ধনৰ ব্যৱহাৰ

অধ্যায় ১

চমু প্ৰশ্ন উত্তৰঃ

১। সত্যনাথ বৰা ক'ত আৰু কিমান চনত জন্ম লাভ কৰিছিল?

উত্তৰঃ সত্যনাথ বৰা  ১৮৬০ চনত গুৱাহাটীৰ ভৰলুমুখত জন্ম লাভ কৰে।


২। সত্যনাথ বৰাই কিমান চনত বি. এল. পৰীক্ষাত উত্তীৰ্ণ হয়?

উত্তৰঃ সত্যনাথ বৰাই ১৮৮৯ চনত বি. এল. পৰীক্ষাত উত্তীৰ্ণ হয়।


৩। সত্যনাথ বৰাৰ প্ৰথমখন গ্ৰন্থৰ নাম কি আৰু কিমান চনত প্ৰকাশ পাইছিল?

উত্তৰঃ সত্যনাথ বৰাৰ প্ৰথমখন গ্ৰন্থৰ নাম 'গীতাৱলী' আৰু ১৮৮৮ চনত প্ৰকাশ  পাইছিল।


৪। ১৯০১ চনত প্ৰকাশ পোৱা 'জোনাকী' আলোচনীখন কোনে সম্পাদনা কৰিছিল?

উত্তৰঃ ১৯০১ চনত প্ৰকাশ পোৱা 'জোনাকী' আলোচনীখন সত্যনাথ বৰা সম্পাদনা কৰিছিল।


৫। অসমীয়া সাহিত্যত সত্যনাথ বৰাদেৱ আৰু কি নামেৰে পৰিচিত?

উত্তৰঃ অসমীয়া সাহিত্যত সত্যনাথ বৰাদেৱ 'বেকন' নামেৰে পৰিচিত।


৬। সত্যনাথ বৰাদেৱে ৰচনা কৰা ব্যাকৰণখনিৰ নাম কি?

উত্তৰঃ সত্যনাথ বৰাদেৱে ৰচনা কৰা ব্যাকৰণখনিৰ নাম- 'বহল ব্যাকৰণ' ।


৭। অসমীয়া সাহিত্যত বিজ্ঞান বিষয়ক প্ৰথম গ্ৰন্থখনৰ নাম কি আৰু গ্ৰন্থখনৰ ৰচক কোন?

উত্তৰঃ অসমীয়া সাহিত্যত বিজ্ঞান বিষয়ক প্ৰথম গ্ৰন্থখনৰ নাম- 'আকাশ ৰহস্য' আৰু গ্ৰন্থখনৰ ৰচক হৈছে- সত্যনাথ বৰা।


৮। সত্যনাথ বৰাদেৱৰ ৰচিত সমালোচনামূলক পুথি এখনৰ নাম লিখা।

উত্তৰঃ সত্যনাথ বৰাদেৱৰ ৰচিত সমালোচনামূলক পুথি এখন হৈছে- 'সাহিত্য বিচাৰ'।


৯। সত্যনাথ বৰাৰ এখন প্ৰবন্ধ পুথিৰ নাম কি?

উত্তৰঃ সত্যনাথ বৰাৰ এখন প্ৰবন্ধ পুথিৰ নাম- 'চিন্তাকলি'।


১০। কৃপণ কাক বোলে?

উত্তৰঃ যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰৰ নিকাৰ ভুঞ্জে। এইবিলাক মানুহক সাধাৰণ কথাত কৰাইচ, কট্কিনা বা কৃপণ বোলে।


১১। ধনেৰে কি ধৰণৰ সুখ-সম্পদৰ আহিলাপাতি গোটাব পাৰি?

উত্তৰঃ ধনেৰে ভোজনৰ বাবে ভাল বস্তু, পিন্ধনৰ ভাল কাপোৰ, বাসৰ ভাল ঘৰ, আৰু হাতী-ঘোঁৰা, গাড়ী-দোলা, বন্দী-বেটী আদি কৰি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ'লে গোটাই আনি উপভোগ কৰিব পাৰি।


১২। উত্তম ভোজন, উত্তম পিন্ধন, দান-দক্ষিণা আদিক কৃপণে কি বুলি বিবেচনা কৰে?

উত্তৰঃ কৃপণে উত্তম ভোজন খঁক, উত্তম পিন্ধন গপ, আৰু দান-দক্ষিণাক ধনৰ অপব্যয় মাথোন বুলি বিবেচনা কৰা হয়।


১৩। কৃপণ সকলে ল'ৰা-ছোৱালী, তিৰোতাসকলৰ প্ৰতি কেনে ব্যৱহাৰ কৰে?

উত্তৰঃ কৃপণ সকলে ল'ৰা-ছোৱালী তিৰোতাক ধনতকৈও হীন বুলি ভাবে। তেওঁলোকে নিজে যেনেকৈ খৰচৰ ভয়ত ধন বান্ধি থৈ দুখ ভোগ কৰে, ল'ৰা ছোৱালীকো সেইদৰে খাৱন পিন্ধনত দুখ দিয়ে। এক শ্ৰেণীৰ কৃপণে আকৌ সন্তান সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থ'বৰ মনেৰে কৃপণালি কৰে। 


১৪। কোনবোৰ মানুহক লেখকে অষ্টম দৰিদ্ৰৰ নিকাৰত ভোগা বুলি কৈছে?

উত্তৰঃ  কৰাইচ্ -কৃপণ লোকসকলক  লেখকে অষ্টম দৰিদ্ৰৰ নিকাৰত ভোগা বুলি কৈছে।


১৫। লেখকে কাৰ জীৱনক কুকুৰৰ জীৱন বুলি কৈছে?

উত্তৰঃ লেখকে কৃপণৰ ভাতলৈ আশা কৰা লোকৰ জীৱনক  কুকুৰৰ জীৱন বুলি কৈছে।


১৬। ঋণক কিহৰ লগত ৰিজাব পাৰি?

উত্তৰঃ ঋণক ব্যাধিৰ লগত ৰিজাব পাৰি।


১৭। কোনবোৰ মানুহ অচিৰে ধোঁৱাখুলীয়া  হয়?

উত্তৰঃ সদায় ধাৰত চলা মানুহ অচিৰে ধোঁৱাখুলীয়া হয়।


১৮। মানুহৰ কেতিয়া অৱস্থাৰ উন্নতি নহয়?

উত্তৰঃ মানুহৰ ঋণ থাকিলে অৱস্থাৰ উন্নতি নহয়।


১৯। ''ধনৰ ব্যৱহাৰ'' শীৰ্ষক পাঠটি ক'ৰ পৰা লোৱা হৈছে?

উত্তৰঃ ''ধনৰ ব্য়ৱহাৰ'' শীৰ্ষক পাঠটি সত্যনাথ বৰাৰ ''সাৰথি'' নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে।


২০। নিহালী মানে কি?

উত্তৰঃ নিহালী মানে হৈছে- জাৰত গাত ল'ব পৰা লেপৰ দৰে আৱৰণ।


২১। চভিয়া মানে কি?

উত্তৰঃ চভিয়া মানে হৈছে- ইন্দ্ৰিয়।


২২। অষ্টম দৰিদ্ৰ মানে কি?

উত্তৰঃ অষ্টম দৰিদ্ৰ মানে হৈছে- অতি দুখীয়া।


২৩। ধোঁৱাখুলীয়া মানে কি?

উত্তৰঃ ধোঁৱাখুলীয়া মানে- অতি খৰচী।


২৪। যতোৱা মানে কি?

উত্তৰঃ যতোৱা মানে হৈছে- প্ৰস্তুত কৰা, বা সাজু কৰা।


২৫। উপাসা মানে কি?

উত্তৰঃ উপাসা মানে হৈছে- ভৰসা।


        

                                                                                                                                            Author: Pompi Hazarika