৰ প্ৰথম ্ভিযান গৌড় ৰাজ্যৰ ৰজা শশাংকৰ বিৰুদ্ধে কৰিছিল ।


২৭ । বল্লভী ৰাজ্যৰ ৰজাজনৰ নাম কি ।

উত্তৰঃ বল্লভী ৰাজ্যৰ ৰজাজনৰ নাম হল ধ্ৰুৱভক্ত । 


২৮। ৰজা হৰ্ষবৰ্দ্ধনে মহাযান মহামেলৰ কত আয়োজন কৰিছিল ।

উত্তৰঃ  ৰজা হৰ্ষবৰ্দধনে মহাযান মহামেলৰ আয়োজন কৰিছিল উৰিষ্যাত ।


২৮। হৰ্ষবৰ্দ্ধনৰ সামৰিক অভিযানৰ প্ৰধান লক্ষ্য কিআছিল ।

উত্তৰঃ  হৰ্ষবৰ্দধনৰ সামৰিক অভিযানৰ প্ৰধান লক্ষ্য আছিল উত্তৰ-ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰজা হিচাপে পৰিগণিত হোৱা ।


৩০। এখন মহাসভাৰ নাম লিখা ।

উত্তৰঃ এখন মহাসভাৰ  নাম হল কনৌজ মহাসভা ।


৩১। গীতগোবিন্দ  গ্ৰন্থখন কোনে ৰচনা কৰিছিল ।

উত্তৰঃ  বিখ্যাত পণ্ডিত জয়দেৱে গীতগোবিন্দ গ্ৰন্থখন ৰচনা কৰিছিল ।


৩২। হৰ্ষবৰ্দ্ধনৰ ৰাজসভাত থকা দুজন বিখ্যাত কবিৰ নাম লিখা ।

উত্তৰঃ হৰ্ষবৰ্দ্ধনৰ ৰাজসভাত থকা দুজন বিখ্যাত কবিৰ নাম হল 

ক) মাতঙ্গ দিবাকৰ আৰু খ) ময়ুৰ ।


৩৩। ময়ুৰে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ ময়ুৰ্ ৰচনা কৰা গ্ৰন্থখনৰ নাম হল সূৰ্য্যশতক।


চমু প্ৰশ্ন 

১। নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ  কোন আছিল ।

উত্তৰঃ নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ হল শীলভদ্ৰ ।


২। নালন্দা বিশ্ববিদ্যালয়ৰ বিষয়ে জানিবৰ বাবে কি কি সমল অতি গুৰুত্বপূৰ্ণ ।

উত্তৰঃ  নালন্দা বিশ্ববিদ্যালয়ৰ বিষয়ে জানিবৰ কাৰণে হিউৱেন চাঙৰ টোকা , ইটসিঙৰ বিৱৰণ আৰু স্থাপত্য শিলালিপিৰ সমল অতি গুৰুত্বপূৰ্ণ ।


৩। নালন্দা বিশ্ববিদ্যালয়ৰ কেইজনমান বিখ্যাত পণ্ডিতৰ নাম লিখা ।

উত্তৰঃনালন্দা বিশ্ববিদ্যালয়ৰ কেইজনমান বিখ্যাত পণ্ডিতসকল হল নাগাৰ্জুন, আৰ্যদেৱ, অংগ, শীলভদ্ৰ, বসুবন্ধু ।


৪।  হৰ্ষবৰ্দ্ধনৰ ৰাজ্য শাসনৰ বিষয়ে লিখা ।

উত্তৰঃ ৰজা হৰ্ষবৰ্দ্ধন উত্তৰ ভাৰতৰ শেষৰজন হিন্দু ৰজা আছিল । হৰ্ষবৰ্দ্ধনে জীৱনৰ প্ৰথম পৰ্যায়ৰ পৰা সৌভাগ্যৰ পিছ লৈ বহুত দুৰ্যোগৰ মাজেৰে আহি এখন অতি শক্তিশালী সুস্থিৰ আৰু শান্তিৰ সাম্ৰাজ্যপ্ৰতিষ্ঠা কৰিছিল ।হিউৱেন চাঙে কৈছিল যে ৰজা হৰ্ষবৰ্দ্ধনে তিশ বছৰ সময় বিনাঅস্ত্ৰৰে শান্তিৰে দেশ শাসন কৰিছিল । গুপ্তবংশ আৰু গৌড় বংশ সংঘাটৰ কাৰণে সৃষ্টি হৈছিল অৰাজকতা আৰু অশৃংখলতাৰ অৱসান ঘটাৰ পিছত হৰ্ষবৰ্দ্ধনে এখন সুদক্ষ আৰু স্থিৰ চৰকাৰ প্ৰতিষ্ঠা কৰি দেশখনৰ বা ৰাজ্যখনৰ আভ্যন্তৰীণ নিৰাপত্তা নিশ্চিত কৰি দিছিল ।ৰজা হৰ্ষবৰ্দ্ধনৰ স্পষ্ট এটা ছবি হিউৱেন চাঙৰ টোকা আৰু পণ্ডিত বাণভট্টৰ হৰ্ষচৰিত গ্ৰন্থখনৰ পৰা জানিব পাৰি । 

ৰজা হৰ্ষবৰ্দ্ধনৰ শাসনৰ সময়ছোৱাত ৰজা আছিল প্ৰশাসনৰ প্ৰধান মেৰুদণ্ড হৰ্ষবৰ্দ্ধনে অশোক আৰু কৌটিল্যৰ দৰে প্ৰশাসন সুদক্ষ কৰি ৰাখিবলৈ তেওঁ নিজে বহুতো যত্ন কৰিছিল । হিউৱেন চাঙৰ টোকামতে ৰজা হৰ্ষবৰ্দ্ধন বহুতো পৰিশ্ৰমী ব্যক্তি আছিল । দিনটো ৰজা হৰ্ষবৰ্দ্ধনৰ কাৰণে বৰ ছুটী আছিল ।তেওঁ ৰাজকাৰ্যত ইমানেই ব্যস্ত হৈ পৰিছিল যে কোনো মানুহক লগ কৰাটো তেওঁৰ বাবে বৰ কষ্টকৰ হৈ পৰিছিল । ৰজাক ভগৱানৰ এটা অংশ বা অৱতাৰ বুলি কোৱা হয়।


৫। ৰাজ্যৰ প্ৰশাসনৰ এজন অতিকৈ গুৰুত্বপূৰ্ণ ব্যক্তিৰ নাম লিখা ।

উত্তৰঃ ৰাজ্যৰ প্ৰশাসনৰ এজন অতি গুৰুত্বপূৰ্ণ ব্যক্তিৰ নাম হল নাগানন্দ । 


৬। হৰ্ষবৰ্দ্ধনৰ ৰাজ্যত কৰ কেইপ্ৰকাৰৰ আছিল আৰু কি কি ।

উত্তৰঃ হৰ্ষবৰ্দ্ধনৰ ৰাজ্যত কৰ তিনিপ্ৰকাৰৰ আছিল যেনে 

ভাগ, হিৰণ্য আৰু বলি ।


৭। হিউৱেন চাঙৰ জন্ম কেতিয়া আৰু কিমান খ্ৰীঃত হৈছিল । 

উত্তৰঃ হিউৱেন চাঙৰ জন্ম হৈছিল ৫০০ খ্ৰীঃত চীনৰ লো-ইয়াঙত ।


৮। চন্দ্ৰৰ দেশ বুলি কাক কোৱা হয় ।

উত্তৰঃ  চন্দ্ৰৰ দেশ বুলি ভাৰতবৰ্ষক কোৱা হয় ।


৯। বুদ্ধদেৱৰ জীৱনৰ লগত জড়িত দুখন ঠাইৰ নাম লিখা ।

উত্তৰঃ বুদ্ধদেৱৰ জীৱনৰ লগত জড়িত দুখন ঠাইৰ নাম হল 

কপিলাবস্তু আৰু বেনাৰস ।


১০। হিউৱেন চাঙৰ টোকাৰ বিষয়ে লিখা ।

উত্তৰঃ  ৰজা হৰ্ষবৰ্দ্ধনৰ ৰাজত্বকালৰ এটা অতি গুৰুত্বপূৰ্ণ ঘটনা আছিল চীনা ভ্ৰমণকাৰী হিউৱেন চাঙৰ ভাৰতবৰ্ষ ভ্ৰমণ । তেোঁক পৰিব্ৰাজক ৰাজকুমাৰ বা আইনৰ গৰাকী বুলি কোৱা হয় । হিউৱেন চাঙ জন্ম হৈছিল ৬০০ খ্ৰাঃত চীনদেশৰ লো-ইয়াঙত । তেওঁ সৰুৰে পৰা ধাৰ্মিক মনৰ মানুহ আছিল । মাত্ৰ বিশ বছৰ বয়সতে এজন বৌদ্ধ সন্ন্যাসী হৈছিল । ২৯ বছৰ বয়সত তেওঁ চন্দ্ৰৰ দেশ ভাৰতবৰ্ষ ভ্ৰমণ কৰাৰ বাবে সিদ্ধান্ত হৈছিল । তেওঁ তাচকান্দ, চমৰকন্দ, আৰু বল্ক ৰাজ্য অতিক্ৰম কৰি ৬৩০ খ্ৰীঃত গন্ধৰত উপস্থিত হৈছিল । তাৰ পৰা কাশ্মীৰলৈ গৈ তাত তেওঁ দুবছৰ সময় কটাইছিল । তেওঁ পঞিজাৱলৈ আহিছিল আৰু বুদ্ধৰ জীৱনৰ লগত জড়িত ঠাইসমূহ যেনে কপিলাবস্তু, বেনাৰস, গয়া আৰু কুশীনগৰ ভ্ৰমণ কৰিছিল ।তেওঁ ভ্ৰমণৰ বেছিভাগ সময় নালন্দা বিশ্ববিদ্যায়ত কটাইছিল । তেওঁ ১৫ বছৰ সময় ভাৰতবৰ্ষত কটাইছিল আৰু ভাৰতবৰ্ষৰ প্ৰায় সকলো অঞ্চল ভ্ৰমণ কৰিছিল । হিউৱেন চাঙৰ টোকাই এটা বিশেষ যুগৰ জ্ঞান বহন কৰি আছে । বৌদ্ধ ধৰ্মৰ জ্ঞান সংগ্ৰহ কৰিবলৈ অহা এই বৌদ্ধ সন্ন্যাসীজনে মানুহৰ মনক জয় কৰিব পাৰিছিল । ভাৰতৰ জনসাধাৰ আৰু তেওঁলোকৰ জীৱন-ধাৰণপদ্ধতিৰ বিষয়ে লক্ষ্য কৰাৰ উপৰিও ৰজাঘৰৰ কাৰ্যসমূহ বিশ্লেষণ কৰিছিল ।। তেওঁ আহৰণ কৰা সকলো জ্ঞান বিশ্ববাসীক দিবৰ কাৰণে চি.ইউ.কি নামৰ এখন গ্ৰন্থ ৰচনা কৰিছিল ।

তেওঁৰ এই  যিটো ভ্ৰমণমূলক টোকা আছিল এই টোকাটোৱে ভাৰতবৰ্ষৰ মধুৰ সম্পৰ্কটোকে প্ৰতিফলন কৰা নাই, তেওঁৰ সংগ্ৰহ কৰা জ্ঞানৰ আধাৰত ভাৰতবাসীয়ে থানেশ্বৰ কনৌজ যিখন ইতিহাস আছিল তাক ৰচনা কৰাত যথেষ্ট বৰঙণি আগবঢ়াইছে ।


Author_ Ali rani kakati

Edit By- Mandira Saha 







Post ID: DABP004530