গোট-১

ভাৰতীয় সংস্কৃতি 


A. অতি চমু প্রশ্নাবলী :

মূল্যাংক : ১ নম্বৰকৈ

১৷ অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ কোন যুগৰ কথা সোঁৱৰাই দিয়ে?
[HSLC '06, '08]
২। কোন গৰাকী মোগল সম্ৰাটৰ আমোলত চিত্ৰ-শিল্পৰ নতুন ধাৰা পোন প্ৰথমে ভাৰতত প্ৰৱেশ কৰে ? [HSLC 107]
৩। 'ফ্রম ভগা টু গংগা' নামৰ কিতাপখনৰ লেখক কোন ? [HSLC '09,16, '18]
৪। ‘ভাৰতীয় সংস্কৃতি' নামৰ প্ৰবন্ধটোৰ লেখক কোন? | [HSLC '09]
৫। ‘মধ্য এচিয়াকা ইতিহাস' কোনে লিখিছিল ? [HSLC'17]
৬। ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি কোন? [HSLC'19]

৭ । কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? [HSLC 20]
B. চমু প্রশ্নাৱলী : মূল্যাংক : ২/৩/৪ নম্বৰকৈ
১। সকলো আৰ্টৰ মূলতে কি কি দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায় ?
[ HSLC 06]

২। ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ বিষয়ে এটি চমুটোকা যুগুত কৰা ৷ [HSLC '01, '03]
৩। দাক্ষিণাত্যৰ ভাস্কৰ্যৰ বৈশিষ্ট্য কেনে ধৰণৰ, চমুকৈ লিখা। [HSLC '06, '08]

৪। ‘ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু' বুলি লেখকে কিয় কৈছে ?
[HSLC '09]
৫। লিখকে ভাৰত বুৰঞ্জীক কিয় ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ বুৰঞ্জী বুলি কৈছে? [HSLC '16]
৬। অজন্তাৰ ছবিবোৰত কি কি ভাববস্তু প্রকাশ পাইছে? [HSLC'17]


৭। 'সভ্যতা আৰু সংস্কৃতি' শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা। [HSLC'18]


৮। সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।' ইয়াত উল্লেখ কৰা বিপৰীত পন্থা দুটাৰ বিষয়ে লিখা । [HSLC'18]


৯। “পুৰণি ভাৰত বুৰঞ্জী যেনেকৈ অভিযানৰ বুৰঞ্জী তেনেকৈয়ে সমন্বয়ৰো বুৰঞ্জী কথাষাৰ মুকলিকৈ বুজাই লিখা । [HSLC'19]

১০। মোগল সম্রাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা। [HSLC '20]
১১। অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। [HSLC [20]
C. ৰচনাধর্মী প্রশ্নাৱলী :
মূল্যাংক : ৫/৬/৭/৮ নম্বৰকৈ | ১। “ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু।” কথাষাৰৰ যুক্তিযুক্ততা ‘ভাৰতীয় সংস্কৃতি' পাঠৰ আধাৰত চমুকৈবিশ্লেষণ কৰা। [HSLC '04, '07,'09, 16, '19]


২। “স্থানীয় সংস্কৃতিৰ লগত বহিৰাগত সংস্কৃতিৰ যুগে যুগে মিলন ঘটি অহাৰ বাবে ভাৰতীয় সংস্কৃতিয়ে এক মহীয়ান ৰূপ লৈছে।” - কথাষাৰ তোমাৰ পাঠ্যপুথিৰ আধাৰত বুজাই লিখা । [HSLC 202]
৩। প্ৰাক্‌ মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটি আলচ আগবঢ়োৱা। [HSLC '02]


৪। “অজন্তাৰ ছবিবোৰত দুটা ভাৱ-বস্তু প্ৰকাশ পাইছে।” —এই দুটা ভাৱ-বস্তু কি কি, পাঠৰ আধাৰত বুজাই লিখা। [HSLC'08]
৫। ‘ভাৰতীয় ভৌগলিক জীৱন বৈচিত্র্যময়’- কথাষাৰ - মুকলিকৈ বুজাই লিখা ।[HSLC 17]
৬। ‘সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।' – তাৎপৰ্য বিচাৰ কৰা। [HSLC 18]


৭। ‘লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।'—কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল ? এই ৰূপান্তৰ কিদৰে ঘটিছিল, বুজাই লিখা । [HSLC 18]

৮। ব্যাখ্যা কৰা : (ক) “ভাৰত বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত এটা সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল তাৰ প্ৰমাণো অলেখ আছে।” [HSLC 02]
(খ) “সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।”[HSLC '01, '04]
(গ) সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা। [HSLC '03]
(ঘ) ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু।[HSLC '06]


Type by- Bikul Mandal