শৰীৰত খাদ্য়ৰ ব্যৱহাৰ

অধ্যায় - ২

১) ভাত কিহৰ উৎস?

উত্তৰঃ- ভাত কাৰ্ব'হাইড্ৰেটৰ উৎস।


২) ভাত বা চাউলত থকা কাৰ্ব'হাইড্ৰেটৰ নাম কি?

উত্তৰঃ- ভাত বা চাউলত থকা কাৰ্ব'হাইড্ৰেটৰ নাম শ্বেতসাৰ।


৩) পাচন বা হজম প্ৰক্ৰিয়া কাক বোলে?

উত্তৰঃ- খাদ্য জটিল  উপাদানসমূহৰ সৰলীকৰণ কৰা প্ৰক্ৰিয়াটোক পাচন বা হজম প্ৰক্ৰিয়া বোলে।


৪) পৰিপুষ্টি কাক বোলে?

উত্তৰঃ- শৰীৰে প্ৰয়োজন অনুযায়ী খাদ্যৰপৰা বিভিন্ন পুষ্টিদ্ৰব্য আহৰণ কৰে। লগে লগে সেইবোৰ ব্যৱহাৰ উপযোগী কৰি তোলে। এই প্ৰক্ৰিয়াটোক পৰিপষ্টি বোলে।


৫) ভক্ষন মানে কি?

উত্তৰঃ- খাদ্যদ্ৰব্য গ্ৰহণ কৰা কাৰ্যই হ'ল ভক্ষন। 


৬) পাচন প্ৰক্ৰিয়া কাক বোলে?

উত্তৰঃ- জটিল আৰু অদ্ৰৱণীয় খাদ্যবস্তু দেহত সৰল আৰু দ্ৰৱণীয় অৱস্থালৈ পৰিনৰ্তিত হয়। এই প্ৰক্ৰিয়াকে পাচন প্ৰক্ৰিয়া বোলে।


৭) অৱশোষণ প্ৰক্ৰিয়া কাক বোলে?

উত্তৰঃ- পাচনৰ পাছত সৰল দ্ৰৱণীয় খাদ্যবোৰ তেজত শোষণ হয়। এই প্ৰক্ৰিয়াকে অৱশোষণ প্ৰক্ৰিয়া বোলে।


৮) স্বংগীকৰণ কাক বোলে? 

উত্তৰঃ- তেজত অৱশোষিত হোৱা সৰল খাদ্যবোৰ দেহৰ কোষ সমূহহলৈ পৰিবাহিত হয়। অৱশোষত এইবোৰ কোষৰ অংশ হৈ পৰে। এই প্ৰক্ৰিয়াক স্বংগীকৰণ বোলে।


৯) বহিষ্কৰণ কাক বোলে? 

উত্তৰঃ- পাচন নাইবা হজম নোহোৱা অলাগতিয়াল পদাৰ্থবোৰ শৰীৰে বাহিৰলৈ উলিয়াই দিয়ে। ইয়াকে বহিষ্কৰণ বোলে। 


১০) এমিবা কি?

উত্তৰঃ- এমিবা এবিধ হ'ল এককোষী প্ৰাণী সদৃশ জীৱ।


১১)  কূটপদ কাক বোলে?

উত্তৰঃ- এমিবাৰ বহিঃআৱৰণত অতি ক্ষুদ্ৰ আঙুলি সদৃশ অংশ থাকে। এইবোৰক কূটপদ বোলে।


 ১২) এমিবা পাচনক কি আৰু কিয় বোলা হয়? 

উত্তৰঃ- এমিবা পাচনক অন্তঃকোষীয় পাচন বোলা হয়। কাৰণ কোষৰ ভিতৰতে পাচন ক্ৰিয়া সম্পূৰ্ণ হয় বাবে এমিবাৰ পাচনক অন্তঃকোষীয় পাচন বোলা হয়।


১৩) এমিবাৰ পৰিপুষ্টিৰ প্ৰক্ৰিয়াক কি বোলা হয়?

উত্তৰঃ- এমিবাৰ পৰিপুষ্টিৰ প্ৰক্ৰিয়াক ফেগ'চাইট'ছিচ অথবা কোষীয় ভক্ষণো বোলা হয়।


১৪) পাচনতন্ত্ৰ কাক বোলে? 

উত্তৰঃ- খাদ্যৰ পাচনৰ লগত কেইবাবিধ  অংগ জড়িত হৈ আছে। এইবোৰৰ সমষ্টিক পাচনতন্ত্ৰ বোলে।


১৫) পাচন নলী কাক বোলে?

উত্তৰঃ- খাদ্য খোৱাৰ পাছত শৰীৰৰ যিটো পথেৰে ( নলীত) খাদ্যক পাচন,  অৱশোষণ আৰু বৰ্জন ঘটে তাক পাচন নলী বোলা হয়।


১৬) ক্ষুদ্ৰান্ত্ৰ কি?

উত্তৰঃ- ক্ষুদ্ৰান্ত্ৰ হ'ল পাৰস্থলীৰ শেষ মূৰৰপৰা আৰম্ভ হোৱা পাকখোৱা দীঘল নলীসদূশ অংশ। 


১৭) ভিলাই কাক বোলে?

উত্তৰঃ- ক্ষুদ্ৰান্ত্ৰৰ অন্তৰ্ভাগত থকা কোষীয় স্তৰৰপৰা আঙুলি সদূশ বহুত সংখ্যক বাহিৰলৈ ওলাই অহা অংশ থাকে। এইবোৰক ভিলাই বোলা হয়।


১৮) বৃহদান্ত্ৰ কাক বোলে? 

উত্তৰঃ- ক্ষুদ্ৰান্ত্ৰৰ ইলিয়াম অংশই শেষ প্ৰান্তত  কিছু শকত আৰু খাঁজযুক্ত নলী গঠন কৰে। ইয়াক বৃহদান্ত্ৰ বোলে।


১৯) ৰোমন্থক প্ৰাণী কাক বোলে? উদাহৰণ দিয়া?

উত্তৰঃ- যিবোৰ প্ৰাণীয়ে পাগুলা খাদ্য বোৰ পুনৰ মূখলৈ ঘূৰাই আনি সম্পৰ্ণভাৱে চোবাই গিলি থ'ব পাৰে তাতে ৰোমন্থক প্ৰাণী বোলে। 


২০) পায়ু কাক বোলে?

উত্তৰঃ- মলভাণ্ডৰ বাহিৰৰ মূৰত এটা ছিদ্ৰ আছে। ইয়াকে পায়ু বোলে।

 

Type By Dimpal Bora