পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ

অধ্য়ায় ৪

১) জীৱমণ্ডলক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?

উত্তৰঃ জীৱমণ্ডলক দুটা বহল ভাগত ভাগ কৰা হৈছে- উদ্ভিদজগত আৰু প্ৰাণীজগত।

২) জীৱমণ্ডলৰ সৃষ্টি কেনেকৈ হৈছে?

উত্তৰঃ স্থলমণ্ডল, জলমণ্ডল আৰু বায়ুমণ্ডলে একেলগে লগ হোৱাৰ ফলত জীৱমণ্ডলৰ সৃষ্টি হৈছে।

৩) ৰ'কী পৰ্বত ক'ত অৱস্থিত?

উত্তৰঃ ৰ'কী পৰ্বত উত্তৰ আমেৰিকাৰ পশ্চিম সীমান্তত অৱস্থিত।

৪) বায়ুমণ্ডলত আটাইতকৈ বেচিকৈ থকা গেছবিধ কি?

উত্তৰঃ বায়ুমঁণ্ডলত আটাইতকৈ বেছিকৈ থকা গেছবিধ হ'ল নাই়্ৰজেন।

৫) উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক কোনে সংযোগ কৰিছে?

উত্তৰঃ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক পানামা যোজকে সংযোগ কৰিছে।

৬) কোনখন মহাদেশত পৃথিৱীৰ প্ৰায়  তিনিভাগৰ এভাগ স্থলভাগ আছে?

উত্তৰঃ এছিয়া মহাদেশত পৃতিৱীৰ প্ৰায় তিনিভাগৰ এভাগ স্থলভাগ আছে।

৭) মহাসাগৰ কাক বোলে?

উত্তৰঃ স্থলভাগৰ একোটা বৃহৎ খণ্ড বিশাল পানী ভাগেৰে আগুৰি আছে, যাক মহাসাগৰ বুলি কোৱা হয়।

৮) এন্টাৰ্কটিকা বা কুমেৰু মহাদেশ ক'ত অৱস্থিত?

উত্তৰঃ এন্টাৰ্কটিকা বা কুমেৰু মহাদেশ সম্পূৰ্ণভাৱে দক্ষিণ গোলাৰ্ধত অৱস্থিত। 

৯) এছিয়াৰ পশ্চিম সীমাৰে কি সংযুক্ত হৈ আছে?

উত্তৰঃ এছিয়াৰ পশ্চিম সীমাৰে সংযুক্ত হৈ আছে ইউৰোপ মহাদেশ।

১০) পৃথিৱীৰ প্ৰায় কিমান শতাংশ পানী লুণীয়া?

উত্তৰঃ পৃথিৱীৰ প্ৰায় ৯৮ শতাংশ পানী লুণীয়া।

১১) পৃথিৱীৰ মুঠ মাটিকালিৰ শতকৰা প্ৰায় কিমান ভাগ পানীৰে আগুৰা?

উত্তৰঃ পৃথিৱীৰ মুঠ মাটিকালিৰ শতকৰা প্ৰায় ৭১ভাগ পানীৰে আগুৰা।

১২) আটলান্টিক মহাসাগৰৰ আকৃতি কেনেকুৱা?

উত্তৰঃ আটলান্টিক মহাসাগৰৰ আকৃতি ইংৰাজী 'S' আখৰটোৰ নিচিনা।

১৩) সাগৰ-মহাসাগৰৰ পানীক কোনে গতিশীল কৰি ৰাখে?

উত্তৰঃ সাগৰীয় সোঁত, ঢৌ আৰু জোৱাৰ-ভাটাই সাগৰ-মহাসাগৰৰ পানী গতিশীল কৰি ৰাখে।

১৪) সাগৰ-মহাসাগৰৰ জলভাগে কেতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰে?

উত্তৰঃ বতাহ, ধুমুহা বা ছুনামী হ'লে সাগৰ-মহাসাগৰৰ পানীভাগে ভয়ংকৰ ৰূপ ধাৰণ কৰে?

১৫)  জলমণ্ডল কেনেকৈ গঠিত?

উত্তৰঃ মহাসাগৰ, নদ-নদী, হ্ৰদ, হিমবাহ, ভূগৰ্ভৰ পানী আৰু বায়ুমণ্ডলত ভাহি থকা জলীয় বাষ্প- এই সকলো লৈ জলমণ্ডল গঠিত।

১৬) ভাৰত মহাসাগৰৰ আকৃতি কেনেকুৱা?

উত্তৰঃ ভাৰত মহাসাগৰৰ আকৃতি এটা জ্ঞিভূজৰ দৰে।

১৭) উত্তৰ মহাসাগৰ ক'ত অৱস্থিত?

উত্তৰঃ উত্তৰ মহালসাগৰ উত্তৰ মেৰুৰ চৌদিশে অৱস্থিত।

১৮) পৃথিৱীৰ আটাইতকৈ বহল নদী আমাজান নদীখন কোনখন মহাদেশত অৱস্থিত?

উত্তৰঃ পৃথিৱীৰ আটাইতকৈ বহল নদী আমাজান দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত।

১৯) বায়ুমণ্ডল কি?

উত্তৰঃ বায়ুমণ্ডল হ'ল বাষ্পীয় উপাদানৰে গঠিত পৃথিৱীৰ স্থলভাগ আৰু জলভাগক আৱৰি ৰখা এক আৱৰণ।

২০) ভূ-পৃষ্ঠৰ লগতে লাগি থকা স্তৰটোৰ নাম কি?

উত্তৰঃ ভূ-পৃষ্ঠৰ লগতে লাগি থকা স্তৰটোৰ নাম হ;ল ট্ৰপ'স্ফিয়েৰ।

Author: Sri Chinmay Kakati



Post ID : DABP005807