আহোম ৰাজ্য়

Chapter 7

১। উত্তৰ লিখাঃ 

ক) কিমান চনত চুকাফাই মাও লুং ত্য়াগ কৰিছিল ?

উত্তৰঃ ১২১৫ খ্ৰীঃত চুকাফাই মাও লুং ত্য়াগ কৰিছিল। 


খ)  ১২২৮ খ্ৰীঃত কোনে ব্ৰহ্মপুত্ৰ উপত্য়কাত প্ৰৱেশ কৰিছিল ?

উত্তৰঃ ১২২৮ খ্ৰীঃত চুকাফাই ব্ৰহ্মপুত্ৰ উপত্য়কাত প্ৰৱেশ কৰিছিল। 


গ) চুকাফা ৰাজধানী ক'ত আছিল ?

উত্তৰঃ চুকাফা ৰাজধানী চৰাইদেউত আছিল ।


ঘ) কেতিয়া চুকাফা মৃত্য়ু হৈছিল ?

উত্তৰঃ ১২৬৮ খ্ৰীঃত চুকাফা মৃত্য়ু হৈছিল ।


ঙ)  গড়গঞা ৰজা কোন আছিল ?

উত্তৰঃ গড়গঞা ৰজা আছিল চুক্লেনমুং। 


চ) কোনে ৰংপুৰত কাৰেংঘৰ নিৰ্মাণ কৰিছিল ?

উত্তৰঃ প্ৰমত্ত সিংহই ৰংপুৰত কাৰেংঘৰ নিৰ্মাণ কৰিছিল। 


ছ) চুতুফাক কোনে চক্ৰান্ত কৰি নৈত বুৰাই হত্য়া কৰিছিল ?

উত্তৰঃ চুতুফাক চুতীয়া ৰজা শংখধ্বজে চক্ৰান্ত কৰি নৈত বুৰাইহত্য়া কৰিছিল।

 

জ) কোন জন ৰজাই নিজৰ দেউতাকক হত্য়া কৰিছিল ?

উত্তৰঃ চুক্লেনমুঙে  ৰতিৰাম নামৰ লোক এজনৰ হতুৱাই নিজৰ দেউতাকক হত্য়া কৰিছিল।

 

ঝ) কোনে সোণ আৰু ৰূপৰ মুদ্ৰা তৈয়াৰ কৰিছিল ?

উত্তৰঃ জয়ধ্বজ সিংহই সোণ আৰু ৰূপৰ মুদ্ৰা তৈয়াৰ কৰিছিল। 


ঞ) মোৱামৰীয়া বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল ?

উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহ ১৭৬৯ খ্ৰীঃ ত আৰম্ভ হৈছিল। 


২। চুকাফাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ চুকাফাঃ  চুকাফাই ১২১৫ খ্ৰীঃত নিজৰ আদিৰ বাসস্থান মাও লুং ত্য়াগ কৰি নতুন ৰাজ্য় প্ৰতিষ্ঠা কৰিবলৈ পশ্চিম দিশলৈ আগবাঢ়িৰ গৈছিল। তেওঁ ১৩ বছৰ কাল পাটকাই পৰ্বতৰ সিপাৰত নগাজাতীৰ লোকসকলৰ লগত যুদ্ধ কৰি ১২২৮ খ্ৰীঃত তেওঁ ব্ৰহ্মপুত্ৰ উপত্য়কাত প্ৰৱেশ কৰে। ১২৫৩ খ্ৰীঃত তেওঁ চৰাইদেউত ৰাজধানী পাতি স্থায়ীভাৱে বসবাস কৰিছিল। চুকাফাই মৰাণ আৰু বৰাহী লোকসকলৰ লগত মিত্ৰতাৰ স্থাপন কৰিছিল। তেওঁ ৪০ বছৰ ৰাজত্ব কৰা পিছত ১২৬৮ খ্ৰীঃত মৃত্য়ু হয়।



   




Post ID: DABP005799