Chapter 5
মধ্য য়ুগৰ অসমৰ অৰ্থনৈতিক অৱস্থা

১) খ্ৰিষ্টীয় তেৰ শতিকাৰ প্ৰথমভাগত মুছলমানসকলে কি ৰাজ্য আক্ৰমণ কৰে ?
উত্তৰ ঃ  খ্ৰিষ্টীয় তেৰ শতিকাৰ প্ৰথমভাগত মুছলমানসকলে কামৰূপ ৰাজ্য আক্ৰমণ কৰে।


২) প্ৰাচীন কামৰূপ ৰাজ্য কেইটা ভাগত বিভক্ত আছিল আৰু কি কি ?
উত্তৰ ঃ   প্ৰাচীন কামৰূপ ৰাজ্য চাৰিটা ভাগত বিভক্ত আছিল আৰু সেয়া হ'ল ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ ।


৩) ব্ৰহ্মপুত্ৰৰ কি পাৰে দিখৌ আৰু কলং নদীৰ মাজৰ অঞ্চলত ৰাজ্য স্থাপন কৰে ?
উত্তৰ ঃ ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে দিখৌ আৰু কলং নদীৰ মাজৰ অঞ্চলত ৰাজ্য স্থাপন কৰে।


৪) ব্ৰহ্মপুত্ৰ কি পাৰে চিতীয়াসকলে ৰাজত্ব কৰিছিল ?
উত্তৰ ঃব্ৰহ্মপুত্ৰ উত্তৰপাৰে চিতীয়াসকলে ৰাজত্ব কৰিছিল।


৫) অৱশিষ্ট ৰাজ্যখনৰ নাম কি ?
উত্তৰ ঃ অৱশিষ্ট ৰাজ্যখনৰ নাম হ'ল কমতা ৰাজ্য বা কামৰূপ-কমতা ।


৬) কিমান খ্ৰি.ত বংগৰ নবাব হুছেইন ছাহৰ আক্ৰমণৰ লগে লগে কমতা ৰাজ্য অন্ত পৰে ?
উত্তৰ ঃ 1498 খ্ৰি.ত বংগৰ নবাব হুছেইন ছাহৰ আক্ৰমণৰ লগে লগে কমতা ৰাজ্য অন্ত পৰে।


৭) ষোল শতিকাৰ আৰম্ভণিতে কিমান খ্ৰি.ত কোচ ৰাজ্যৰ জন্ম হয় ?
উত্তৰ ঃ  ষোল শতিকাৰ আৰম্ভণিতে 1515 খ্ৰি.ত কোচ ৰাজ্যৰ জন্ম হয়।


৮) প্ৰাচীম কামৰূপ ৰাজ্য মূলতঃ কেইখন প্ৰধান ৰাজ্যত বিভক্ত হৈছিল আৰু কি কি ?
উত্তৰ ঃ প্ৰাচীম কামৰূপ ৰাজ্য মূলতঃ দুখন প্ৰধান ৰাজ্যত বিভক্ত হৈছিল আৰু সেয়া হল আহোম আৰু কোচ ৰাজ্য ।


৯)মধ্য যুগ বুলি কেটিয়া গণ্য কৰা হয় ?
উত্তৰঃ সাধাৰণতে খ্ৰিষ্টীয় ছয় শতিকাৰপৰা ষোল শতিকাৰ মাজৰ এহাজাৰ বছৰীয়া সময়ছোৱাকে পৃথিৱীৰ ইতিহাসৰ মধ্য যুগ বুলি গণ্য কৰা হয়।


১০) মধ্য যুগৰ অসমৰ অধিবাসীসকলৰ প্ৰধান বৃত্তি কি আছিল ?
উত্তৰ ঃ 
মধ্য যুগৰ অসমৰ অধিবাসীসকলৰ প্ৰধান বৃত্তি আছিল কৃষি ।


১১) ধান খেতিৰ প্ৰধান ভাগ কেইটা আৰু কি কি ?
উত্তৰ ঃ 
ধান খেতিৰ প্ৰধান ভাগ দুটা আৰু সেইয়াৈ হল শালি খেতি আৰু আহু খেতি ।


১২) বছৰৰ ফাগুন, চ'ত, ব'হাগ আৰু জেঠ মাহৰ সময়ছোৱাত কৰা ধান খেতিবিধ কি খেতি ?
উত্তৰ ঃ 
বছৰৰ ফাগুন, চ'ত, ব'হাগ আৰু জেঠ মাহৰ সময়ছোৱাত কৰা ধান খেতিবিধ হ'ল আহু খেতি।


১৩) ভাতৰ বাবে উপযোগী ধানবোৰ কি কি ?
উত্তৰ ঃ ভাতৰ বাবে উপযোগী ধানবোৰ হ'ল মনোহৰ শালি, গেজেপ শালি, শিয়াল শালি আদি।


১৪) ধান জমা কৰি ৰখা ঘৰটোক কি বোলা হৈছিল ?
উত্তৰ ঃ 
ধান জমা কৰি ৰখা ঘৰটোক ভঁৰাল বোলা হৈছিল ।


১৫) মৰণা কাক বোলে ?
উত্তৰ ঃ গৰু, ম'হৰ ভৰিৰে খচকি ধানৰ গুটিবোৰ গছৰ আগ অংশৰপৰা পৃথক কৰা কামটোক মৰণা মৰা বোলে।


১৬) পাহাৰীয়া অঞ্চলৰ অধিবাসীসকলে কি পদ্ধতিৰে খেতি কৰিছিল ?
উত্তৰ ঃ 
পাহাৰীয়া অঞ্চলৰ অধিবাসীসকলে 'ঝুম' পদ্ধতিৰে খেতি কৰিছিল।

১৭) ঝুম খেতি মানে কি ?
উত্তৰ ঃ পাহৰৰ এঢলীয়া অংশত খলপ কাটি কৰা এই কৃষি কাৰ্যকে ঝুম খেতি বোলা হয়।


১৮) পাইক কাক বোলে ?
উত্তৰ ঃ আহোম শাসনৰ নিয়ম অমুসৰি পোন্ধৰৰপৰা পঞ্চাছ বছৰ বয়সৰ সকলো কৰ্মঠ পুৰুষকে পাইক বোলা হৈছিল।


১৯) পীৰপাল ভূমি মানে কি ?
উত্তৰ ঃ ইছলাম ধৰ্মৰ মছজিদ আৰু ছুফী সাধু পীৰসকলক দান দিয়া ভূমি-সম্পত্তিক পীৰপাল ভূমি বোলা হৈছিল ।






Type : Dimpi Bora





post ID : DABP005739