অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ

অধ্যায় ২

চমু প্ৰশ্ন উত্তৰঃ

১। 'ৰায়চাহাব’ খিতাপেৰে বিভূষিত ব্যক্তিগৰাকীৰ নাম কি?

উত্তৰঃ 'ৰায়চাহাব’ খিতাপেৰে বিভূষিত ব্যক্তিগৰাকীৰ নাম পদ্মনাথ গোহাঞিবৰুৱা ৷

২। পদ্মনাথ গোহাঞিবৰুৱাৰ  জন্ম কিমান চনত হৈছিল?

উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱা জন্ম ১৯৭১ চনত হৈছিল। 

৩। পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা আলোচনী কেইখনৰ নাম লিখা।

উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা আলোচনী কেইখনৰ নাম- 'বিজুলী', 'আসাম বন্তি', ''উৰ্ষা'।

৪। পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা উপন্যাস দুখনৰ নাম লিখা।

উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা উপন্যাস দুখনৰ নাম হৈছে- 'ভানুমতী' আৰু 'লাহৰি'।

৫। পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা নাটক কেইখনৰ নাম কি?

উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা নাটক কেইখনৰ নাম- 'গাঁওবুঢ়া', 'টেটোন তামুলী', 'জয়মতী', 'গদাধৰ', 'সাধনী' আৰু 'লাচিত বৰফুকন'।

৬। পদ্মনাথ গোহাঞিবৰুৱাৰ তত্ত্বমূলক গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাৰ তত্ত্বমূলক গ্ৰন্থখনৰ নাম- 'শ্ৰী কৃষ্ণ'।

৭। পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি?

উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম- ' মোৰ সোঁৱৰণী' ।

৮। পদ্মনাথ গোহাঞিবৰুৱা কিমান চনত স্থাপিত হোৱা অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিলে?

উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱা ১৯১৭ চনত স্থাপিত হোৱা অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল।

৯। 'অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ' পাঠটি ক'ৰ পৰা লোৱা হৈছে?

উত্তৰঃ   'অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ' পাঠটি পদ্মনাথ গোহাঞিবৰুৱাৰ 'মোৰ সোঁৱৰণী' গ্ৰন্থৰ পৰা লোৱা হৈছে।

১০।  কোনে লৰ্ড ৰীডিং চাহাবলৈ ভাৰতবাসীৰ হৈ এখন বৰ দীঘলীয়া পত্ৰ লিখে।

উত্তৰঃ ভাৰত-গৱৰ্ণৰ জেনেৰেল লৰ্ড ৰীডিং চাহাবলৈ ভাৰতবাসীৰ হৈ এখন বৰ দীঘলীয়া পত্ৰ লিখে।

১১। "সূতা ঘৰত কটা নহয়, দোকানৰ পৰা কিনি আনি ঘৰত পোৱা কাপোৰহে।" কথাষাৰ কোনে কাৰ আগত কৈছিল?

উত্তৰঃ "সূতা ঘৰত কটা নহয়, দোকানৰ পৰা কিনি আনি ঘৰত পোৱা কাপোৰহে।" কথাষাৰ পদ্মনাথ গোহাঞিবৰুৱাই মহাত্মা গান্ধীক কৈছিল।

১২। মহাত্মা গান্ধীয়ে কেতিয়া পোন প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল?

উত্তৰঃ মহাত্মা গান্ধীয়ে ইংৰাজী ১৯২১ চনত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল।

১৩। 'আগৰৱালা পকী' ক'ত অৱস্থিত?

উত্তৰঃ 'আগৰৱালা পকী' তেজপুৰ চহৰত অৱস্থিত।

১৪। মহামানৱিক অৰ্থ কি?

উত্তৰঃ মহৎ মনুষ্যসুলভ, মানুহ সম্বন্ধীয় উচ্চ ধাৰণা।

১৫। বিৰ-দি-বাট-নোপোৱা অৰ্থ কি?

উত্তৰঃ বিৰ-দি-বাট-নোপোৱা মানে- মানুহৰ জুমৰ মাজেদি বাট উলিয়াব নোৱৰা অৱস্থা হোৱা।

১৬। মৌচেপা অৰ্থ কি?

উত্তৰঃ মৌচেপা মানে- ধাৰাসাৰ।

১৭। আপাদমস্তক অৰ্থ কি?

উত্তৰঃ আপাদমস্তক অৰ্থ হৈছে- ভৰিৰ পৰা মূৰলৈ।

১৮। গান্ধীভাৰী জাহাজৰ অৰ্থ কি?

উত্তৰঃ গান্ধীভাৰী জাহাজৰ অৰ্থ হৈছে- গান্ধীজী অহা জাহাজখন।

১৯। বোট অৰ্থ কি?

উত্তৰঃ বোট অৰ্থ হৈছে- Boat,  নাও।

২০। ভিৰাই অৰ্থ কি?

উত্তৰঃ ভিৰাই অৰ্থ হৈছে- বেগাই।

২১। তেতিক্ষণে অৰ্থ কি?

উত্তৰঃ তেতিক্ষণে অৰ্থ হৈছে- তেতিয়াই, বা ততালিকে।

২২। কদম অৰ্থ কি?

উত্তৰঃ কদম অৰ্থ হৈছে- খোজ।

২৩। আলধৰা অৰ্থ কি?

উত্তৰঃ আলধৰা অৰ্থ হৈছে- লগুৱা, বা আলপৈচান ধৰা ল'ৰা।

২৪। কৃষ্ণভঙ্গী অৰ্থ কি?

উত্তৰঃ কৃষ্ণভঙ্গী অৰ্থ হৈছে- শ্ৰীকৃষ্ণই কৰা শৰীৰৰ ভাঁজ বা ভংগিমা।

২৫। পোৱাঘণ্টা অৰ্থ কি?

উত্তৰঃ পোৱাঘণ্টা অৰ্থ হৈছে- এঘণ্টাৰ চাৰিভাগৰ এভাগ অৰ্থাৎ ১৫ মিনিট।

২৬। সতৰঞ্চি অৰ্থ কি?

উত্তৰঃ সতৰঞ্চি হৈছে- নানা বৰণীয়া কপাহী দলিচা।

২৭। মজ্লিচ্ অৰ্থ কি?

উত্তৰঃ মজ্লিচ্ অৰ্থ হৈছে- সভা, বা বৈঠক।



Author: Pompi Hazarika






Post ID: DABP005483