ধনবৰ আৰু ৰতনী

অধ্যায় ৩

চমু প্ৰশ্নউত্তৰঃ

১। লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্যৰসাত্মক পুথি কেইখনৰ নাম লিখা ৷

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্যৰসাত্মক পুথি কেইখনৰ নাম- কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ উভতনি, কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰবুৰণি, বৰবৰুৱাৰ বুলনি ৷


২। লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পৰ পুথি কেইখনৰ নাম লিখা ৷

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পৰ পুথি কেইখনৰ নাম- সুৰভি, সাধুকথাৰ কুঁকি, জোনবিৰি, কেহোঁকলি ৷


৩। লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথি কেইখনৰ নাম লিখা ৷

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথি কেইখনৰ নাম- বুঢ়ী আইৰ সাধু,জুনুকা, ককাদেউতা আৰু নাতি ল’ৰা ৷


৪। লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনী পুথি কেইখনৰ নাম লিখা ৷

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনী পুথি কেইখনৰ নাম- দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত  জীৱন চৰিত, শ্ৰী শ্ৰী শংকৰদেৱ, মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ ৷


৫। লক্ষ্মীনাথ বেজবৰুৱাৰ আলোচনামূলক গ্ৰন্থ কেইখনৰ নাম লিখা ৷

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ আলোচনামূলক গ্ৰন্থ কেইখনৰ নাম- The Religion of Love and Devotion, শ্ৰীকৃষ্ণকথা, কামত কৃতিত্ব লভিবৰ সংকেত, ভাগৱত কথা ৷


৬। লক্ষ্মীনাথ বেজবৰুৱা কিমান চনৰ অসম সাহিত্য সভাৰ সভাপতি আছিল? এই অধিৱেশন ক’ত হৈছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ১৯২৪ চনৰ অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ সভাপতি আছিল ৷


৭। ধনবৰ আৰু ৰতনীৰ প্ৰেমৰ অন্তৰায় কোন আছিল?

উত্তৰঃ ৰতনীৰ মাক-দেউতাক।


৮। ব্ৰহ্মপুত্ৰৰ পাৰত বহি কোনে কান্দি আছিল?

উত্তৰঃ পাৰত বহি ধনবৰে কান্দি আছিল।


৯। কবিয়ে কাক ধনাইৰ 'কাল শতৰু' বুলি কৈছিল?

উত্তৰঃ ৰতনীক।


১০। 'ধনবৰ আৰু ৰতনী' কোন শ্ৰেণীৰ কবিতা?

উত্তৰঃ 'ধনবৰ আৰু ৰতনী' কাল্পনিক মালিতা (আখ্যানমূলক গীতি কবিতা) শ্ৰেণীৰ কবিতা।


১১। ৰতনীৰ ঘৰ ক'ত আছিল?

উত্তৰঃ ধনশিৰিৰ পাৰত।


১২। মালিতা কাক বোলে? অসমীয়া মালিতাসমূহক কেইটা ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ মালিতা হৈছে আখ্যানমূলক গীত। ইয়াৰ মাজেদি একোটা আখ্যান বৰ্ণনা কৰা হয়। ইংৰাজীত ইয়াক 'বেলাড' বুলি কোৱা হয়। অসমীয়া মালিতাবোৰক তিনিটা ভাগত ভাগ কৰা হৈছে।

    ইয়াৰ ভাগকেইটা হৈছে- (ক) বুৰঞ্জীমূলক মালিতা

                                        (খ) কিম্বদন্তি বা জনশ্ৰুতিমূলক মালিতা আৰু

                                        (গ) কাল্পনিক মালিতা।


১৩। ধনবৰ আৰু ৰতনী কোন?

উত্তৰঃ ধনবৰ দিখৌমুখৰ এজন ডেকা আৰু ৰতনী হ'ল ধনশিৰিমুখৰ এজীন ঘোড়শী গাভৰু। দুয়ো আছিল প্ৰেমিক প্ৰেমিকা।


১৪।  ধনবৰ ঘৰ ক'ত?

উত্তৰঃ ধনবৰ ঘৰ দিখৌমুখত।


১৫। ধনবৰ কাৰ বুকুত জাহ গ'ল?

উত্তৰঃ ধনবৰ লুইতৰ বুকুতেই জাহ গ'ল।


১৬। ধনবৰৰ আত্মজাহে পৃথিৱীত কি এৰি থৈ গ'ল?

উত্তৰঃ ধনবৰৰ আত্মজাহে পৃথিৱীত শোকৰ বিননি এৰি থৈ গ'ল।


১৭। ভাটি শব্দৰ অৰ্থ কি?

উত্তৰঃ ভাটি শব্দৰ অৰ্থ হৈছে- উজনিৰ বিপৰীত, নৈৰ সোঁতৰ দিশ।


১৮। মাধুৰী শব্দৰ অৰ্থ কি?

উত্তৰঃ মাধুৰী শব্দৰ অৰ্থ হৈছে- মধুৰ গুণ, সৌন্দৰ্য।


১৯। শাখিনী শব্দৰ অৰ্থ কি?

উত্তৰঃ শাখিনী শব্দৰ অৰ্থ হৈছে- কুলক্ষণী তিৰোতা।


২০। কুটেশাল শব্দৰ অৰ্থ কি?

উত্তৰঃ কুটেশাল শব্দৰ অৰ্থ হৈছে- কপটীয়া।


২১। বৰাব শব্দৰ অৰ্থ কি?

উত্তৰঃ বৰাব শব্দৰ অৰ্থ হৈছে- বশ কৰিব।


২২। খাগৰি শব্দৰ অৰ্থ কি?

উত্তৰঃ খাগৰি শব্দৰ অৰ্থ হৈছে- এবিধ তৃণজাতীয় উদ্ভিদ।


২৩। জাঁজি শব্দৰ অৰ্থ কি?

উত্তৰঃ জাঁজি শব্দৰ অৰ্থ হৈছে-  উটি অহা বস্তুৰ থূপ (খাগৰিৰ থূপ)।


২৪। কালশতৰু শব্দৰ অৰ্থ কি?

উত্তৰঃ কালশতৰু শব্দৰ অৰ্থ হৈছে- ঘোৰ শত্ৰু।



Author: Pompi Hazarika







Post ID: DABP005889