প্ৰাকৃতিক সম্পদ আৰু অসম

Chapter 11 
১) সম্পদ বুলি কাক কোৱা হয় ?

উত্তৰ ঃ মানুহৰ অভাৱ পূৰণ কৰা দ্ৰব্য বা বস্তুকে সৰল অৰ্থত সম্পদ বুলি কোৱা হয় । 


২) প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা ?
উত্তৰ ঃ
সাধাৰণতে মানুহে প্ৰকৃতিৰপৰা পোৱা সকলো সম্পদকে প্ৰকৃতিক সম্পদ বোলে ।


৩) ব্যৱহাৰ উপযোগী বস্তুক কি বুলি কোৱা হয় ?
উত্তৰ ঃ
  ব্যৱহাৰ উপযোগী বস্তুক সম্পদ বুলি কোৱা হয়।


৪) প্ৰাকৃতিক সম্পদক প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰো আৰু কি কি ?
উত্তৰ ঃ
প্ৰাকৃতিক সম্পদক প্ৰধানকৈ তিনিটা ভাগত ভগাব পাৰো আৰু সেয়া হ'ল (i) বনজ সম্পদ  (ii) জলজ সম্পদ (iii) খনিজ সম্পদ।


৫) ভাৰত চৰকাৰে কিমান চনত বন সংৰক্ষণ আৰু উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় বন নীতি ঘোষণা কৰিছে ?
উত্তৰ ঃ
ভাৰত চৰকাৰে 1952 চনত বন সংৰক্ষণ আৰু উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় বন নীতি ঘোষণা কৰিছে।


৬) তেল শোধনাগাৰ স্থাপন কত কত আছিল ?
উত্তৰ ঃ তেল শোধনাগাৰ স্থাপন আছিল গুৱাহাতী, বঙাইগাঁও আৰু নুমলীগড়ত ।


৭) কি গেছ অসমৰ আন এক খনিজ সম্পদ ?
উত্তৰ ঃ
প্ৰাকৃতিক  গেছ অসমৰ আন এক খনিজ সম্পদ ।


৮) অসমৰ কি গেছৰ ওপৰত নিৰ্ভৰ কৰিয়েই ডিব্ৰুগড়ৰ লেপেটকটাত গেছ ক্ৰেকাৰ প্ৰকল্প স্থাপনৰ কাম-কাজ আৰম্ভ হৈছে ?
উত্তৰ ঃ
অসমৰ প্ৰাকৃতিক গেছৰ ওপৰত নিৰ্ভৰ কৰিয়েই ডিব্ৰুগড়ৰ লেপেটকটাত গেছ ক্ৰেকাৰ প্ৰকল্প স্থাপনৰ কাম-কাজ আৰম্ভ হৈছে।


৯) অসমৰ খনিজ সম্পদৰ ভঁৰাল চহকী কৰা আন এটা সম্পদ কি ?
উত্তৰ ঃ
অসমৰ খনিজ সম্পদৰ ভঁৰাল চহকী কৰা আন এটা সম্পদ হ'ল চূণশিল।


১০) চূণশিলক কেঁচামাল হিচাবে লৈ ক'ত চিমেণ্ট উদ্যোগ গঢ়ি উঠিছে ?
উত্তৰঃ
  চূণশিলক কেঁচামাল হিচাবে লৈ বোকাজানত চিমেণ্ট উদ্যোগ গঢ়ি উঠিছে।


১১) অসমৰ আন এটা উল্লেখযোগ্য খনিজ সম্পদ কি ?
উত্তৰঃ 
অসমৰ আন এটা উল্লেখযোগ্য খনিজ সম্পদ হ'ল খাৰুৱা তেল।


১২) অসমৰ ডিগবৈ তেল শোধনাগাৰটো কিমান চনত ভাৰতৰ ভিতৰত প্ৰথম তেল শোধনাগাৰ হিচাবে প্ৰতিষ্ঠা কৰা হৈছিল ?
উত্তৰ ঃ
অসমৰ ডিগবৈ তেল শোধনাগাৰটো 1901 চনত ভাৰতৰ ভিতৰত প্ৰথম তেল শোধনাগাৰ হিচাবে প্ৰতিষ্ঠা কৰা হৈছিল ।


১৩) অসমৰ হাবিত প্ৰায় কিমান বিধমান আপুৰুগীয়া কপৌফুল পোৱা যায় ?
উত্তৰঃ 
অসমৰ হাবিত প্ৰায় 400 বিধমান আপুৰুগীয়া কপৌফুল পোৱা যায়।


১৪) অসমৰ হাবিত পোৱা ভাৰতৰ ভিতৰত আটাইতকৈ ওখ গছজোপাৰ নাম কি ?
উত্তৰঃ
অসমৰ হাবিত পোৱা ভাৰতৰ ভিতৰত আটাইতকৈ ওখ গছজোপাৰ নাম হ'ল মকাৰি শাল।


১৫) অসমৰ বনজ সম্পদক কেন্দ্ৰ কৰি গঢ়ি উঠা বিভিন্ন উদ্যোগৰ ভিতৰত এখন উল্লেখযোগ্য উদ্যোগৰ নাম লিখা ?
উত্তৰঃ
অসমৰ বনজ সম্পদক কেন্দ্ৰ কৰি গঢ়ি উঠা বিভিন্ন উদ্যোগৰ ভিতৰত এখন উল্লেখযোগ্য উদ্যোগৰ নাম হ'ল জুইশাল উদ্যোগ ।






Type By : Dimpi Bora        



Post ID : DABP005782