বসতি ঃ গ্ৰাম্য় জীৱন আৰু নগৰীয়া জীৱন

Chapter 4

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

1. গাঁৱৰ সৃষ্টি কেনেদৰে হৈছে ?

উত্তৰঃ কৃষি কাৰ্যক কেন্দ্ৰ কৰি মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লৈ গাঁৱৰ সৃষ্টি কৰিছে। 


2. গ্ৰামাঞ্চলৰ কিমান শতাংশ লোক কৃষি কাৰ্যত নিয়োজিত হৈ থাকে ?

উত্তৰঃ গ্ৰামাঞ্চলৰ  ৭০ শতাংশ লোক কৃষি কাৰ্যত নিয়োজিত হৈ থাকে।


3. অসমৰ গ্ৰামাঞ্চলৰ মানুহে কি কি খেতি কৰে ?

উত্তৰঃ অসমৰ গ্ৰামাঞ্চলৰ মানুহে ধান, মৰাপাট, সৰিয়হ, তিল, মাহ আদি খেতি কৰে। 


4. আমাৰ অসমৰ কৃষি কাৰ্য কিহৰ ওপৰত নিৰ্ভৰশীল ?

উত্তৰঃ আমাৰ অসমৰ কৃষি কাৰ্য প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল।


5. ধৰ্মীয় নগৰ দুখনৰ নাম লিখা? 

উত্তৰঃ ধৰ্মীয় নগৰ দুখনৰ নাম হ'ল- তিৰুপতি আৰু পুৰী।


6. চিকিৎসা নগৰ এখনৰ নাম লিখা?

উত্তৰঃ চিকিৎসা নগৰ এখনৰ নাম হ'ল- ভেলোৰ।


7. নগৰীকৰণ প্ৰক্ৰিয়া বুলিলে কি বুজা ?

উত্তৰঃ গ্ৰাম্য় বসতিৰ পৰা নগৰীয়া বসতি বা সৰু নগৰে বিস্তাৰ লাভ কৰি ডাঙৰ নগৰ হোৱাৰ যি প্ৰক্ৰিয়া তাকে সৰল অৰ্থত নগৰীকৰণ প্ৰক্ৰিয়া বোলে। 


8. আমাৰ ভাৰতত নগৰ এখন হ'বলৈ হ'লে কিমান জনসংখ্য়া লাগে ?

উত্তৰঃ আমাৰ ভাৰতত নগৰ এখন হ'বলৈ হ'লে ৫৫০০ জন লাগে।


9. মহানগৰ বুলিলে কি বুজা ?

উত্তৰঃ দেশত এক লাখতকৈ অধিক জনসংখ্য়া থকা পৌৰ প্ৰশাসিত এলেকাক মহানগৰ বোলে।


10. অতি মহানগৰ বুলিলে কি বুজা ?

উত্তৰঃ এক নিযুতৰ পৰা পাঁচ নিযুত জনসংখ্য়া থকা পৌৰবসতিক অতি মহানগৰ বোলে।


11. মেগাল'পলিছ বুলিলে কি বুজা ?

উত্তৰঃ একোখন মহানগৰ কেন্দ্ৰ কৰি তাৰ উপকণ্ঠ অঞ্চলৰ ভালেমান সৰু-বৰ নগৰ লগ হৈ একোটা নগৰপুঞ্জৰ সৃষ্টি কৰে তাক মেগাল'পলিছ বোলে।


12. সিন্ধু নদীৰ উপত্য়কাত কোন দুখন নগৰ আৱিষ্কাৰ হৈছিল ?

উত্তৰঃ সিন্ধু নদীৰ উপত্য়কাত হৰপ্পা আৰু মহেঞ্জোদাৰো নগৰ আৱিষ্কাৰ হৈছে।


13. উৎপত্তিৰ যুগ অনুসৰি ভাৰতৰ নগৰসমূহক কেইটা ভাগত ভগোৱা হৈছে আৰু কি কি ?

উত্তৰঃ উৎপত্তিৰ যুগ অনুসৰি ভাৰতৰ নগৰসমূহক তিনিটা ভাগত ভগোৱা হৈছে। সেইকেইটা হ'ল- প্ৰাচীন নগৰ, মধ্য়যুগীয় নগৰ, আধুনিক নগৰ।


14. প্ৰাচীন নগৰৰ ভিতৰত কি কি নগৰ পৰে?

উত্তৰঃ প্ৰাচীন নগৰৰ ভিতৰত বাৰাণসী, প্ৰয়াগ, পুৰী, মাদুৰাই আদি।


15. যমজ চহৰ বুলিলে কি বুজা  উদাহৰণ দিয়া?

উত্তৰঃ ওচৰা-উচৰিকৈ থকা দুখন চহৰ মিলিত হ'লে তাক দ্বৈত বা যমজ চহৰ বোলে। উদাহৰণস্বৰূপে- হায়দৰাবাদ-চেকেন্দাবাদ, কলকাতা-হাওড়া।


16. অসম প্ৰধানকৈ কি ৰাজ্য় ?

উত্তৰঃ অসম প্ৰধানকৈ কৃষিভিত্তিক ৰাজ্য়।


17. অসমত পৌৰ প্ৰশাসনৰ দ্বাৰা পৰিচালিত পূৰ্ণ পৰ্যায়ৰ নগৰ সংখ্য়া কিমান ?

উত্তৰঃ অসমত পৌৰ প্ৰশাসনৰ দ্বাৰা পৰিচালিত পূৰ্ণ পৰ্যায়ৰ নগৰ সংখ্য়া ৮৪ খন।


18. অসমৰ বেছিভাগ নগৰ কোনটো উপত্য়কাত অৱস্থিত ?

উত্তৰঃ অসমৰ বেছিভাগ নগৰ ব্ৰহ্মপুত্ৰ উপত্য়কাত অৱস্থিত।


19. গ্ৰাম্য় আৰু নগৰীয়া জীৱন-যাপন প্ৰণালী উন্নত কৰাৰ বাবে চৰকাৰে লোৱা আঁচনি দুখনৰ নাম কি কি ?

উত্তৰঃ গ্ৰাম্য় আৰু নগৰীয়া জীৱন-যাপন প্ৰণালী উন্নত কৰাৰ বাবে চৰকাৰে লোৱা আঁচনি দুখনৰ নাম হ'ল- ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান।

 

20. চৰকাৰে লোৱা এই আঁচনি দুখনৰ মূল উদ্দেশ্য় কি ?

উত্তৰঃ চৰকাৰে লোৱা এই আঁচনি দুখনৰ মূল উদ্দেশ্য় হ'ল- দৰিদ্ৰ শ্ৰেণীক আৰ্থিক সহযোগিতা আগবঢ়োৱা, দক্ষতা সম্পন্ন লোকক নিয়োগৰ সুবিধা প্ৰদান কৰা আৰু ঘৰুৱা আয় বৃদ্ধি কৰা আদি।


Type- Rajashri Bora 

   






Post ID: DABP005740